অসমীয়াৰ বিড়ম্বনাৰ অন্ত নাই। আশীৰ দশকৰ পৰা অসমীয়া জনসাধাৰণে কেৱল আন্দোলনৰ মাজতে জীয়াই আছে। সকলো সময়তে অসমীয়াই নিজৰ অস্তিত্বক লৈ চিন্তা কৰি থাকিবলগীয়া হৈছে। ক’বলৈ গ’লে আশীৰ দশকৰ পৰাই অসমৰ ৰাজনীতি,অৰ্থনীতি তথা সামাজিক দিশত সৃষ্টি হোৱা পৰিৱৰ্তনে অসমীয়াৰ বাবে প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে।
অবৈধ বিদেশী বিতাড়নৰ দাবীত ছয় বছৰ ধৰি চলা আন্দোলনটোৱে অসমীয়াৰ চিন্তা-চেতনা, দৃষ্টিভংগীত পৰিৱৰ্তনৰ সূচনা কৰা বুলি ক’ব পাৰি। আন্দোলনকালীন সময়ছোৱাত অসমীয়া জাতিৰ বৃহৎ ক্ষতিসাধন হৈছে। কিন্তু সেই ক্ষতি পূৰণ কৰিব পৰাকৈ পৰৱৰ্তী পৰ্যায়ত শক্তিশালী নেতাৰ অভাৱ পৰিলক্ষিত হ’ল।
সদৌ অসম ছাত্ৰ সন্থা, চমুকৈ আছুৰ নেতৃত্বত অসম আন্দোলনে ব্যাপক সঁহাৰি লাভ কৰাৰ সময়তো এচাম লোকে আন্দোলনৰ উদ্দেশ্যক সন্দেহৰ চাবলৈ লৈছিল আৰু সেই সময়ৰ শাসকীয় দলৰ সৈতে মিতিৰালি কৰি আন্দোলনটোক ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল। প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে এনে কিছুমান লোকৰ প্ৰৰোচনা আৰু ভুল ব্যাখ্যাৰ দ্বাৰা পৰিচালিত হৈ আন্দোলনটোক দমন কৰাৰ চেষ্টা চলাইছিল। বিভিন্ন কূট-কৌশল ৰচনা কৰি আন্দোলনটোক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছিল। কিন্তু তাৰ মাজতো সেই সময়ৰ আন্দোলনৰ নেতৃত্বই প্ৰথম তিনিবছৰ ধৰি শক্তিশালী স্থিতি গ্ৰহণ কৰি আন্দোলনটোক বিশ্বত পৰিচিত কৰাবলৈ সক্ষম হৈছিল।
আন্দোলনকালীন সময়ছোৱাত সেই সময়ৰ শাসনৰ গাদীত থকা কংগ্ৰেছ চৰকাৰে আন্দোলনকাৰীসকলৰ মাজত বিভাজনৰ সৃষ্টি কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছিল। কংগ্ৰেছৰ চিৰাচৰিত সংখ্যলঘু প্ৰীতিৰ আলমত ৰাজ্যখনত সাম্প্ৰদায়িক বিদ্বেষৰ উদ্ভৱ হৈছিল। বিভিন্ন ঠাইত সৰু-সুৰা বিক্ষিপ্ত ঘটনা ঘটিছিল আৰু সেইবোৰত তদানীত্বন কংগ্ৰেছ চৰকাৰে অসমীয়া মানুহক চি আৰ পি, মিলিটাৰীৰ হতুৱাই দমন কৰাৰ প্ৰয়াস কৰিছিল। কংগ্ৰেছৰ আকোঁৰগোজ স্থিতিয়েই অসমত এক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰাত অৰিহনা যোগাইছিল আৰু তিৰাশীৰ সেই ভয়াবহ দিনবোৰ অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিবলগীয়া হৈছিল।
