• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৰ্কিড উদ্যানত উচ্ছেদ চলাব বিচৰাটো চৰকাৰৰ প্ৰতিশোধমূলক মনোভাব : হীৰেন গোহাঁই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 11, 2018 10:50 am
OrchidPark

কাজিৰঙাৰ দুজোপা মূল্যৱান অৰ্কিড, ফুলৰ সৈতে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“অৰ্কিড উদ্যানৰ ৬ বিঘা ১ কঠা ১২ লোচা মাটিত উচ্ছেদ চলাব বিচৰাটো ভিত্তিহীন আৰু চৰকাৰৰ প্ৰতিশোধমূলক মনোভাবৰ প্ৰতিফলন। অখিল গগৈ সম্পদ সৃষ্টিকাৰী কৃষক নেতা।” এই মন্তব্য কৰিছে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে।

উল্লেখযোগ্য যে, অৰ্কিড উদ্যানৰ প্ৰায় ৬ বিঘা মাটিত উচ্ছেদ চলাবলৈ বুলি চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি আজি বহুকেইগৰাকী বুদ্ধিজীৱী একত্ৰিত হৈ সংবাদমেল অনুষ্ঠিত কৰিছিল। উক্ত সংবাদমেলতে ড০ হীৰেন গোহাঁয়ে এই মন্তব্য কৰে।

তেওঁ একত্ৰিত হোৱা বুদ্ধিজীৱীকেইগৰাকী অখিল গগৈৰ সংগঠনৰ সদস্য নহয় বুলি কোৱাৰ লগতে কয়, “তেওঁ এগৰাকী প্ৰগতিশীল ব্যক্তিত্বৰ অধিকাৰী আৰু তেওঁৰ গণতান্ত্ৰিক আন্দোলনৰ প্ৰক্ৰিয়াক সন্মান জনাওঁ।”

আনহাতে, চৰকাৰে নিবনুৱাসকলক কৰ্মসংস্থাপন প্ৰদান কৰিব নোৱৰা কাৰ্য্যত অসন্তুষ্টি প্ৰকাশ কৰে। লগতে জীৱিকাৰ কাৰণে যুৱক-যুৱতীসকলে চাৰিওফালে হাহাকাৰ কৰা বুলি তেওঁ মন্তব্য কৰে। “নিবনুৱাসকলে চাৰিওফালে হাহাকাৰ কৰা সময়তে অখিল গগৈয়ে উদ্যোগ লৈ অৰ্কিড উদ্যানখন স্থাপন কৰি ৮৪টা পৰিয়ালক কৰ্ম সংস্থাপন দিয়াৰ উপৰি কাজিৰঙাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰাত সুন্দৰ ভূমিকা লৈছে। তাৰ কাৰণে পৰ্য্যটকৰ সুবিধা হৈছে।” এইদৰে কয় বিশিষ্ট বুদ্ধিজীৱীজনে।

তেওঁ অখিল গগৈক সম্পদ সৃষ্টিকাৰী বুলি আখ্যা দি কয় “তেওঁ কাৰো ক্ষতি সাধন কৰিব খোজা নাই। চৰকাৰৰ বিভিন্ন অন্যায়মূলক কাম-কাজত প্ৰতিবাদ কৰি অহা কাৰণে চৰকাৰে তেওঁক এনেকুৱা সিদ্ধান্ত লৈ প্ৰতিৰোধ কৰিব বিচাৰিছে।”

সংবাদমেলত তেওঁ চৰকাৰক এনেধৰণৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিবলৈ চৰকাৰক সকীয়াই দিয়াৰ উপৰি এই ক্ষেত্ৰত ৰাইজকো সজাগ হৈ প্ৰতিৰোধ কৰিবৰ বাবে আহ্বান জনায়।

তেওঁ লগতে কয় যে ৰামদেৱক সম্পদ সৃষ্টিৰ কাৰণে ১০০০ বিঘা ভূমি প্ৰদান কৰা হৈছে তথা কাজিৰঙাৰ ওচৰে-পাঁজৰে বিভিন্ন হোটেল-ৰিজ’ৰ্ট খুলি ব্যৱসায়ীসকলে বেদখল কৰি আছে। সেইবোৰলৈ চৰকাৰে চকু নাইদিয়া, কিন্তু অৰ্কিড উদ্যানত কু-দৃষ্টি নিক্ষেপ কৰিছে। ইয়াত চৰকাৰৰ অভিপ্ৰায় বুজিবলৈ কঠিন হৈছে।

