NORTHEAST NOW (Assamese)

জুবিন গাৰ্গৰ পিতৃ আৰু গৰিমা গাৰ্গৰ পিতৃ-মাতৃ কোভিড-১৯ পজিটিভ

September 12, 2020 6:31 am · কল্পজ্যোতি শইকীয়া

জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰৰ শৰীৰত ধৰা পৰিছে কোভিড-১৯ পজিটিভ।

তেওঁৰ লগতে তেওঁৰ শহুৰ-শাহু অৰ্থাৎ গৰিমা গাৰ্গৰ পিতৃ-মাতৃ কোভিড-১৯ পজিটিভ বুলি জানিব পৰা গৈছে।

এক ঘনিষ্ঠ সূত্ৰই জনাইছে এই কথা।

তেওঁলোক তিনিওগৰাকী জুবিন গাৰ্গৰ কাহিলিপাৰাৰ ঘৰত আছিল।

কোভিড-১৯ চিনাক্ত হোৱাৰ পাছত তেওঁলোকক IIT গুৱাহাটী কোভিড কেয়াৰ চেণ্টাৰত ৰখোৱা হৈছে বুলি সূত্ৰটোৱে জনাইছে।

তেওঁলোকৰ কোভিডৰ লক্ষণ হিচাপে জ্বৰ আৰু কাঁহ হোৱা বুলি জানিব পৰা গৈছে। এন্টিজেন টেষ্টত তেওঁলোকৰ কোভিড-১৯ পজিটিভ ধৰা পৰে।

উল্লেখযোগ্য যে, অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা  ১৩৮৩৩৯ গৰাকী ৷

ৰাজ্যত সম্প্ৰতি ৩২২০৫ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷

সুস্থ হোৱা ৰোগীৰ সংখ্যা – ১০৫৭০১ গৰাকী।

মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা ৪৩০ গৰাকী।

Related News