সেই সময়ৰে পৰা অসমৰ সমাজ জীৱনত বিশ্বাসৰ যি আধাৰ সেয়া প্ৰায় অন্তৰ্হিত হৈ পৰিছে। দুৰ্ভাগ্যজনকভাৱে, সেই সময়ত কংগ্ৰেছে এপিনে আন্দোলনকাৰী তথা ইয়াৰ সমৰ্থকসকলৰ ওপৰত নিৰ্যাতন চলাইছিল আৰু আনপিনে আন্দোলনৰ বিৰোধিতা কৰা আৰু চৰকাৰৰ পক্ষ গ্ৰহণ কৰা এচামক বিভিন্ন সা-সুবিধা প্ৰদান কৰি পুৰস্কৃত কৰিছিল। এনে সুবিধাসকলে পৰৱৰ্তী সময়ত অসমীয়া জাতীয়তাবাদী ধাৰাটোক ধ্বংস কৰাৰ অহৰহ প্ৰযত্ন চলাই আহিছে। সেইদৰেই আন্দেলনকালীন সময়ছোৱাত কংগ্ৰেছে অসমৰ সমাজ জীৱনত এক অপূৰণীয় ক্ষতি কৰি থৈ গ’ল।
অসম চুক্তিৰ পৰিণতিত জন্ম হোৱা আঞ্চলিকতাবাদী ৰাজনীতিয়েও অসমীয়া মানুহৰ ভাগ্য নিৰ্ধাৰণ কৰাত পুতৌজনকভাৱে ব্যৰ্থ হ’ল। অসমত সমান্তৰালভাৱে সৃষ্টি হোৱা সশস্ত্ৰ সংগ্ৰামৰ নামত অসমীয়া যুৱ শক্তিৰ মাজত নেতিবাচক চিন্তাৰ প্ৰসাৰ ঘটিল।তদুপৰি, অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীয়ে আত্ম নিয়ন্ত্ৰণৰ অধিকাৰ বিচাৰি চলাই অহা আন্দোলনবোৰেও ৰাজ্যখনৰ বাবে সৃষ্টি কৰিছে এক অনাহুত পৰিস্থিতিৰ। প্ৰতিটো জনগোষ্ঠীৰ লোকে এতিয়া নিজকে অসমীয়া বুলি গৌৰৱ কৰাৰ মানসিকতা ত্যাগ কৰিছে। ইয়াৰ বাবে আমাৰ জাতীয় অনুষ্ঠানসমূহৰ ভূমিকা অৱশ্যেই নিৰাশাজনক। আনহাতে, ৰাজ্যৰ ৰাজনীতি অৰ্থনীতিয়ে ৰাজ্যবাসীৰ আস্থা হেৰুৱাই পেলোৱাৰ উপক্ৰম কৰাৰ সময়তে অসমৰ সমাজ জীৱনো হৈ পৰিছে কলুষিত। নিতৌ হত্যা, ধৰ্ষণ, অপহৰণ আদিৰ ঘটনাই অসমৰ সমাজ জীৱনৰ নৈতিক অৱনমনৰ ছবিকে দাঙি ধৰে।
দীৰ্ঘকালীন ৰাজনৈতিক নেতৃত্বৰ দুৰ্বলতা, আন্দোলনকাৰী নেতাৰ স্বাৰ্থপৰতা আৰু প্ৰকৃত দিশ নিৰ্দেশনা দিব পৰা সমাজবিদ, বুদ্ধিজীৱীৰ অভাৱে অসমীয়াৰ আজিৰ বিড়ম্বনাৰ কাৰণ। অসমীয়াৰ ঐক্যবদ্ধতা নোহোৱা লক্ষ্যহীন যাত্ৰা, যোগ্যতাৰ বিচাৰ নোহোৱা আদি কাৰণতে বহিৰাগত শ্ৰেণীয়ে অসমত লুণ্ঠন চলোৱাৰ সুযোগ লাভ কৰিছে। অসমত বহিৰাগত আগ্ৰাসনৰ বিৰুদ্ধে সংঘবদ্ধ চিন্তা-চৰ্চা হোৱা দেখা নাযায়। ভিন ভিন সংগঠনে বিভিন্ন সময়ত এই বিষয়ক লৈ সোচ্চাৰ হোৱা দেখা যায় যদিও তেওঁলোকৰ বিৰুদ্ধে “মেনেজ’ হোৱাৰ অভিযোগ শুনা যায়।