অসমীয়া সংগীতত এক নিজস্ব ধাৰা সৃষ্টি কৰা অসমৰ জনপ্ৰিয় সংগীত শিল্পী গৰাকীক হেৰুৱাই শোকোত ভাগি পৰিছে সকলো। ভাৰতীয় বিদেশ মন্ত্ৰালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ নিশ্চিত কৰাৰ লগতে কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অসমীয়া সংবাদ মাধ্যমক অবগত কৰা অনুসৰি তেওঁলোকে ছিংগাপুৰৰ বিদেশ মন্ত্ৰালয়ৰ সৈতে সক্রিয় যোগাযোগত আছে। ছিংগাপুৰ চৰকাৰী সূত্ৰই ভাৰতীয় মন্ত্ৰালয়ক জনাইছে যে, ছিংগাপুৰত অনুষ্ঠিত হ’বলগীয়া নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ যোৱা শিল্পী গৰাকীয়ে স্কুবা ডাইভিংৰ সময়ত দুৰ্ঘটনাৰ ফলত চিকিত্সালয়ত মৃত্যুবৰণ কৰা বুলি সদৰী কৰিছে। মন্ত্ৰালয়ে ইতিমধ্যে জুবিনৰ নশ্বৰ দেহ অসমলৈ ঘূৰাই আনিবলৈ সকলো পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।
জুবিন গাৰ্গৰ এই আকস্মিক মৃত্যুতে অসমৰ সাংস্কৃতিক জগত শোকাহত। মুখ্যমন্ত্ৰী শৰ্মাই এই ক্ষতিকে ‘অসমৰ বাবে অপূৰ্ব ক্ষতি’ বুলি বৰ্ণনা কৰি শোক প্রকাশ কৰিছে। জুবিনৰ পত্নী গৰিমা শইকীয়া আাৰু পৰিয়ালৰ সদস্যসকলে ইতিমধ্যে ছিংগাপুৰলৈ গৈছে। কোনো সমস্যাৰ সন্মুখীন নহ’লে সম্ভৱত দেওবাৰে জুবিন গাৰ্গৰ নশ্বৰ দেহ অসম পাবহি বুলি আশা প্ৰকাশ কৰিছে।
প্ৰসংক্ৰমে ৩১ অক্টোবৰত শুভমুক্তিৰ অপেক্ষাত আছিল জুবিন গাৰ্গ অভিনীত অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’। কিন্তু ছবি খনৰ মুক্তিৰ পূৰ্বে শিল্পীগৰাকীৰ আকস্মিক মৃত্যুত সকলো দুখত ভাগি পৰিছে।
জুবিন গাৰ্গৰ উপস্থাপনা আৰু ৰাজেশ ভূঞাৰ দ্বাৰা পৰিচালিত এই অসমীয়া বাণিজ্যিক ফিচাৰ ছবিখন প্ৰথমবাৰ এনামৰ্ফিক লেন্সৰ ব্যৱহাৰৰ বাবে দৃশ্য গ্ৰহণ কৰিছিল। ছবিখনত জুবিন গাৰ্গে অন্ধ গায়ক ৰ’ৱেল নামৰ চৰিত্ৰত অভিনয় কৰিছে।