• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অচিৰেই অগপৰ নেতৃবৃন্দই ৰাষ্ট্ৰীয় দল বিজেপিত যোগদান কৰিব : সুনীল ৰাজকোঁৱৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 20, 2018 6:11 pm
AAGP
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত উত্তৰ-পূবৰ বিশেষ মৰ্য্যদা কৰ্তন কৰিলে। নৰেন্দ্ৰ মোদীয়ে অষ্টলক্ষ্মী আখ্যা দি উত্তৰ-পূবৰ সম্পদসমূহ লুণ্ঠন কৰিবলৈ আৰম্ভ কৰিছে।‘

এই অভিযোগ আঞ্চলিকতাবাদী অসম গণ পৰিষদৰ সভাপতি সুনীল ৰাজকোঁৱৰৰ। আজি মহানগৰীৰ প্ৰেছ ক্লাবত এখন সংবাদমেল আয়োজন কৰি আঞ্চলিকতাবাদী অসম গণ পৰিষদৰ সভাপতিজনে এই মন্তব্য কৰে।

এই সন্দৰ্ভত তেওঁ অধিক বাখ্যা আগবঢ়াই কয়, ‘২০১৫ চনৰ পৰা বিজেপি চৰকাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিশেষ ৰাজ্যৰ মৰ্য্যদা কৰ্তন কৰিলে। এই কাৰ্য্যৰ জৰিয়তে বিজেপি চৰকাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক চৰম প্ৰতাৰণা কৰিছে।’

তদুপৰি ৰাজকোঁৱৰে অন্ধ্ৰপ্ৰদেশৰ মুখ্য মন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ পদত্যাগ প্ৰসংগ টানি কয়, ‘অন্ধ্ৰপ্ৰদেশে বিশেষ ৰাজ্যৰ মৰ্য্যাদা লাভ নকৰা বাবে চন্দ্ৰবাবু নাইডুৱে বিজেপি দলৰ সংগ ত্যাগ কৰিছে। অথচ অসমৰ পৰা বিশেষ ৰাজ্যৰ মৰ্য্যাদা কৰ্তন কৰাৰ পিছতো বিজেপিৰ মিত্ৰ দল অগপ দলৰ নেতৃত্বই বিজেপি চৰকাৰৰ ওচৰত মূৰ দোঁৱাই আছে। অসমৰ আঞ্চলিকতাবাদী দল অগপৰ  নেতৃত্ববৃন্দই অসমৰ ৰাইজক বিশ্বাসঘাতকতা কৰিছে লগতে প্ৰৱঞ্চনা কৰিছে।‘’

আনহাতে সভাপতি ৰাজকোঁৱৰে বিজেপি দলক মিছলীয়া আখ্যা দি কয় ‘’তেওঁলোকে নিৰ্বাচনৰ পূৰ্বে মিছাৰ আশ্ৰয় লোৱাৰ লগতে প্ৰচাৰ মাধ্যমসমূহতো মিছা কথা কোৱা আমি দেখিবলৈ পাইছো। শেহতীয়াকৈ পৱিত্ৰ বিধানসভাৰ মজিয়াতো বিজেপি দলে অসমক বিশেষ ৰাজ্যৰ মৰ্য্যদাৰ পৰা বঞ্চিত কৰা নাই বুলি মিছাৰ আশ্ৰয় লৈছিল। অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰীসকলে বৰ্তমান বিশ্বাসঘাতক তথা প্ৰতাৰক হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে।‘’

বিজেপি দলে পূজা- উৎসৱ অনুষ্ঠিত কৰা তথা মিছা কথা কোৱা আৰু বিশ্বাসঘাতকতাত বিশ্ব অভিলেখ গঢ়িছে বুলি আঞ্চলিকতাবাদী অসম গণ পৰিষদৰ সভাপতিগৰাকীয়ে তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

তদুপৰি তেওঁ মিত্ৰদল অগপক কটাক্ষ কৰি কয়, ‘’আঞ্চলিকতাবাদ প্ৰতিষ্ঠাৰ নামত অগপই বিশ্ব ৰেকৰ্ড কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। কাৰণ বিশ্ব কঁপাই যোৱা তথা ৮৫৫জন শ্বহীদৰ বলিদান দিয়া অসম আন্দোলনৰ পিছতে এই অসম গণ পৰিষদ দলৰ জন্ম হৈছিল তথা তেওঁলোকে চৰকাৰ গঠন কৰিছিল। কিন্তু লজ্জাজনক কথা যে বিজেপি দলৰ সন্মুখত এই অসম আন্দোলনৰ নেতৃত্বত থকা অগপৰ নেতৃত্বই আত্মসমৰ্পণ কৰিছে।’

তেওঁ লগতে কয়, ‘অসমৰ ১৮ টাকৈ তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিওঁতে অগপ দলৰ নেতৃবৃন্দই কোনো ধৰণৰ প্ৰতিবাদ নকৰিলে। লগতে বৃহৎ নদীবান্ধ নিৰ্মাণৰ ক্ষেত্ৰত পূৰ্বতে প্ৰতিবাদ কৰিছিল যদিও বৰ্তমান সংসদ-বিধানসভাত বৃহৎ নদীবান্ধৰ প্ৰস্তাৱ গৃহীত হোৱাৰ পিছতো তেওঁলোক মৌন হৈ থাকিল। তাৰোপৰি বিজেপি দলে চক্ৰান্তমূলকভাৱে অবৈধ বাংলাদেশীক বৈধ কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তো তেওঁলোক নীৰৱ হৈ আছে।‘

সংসদত নাগৰিকত্ব সংশোধনী আইনখন গৃহীত হ’লে অগপ দলে মিত্ৰজোঁটৰ পৰা পদত্যাগ কৰিম বুলি কোৱা কথাষাৰ সন্দৰ্ভত কটাক্ষ কৰি ৰাজকোঁৱৰে কয়, ‘’সেই কথাৰ জৰিয়তে অসমবাসীৰ কি লাভ হ’ব। তেওঁলোকে সুযোগ-সুবিধাতো লৈয়ে থাকিল। অগপ দলৰ ভাল দিনত কিছু সংখ্যক নেতাই দলৰ পৰা নিজৰ সুযোগ-সুবিধাসমূহ গ্ৰহণ কৰিলে। মন্ত্ৰিত্ব লাভ কৰাকে ধৰি তেওঁলোক বিধায়ক হৈ বিভিন্ন চৰকাৰী সা-সুবিধা গ্ৰহণ কৰিলে। তাৰ পিছত তেওঁলোকে দলটোৰ বেয়া দিনত পদত্যাগ কৰি বিজেপি দললৈ গুচি গ’ল।’

ইয়াৰোপৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপি-অগপৰ মিত্ৰতা সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে মিত্ৰতা হোৱাৰ আধাঘণ্টা আগলৈকে বিজেপি দলৰ সৈতে মিত্ৰতা নকৰো বুলি কৈ আছিল। গতিকে তেওঁলোকে আগন্তুক পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা নকৰো বুলি কোৱা কথাষাৰ অসমবাসী ৰাইজে মানি ল’বলৈ টান পাইছে। অগপ দলটোৰ নেতাসকলে অচিৰেই ৰাষ্ট্ৰীয় দল বিজেপিত যোগদান কৰিব বুলি আমাৰ ধাৰণা হৈছে। তেতিয়াই আঞ্চলিকতাবাদৰ প্ৰকৃত চৰিত্ৰটো ৰাইজৰ সন্মুখত প্ৰতিষ্ঠিত হ’ব। বৰ্তমান অগপ নেতৃত্ববৃন্দই বিজেপি দলৰ বি-টীম হিচাপে কাম কৰি আছে।’

আনহাতে নেতাজনে বিজেপি দলৰ সাধাৰণ কৰ্মীসকলে কোনো সা-সুবিধা লাভ কৰা নাই বুলি কোৱাৰ লগতে নতুনকৈ যোগদান কৰাসকলেহে বিজেপিৰ পৰা মুনাফা আদায় কৰি আছে বুলি মন্তব্য কৰে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

September 14, 2025 4:10 pm
ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

September 14, 2025 2:59 pm
২৬ জনৰ জীৱনতকৈ টকা বেছি গুৰুত্বপূৰ্ণ! ভাৰত-পাকিস্তানৰ মেচক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ওৱেইচিৰ

২৬ জনৰ জীৱনতকৈ টকা বেছি গুৰুত্বপূৰ্ণ! ভাৰত-পাকিস্তানৰ মেচক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ওৱেইচিৰ

September 14, 2025 2:42 pm
চেন্নাইত অসম স্পিৰিচুৱেল ছ’চাইটীৰ উদ্যোগত দুৰ্গা পূজা ২০২৫-ৰ আয়োজন

চেন্নাইত অসম স্পিৰিচুৱেল ছ’চাইটীৰ উদ্যোগত দুৰ্গা পূজা ২০২৫-ৰ আয়োজন

September 14, 2025 2:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

September 14, 2025 4:10 pm
ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

September 14, 2025 2:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd