আজি ঘোষণা কৰা ৬৫ সংখ্যক চলচ্চিত্ৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত ৫টা শাখাত অসমলৈ গৌৰৱ কঢ়িয়াই অনা চলচ্চিত্ৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’ আৰু ‘ইশ্বু’ পৰিচালক, শিল্পীসকলকলক অভিনন্দন জ্ঞাপন কৰিছে।
মুখ্যমন্ত্ৰী সোণোৱালে কয় যে ৰীমা দাসৰ পৰিচালনাৰ চলচ্চিত্ৰ ভিলেজ ৰকষ্টাৰ্ছ ৬৫সংখ্যক ৰাষ্ট্ৰীয় বঁটাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে নিৰ্বাচিত হৈছে বাবে তেওঁ যুৱ চলচ্চিত্ৰ নিৰ্মাতাগৰাকীলৈ অভিনন্দন জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে শিশুশিল্পীৰ শ্ৰেষ্ঠ বঁটা বিজয়ী ভনিতা দাস আৰু শ্ৰেষ্ঠ লোকেশ্যন ছাউণ্ড ৰেকৰ্ডিষ্ট মল্লিকা দাসক অভিনন্দন জনায়। তেওঁ আশা প্ৰকাশ কৰে যে এই চলচ্চিত্ৰখনৰ কৃতকাৰ্যতাই নিশ্চিতভাৱে অসমীয় চলচ্চিত্ৰ উদ্যোগটোত এটা নতুন আৰম্ভণি কৰিব।
মুখ্যমন্ত্ৰী সোণোৱালে আঞ্চলিক শাখাত (অসমীয়া) শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা কঢ়িয়াই অনা ইশ্বু চলচ্চিত্ৰৰ পৰিচালক উৎপল বৰপূজাৰীকো অভিনন্দন জনায়।
উল্লেখ্য যে ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছে ৬৫সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ সম্পাদনাৰ বঁটাও লাভ কৰিছে।