তদুপৰি আমাৰ চৰকাৰেও বহিৰাগত বনিক শ্ৰেণীক ব্যাপক মাত্ৰাত সা-সুবিধা প্ৰদান কৰি ৰঙা দলিচা পাৰি আদৰি অনাহে দেখা যায়।থলুৱা উদ্যোগী, যুব উদ্যোগীসকলে তাঁত-বাতি কাঢ়িও চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হয়।
অসমৰ জাতীয়তাবাদ ধাৰাটোক মষিমূৰ কৰিবলৈ দিল্লীয়ে সদায় চেষ্টা কৰি আহিছে। ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবোৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সম্পদসমূহৰ ওপৰত দৃষ্টি ৰাখি ইয়াত এজেন্ট কিছুমান তৈয়াৰ কৰাৰ চেষ্টা কৰে। এই এজেন্টসমূহৰ জৰিয়তে ৰাজনৈতিকভাৱে আৰু জাতিটোৰ আবেগিক বিষয়বোৰক ব্যৱহাৰ কৰি একে ৰাতিৰ ভিতৰতে আমাৰ অতি আপোন হৈ পৰে। অসম আৰু অসমীয়াৰ দুৰৱস্থাৰ সমভাগী হোৱাৰ নাটক কৰি তেওঁলোকৰ অন্তৰ্নিহিত উদ্দেশ্য পূৰণত অগ্ৰসৰ হয়।
বৰ্তমান অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬’ৰ বিৰোধিতাৰে এক প্ৰবল আন্দোলনমুখী পৰিস্থিতিৰ সৃষ্টি হৈছে। বিভিন্ন দল-সংগঠনে ইয়াৰ নেতৃত্ব লোৱাৰ বাবে উঠি পৰি লাগিছে। হঠাৎ জাতীয়তাবাদী হৈ পৰা নেতাৰ সংখ্যা অনেক বৃদ্ধি পাইছে। কিন্তু এইসকলৰ পৰা অসমৰ বা অসমীয়াৰ বাবে কিবা কৰিব পৰা পৰিকল্পনা আছেনে সেয়া বিচাৰ কৰি চোৱাৰ প্ৰয়োজন আছে। জাতীয়তাবাদী চৰিত্ৰৰ ব্যক্তিৰ হাততহে জাতীয়তাবাদৰ নেতৃত্ব সুৰক্ষিত থাকিব। সকলো বিষয়তে মূৰ গলোৱা আৰু প্ৰতিটো ইচ্ছ্যুতে ভেকুলী জাপ মৰা নেতাৰ পৰা সাৱধান হোৱা ভাল।
বৰ্তমান চলি থকা নাগৰিকপঞ্জীৰ কাম সুকলমে হ’বলৈ দিয়াটো প্ৰতিজন অসমীয়াৰে এক জাতীয় দায়িত্ব বুলি ধৰা উচিত। বহুতেই এতিয়া নাগৰিকপঞ্জীৰ কামত বাধা দিয়াৰ বাবে চেষ্টা চলাই আছে। সেয়েহে পৰিস্থিতিৰ অইন পিনে ঢাল খুৱাই তেওঁলোকৰ স্বাৰ্থ সিদ্ধিৰ বাট মুকলি কৰিব পাৰে। সেই বিষয়ত সকলোৱে সাৱধান হোৱা উচিত। ছদ্মবেশী জাতীয়তাবাদৰ পৰা সাৱধান নহ’লে অসম আৰু অসমীয়াৰ বিপদ বাঢ়িবহে পাৰে। সেয়েহে এই সন্ধিক্ষণত আমাৰ জাতীয়তাবাদৰ নেতৃত্ব কাৰ হাতত তুলি দিম সেয়া এক ডাঙৰ প্ৰশ্ন।