• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচলৰ ১৬৮ টা বান্ধে ধ্বংসস্তুপত পৰিণত কৰিব অসমক : শীঘ্ৰে বান্ধ নিৰ্মাণৰ কাম বন্ধ কৰাৰ দাবী কৃষক মুক্তিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 6, 2018 10:38 am
kamang
104
VIEWS
Share on FacebookShare on Twitter

৬০০ মেগাৱাটৰ বৃহৎ নদী বান্ধ প্ৰকল্প পৰীক্ষণ কালতে বৃহৎ ফাট মেলাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ , সভাপতি ৰাজু বৰা, ভাস্কোডি শইকীয়া আৰু সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ, মুকুট ডেকাই এক প্ৰেছ বিজ্ঞপ্তিত কয় যে উৎপাদন আৰম্ভ কৰাৰ পূৰ্বে পৰীক্ষণ কালত বৃহৎ ফাট মেলা ঘটনাই প্ৰমাণ কৰিলে বৃহৎ নদীবান্ধ অসমৰ বাবে কিমান ভয়াবহ হ’ব পাৰে।

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা বিজ্ঞপ্তিখনত উল্লেখ কৰা অনুসৰি বিৰোধী দল-সংগঠন আৰু ৰাইজে পূৰ্বৰে পৰা কৈ আহিছে যে ঠুনুকা শিলাস্তৰ আৰু অতিশয় ভূমিকম্প প্ৰৱণ অৰুণাচলত নদীবান্ধ নিৰ্মাণ কাহানিও নিৰাপদ নহয়।

আনহাতে, কামেং নদীবান্ধত মেলা বৃহৎ ফাটৰ ঘটনা নিৰ্মাণকাৰী প্ৰতিষ্ঠান নীপকোৱে গাপ দিয়াৰ চেষ্টা কৰাৰ  অভিযোগ তোলে কৃষক সংগঠনটোৱে। তেওঁলোকৰ মতে নিৰ্মাণকাৰী সংস্থাটোৱে বান্ধৰ নিৰাপত্তা আৰু নামনি অংশৰ নিৰাপত্তাৰ বিষয়ত তিলমানো গুৰুত্ব নিদি যিকোনো প্ৰকাৰে নদী বান্ধ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব বিচাৰিছে।

কামেং প্ৰকল্পত সংঘটিত হোৱা ঘটনাৰ দৰে নিৰ্মাণ হ’বলগীয়া ১৬৭ টা প্ৰকল্পতো এনে ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰে সংগঠনটোৱে।

উল্লেখযোগ্য যে অৰুণাচলত নতুনকৈ নিৰ্মাণ হ’বলগীয়া অন্য ১৬৭ টা নদী বান্ধে অসমৰ ক্ষেত্ৰত পেলাব পৰা প্ৰভাব সম্পৰ্কে সাময়িক অধ্যয়নৰ দাবী বিভিন্ন দল-সংগঠনে জনাই আহিছে যদিও এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে দাবী মানি নোলোৱাৰ এক গুৰুতৰ অভিযোগ উঠিছে।

তাৎপ্ৰয্যপূৰ্ণ ভাৱে অসম চৰকাৰে অৰুণাচলৰ নদীবান্ধৰ বিষয়ে এটাও শব্দ উচ্চাৰণ নকৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে। তেওঁৰ মতে ‘জাতি-মাটি-ভেটি ৰক্ষা কৰাৰ কথা কোৱা বিজেপি চৰকাৰ বৰ্তমান লবীৰ পকেটত।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd