ক’ভিড-১৯ নিগেটিভ জুবিন-গৰিমা, ঘৰলৈ উভটি পিতৃক লগ পাই আৱেগিক

Zubeen, Garima test COVID-19 negative, returns home

যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গ আৰু পত্নী গৰিমা গাৰ্গ ক’ভিড-১৯ নিগেটিভ ওলোৱাৰ পিছত বৃহস্পতিবাৰে নিজ ঘৰত উপস্থিত হৈছে৷

দুমাহৰ মূৰত ঘৰত উপস্থিত হৈ পিত়ৃক লগ পাই আৱেগিক হৈ পৰে জুবিন গাৰ্গ৷

৮ মে’ৰ ৰাতিপুৱা পুৱা মুম্বাইৰ আন্ধেৰীৰ পৰা সোমবাৰে মাজনিশা ২.৩০ বজাত সৰুসজাইত কুৱাৰেণ্টিন চেণ্টাৰত উপস্থিত হৈছিল জুবিন গাৰ্গ৷

সৰুসজাইত উপস্থিত হোৱাৰ পিছতেই জুবিনৰ লগতে সংগীসকলৰ স্বাব সংগ্ৰহ কৰা হৈছিল৷

তাৰপিছতে হোটেল ৰেডিচন ব্লুত কুৱাৰেণ্টিন কৰা হৈছিল জুবিন-গৰিমাসহ সতীৰ্থ দুই শিল্পীক৷

বৃহস্পতিবাৰে স্বাব টেষ্টৰ ফলাফল নিগেটিভ অহাত তেওঁলোকক ঘৰলৈ হ’ম কুৱাৰেণ্টাইনত পঠিওৱা হয়।

৮ মাৰ্চত চিকিৎসাৰ বাবে মুম্বাইত গৈছিল জুবিন গাৰ্গ৷ কৰ’না মহামাৰীৰ বাবে লকডাউন ঘোষণা কৰাত মুম্বাইতে আবদ্ধ হৈ পৰিছিল শিল্পীগৰাকী৷