ৰাজ্যত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা ত্ৰিপুৰা আৰক্ষী অপৰাধমূলক কাৰ্যৰ অধিক তৎপৰ হোৱা পৰিলক্ষিত হৈছে। আৰক্ষীৰ অভিযানত নিতৌ জালত পৰিছে সৰু বৰ অপৰাধী। সেইদৰে বুধবাৰেও পশ্চিম ত্ৰিপুৰা জিলা আৰক্ষীয়ে গোলচক্কৰ অঞ্চলৰ পৰা আটক কৰে তিনিজন কুখ্যাত অপৰাধী ।
আচক কৰা অপৰাধীকেইজনৰ পৰা আৰক্ষীয়ে অস্ত্ৰ-সস্ত্ৰৰ লগতে বৃহৎ পৰিমানৰ চুৰি হোৱা সোণৰ আ-অলংকাৰৰ লগতে বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰে।
পশ্চিম ত্ৰিপুৰাৰ আৰক্ষী অধীক্ষক অভিজিৎ চপ্তাৰ্ষীৰ নেতৃত্বত পশ্চিম ত্ৰিপুৰা আৰক্ষীৰ অভিযানকাৰী দলটোৱে দুটা ঠাইত অভিযান চলাই এই তিনিজন অপৰাধীক আটক কৰিবলৈ সক্ষম হয়।
পশ্চিম ত্ৰিপুৰা আৰক্ষীয়ে অভিযানৰ সময়ত আটক কৰা অপৰাধী কেইজনৰ পৰা আৰক্ষীয়ে দুটা পিস্তল, এখন মটৰবাইক, বহু সংখ্যক মোবাইল ফোনৰ লগতে বহুটো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে।
সম্প্ৰতি পশ্চিম আগৰতলা আৰক্ষী থানাত আটকাধীন হৈ থকা অপৰাধী তিনিজনক ক্ৰমে চাহুন মিয়াহ, গৌতম সৰকাৰ আৰু উত্তম সৰকাৰ বুলি আৰক্ষীয়ে চিনাক্ত কৰিবলৈ সক্ষম হৈছে।
লক্ষণীয় যে অপৰাধমূলক কাৰ্যৰ অন্ত পেলাবলৈ ত্ৰিপুৰা আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰখাৰ সময়তে এনেদৰে ন ন কুখ্যাত অপৰাধী আৰক্ষীৰ জালত পৰা পৰিলক্ষিত হৈছে।