“ভাৰতৰ ভিতৰত উত্তৰ-পূবতে ৭৫ শতাংশ অৰ্কিড আছে যদিও কোনেও সংৰক্ষণৰ কথা ভবা নাছিল, কেৱল অখিল গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ভাবিছিল অৰ্কিড উদ্যানে জৈৱ বৈচিত্ৰ্য ধৰি ৰাখিছে। তাৰ বিপৰীতে জৈৱ বৈচিত্ৰ্য হ্ৰাস কৰা প্ৰধান শত্ৰু হৈছে মাল্টি-নেশ্যনেল কোম্পানিসমূহ।” বিশিষ্ট বুদ্ধিজীৱীজনে এইদৰে কয়।

আনহাতে, একেখন সংবাদমেলতে উপস্থিত থকা কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালীয়ে চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলন কৰাৰ বাবে চৰকাৰে এই উচ্ছেদ চলাব বিচৰা বুলি মত পোষণ কৰি লগতে কয়, “এইখন চৰকাৰে আন্দোলন বেছি হৈছে বুলি কয়, কিন্তু কিয় হৈছে এবাৰ নিজেই নিজৰ গাত চিকুটি চোৱা ভাল।চৰকাৰে সমস্যা সৃষ্টি কৰি দিলে কোনো জনসাধাৰণ বহি থাকিব নেকি?’’

তদুপৰি সমবায় ভিত্তিক উদ্যানখন উদ্বোধন কৰিবলৈ বয়োজ্যেষ্ঠ সাংবাদিক হোমেন বৰগোহাঞিৰ সৈতে তেঁৱো গৈছিল বুলি উক্ত সংবাদমেলত উদয়াদিত্য ভৰালীয়ে জানিবলৈ দিয়ে।  লগতে উদ্যানখনৰ উদ্বোধনী অনুষ্ঠানত নগাঁৱৰ সাংসদ ৰাজেন গোহাঁই নিজে উপস্থিত আছিল বুলি তেওঁ সদৰী কৰে।

“কৃষক মুক্তিয়েতো লুকাই-চুৰকৈ একো কৰা নাছিল। সকলোকে দেখুৱাই উদ্বোধন কৰিছিল। প্ৰতিশোধমূলকভাৱে পূৰ্বৰ চৰকাৰে উদ্যানখন মুকলি হোৱাৰ ৪ দিন পূৰ্বে অখিল গগৈক গ্ৰেপ্তাৰ কৰিছিল।”

আনহাতে প্ৰশাসনে উচ্ছেদ কৰিবলৈ জাননী জাৰি কৰা প্ৰায় ৬ বিঘা মাটিৰ কিছু অংশত বহাগ বিহুত পৰম্পৰা ৰক্ষাৰ বাবে খোৱা ১০১ বিধ শাকৰ নমুনা সংৰক্ষিত থকা বুলি তেওঁ জানিবলৈ দিয়ে।

ইয়াৰোপৰি পৰ্য্যটকসকলে দৰ্শন কৰিবৰ বাবে বহুতো মূল্যৱান উদ্ভিদ সংৰক্ষণ কৰি ৰখা হৈছে বুলি কৈ তেওঁ লগতে কয় হোলোং গছ পাবলৈ নাইকিয়াই হৈছে। গছবোৰ কাটি খাস্তাং কৰি পেলাইছে।কিন্তু উচ্ছেদ কৰিবলৈ ওলোৱা ভূমিখিনিতে হোলোং গছ কেইজোপা মানো সংৰক্ষণ কৰি ৰখা হৈছে।

অৰ্কিড পাৰ্কৰ উচ্ছেদৰ সিদ্ধান্তৰ বিৰোধিতাৰে সংবাদমেল অসমৰ বিশিষ্ট বুদ্ধিজীৱীৰ। ফটো : য়ু বি।

উক্ত সংবাদমেলত উপস্থিত থকা আন এগৰাকী বুদ্ধিজীৱী তথা বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দীনেশ বৈশ্যই সাংবাদিকৰ আগত কয় যে জৈব্য বৈচিত্ৰ্যপূৰ্ণ উদ্যানখনত কেৱল উদ্যানেই নাই, তাত অসমৰ মূল্যৱান উদ্ভিদ আৰু বিলুপ্তপ্ৰায় শস্যৰ সঁচ সংৰক্ষণ কৰি ৰখা হৈছে।

আনহাতে, অৰ্কিড উদ্যানখন কৃষক নেতা অখিল গগৈৰ ব্যক্তিগত নহয় বুলি মন্তৱ্য কৰি তেওঁ কয় “এইখন সমবায়ভিত্তিক উদ্যান। ভাৰত তথা অসম চৰকাৰৰ সমবায় বিভাগৰ উদ্দেশ্য হৈছে সমবায় ভিত্তিত যি ভাল কাম কৰিব বিচাৰিছে তেওঁলোকক সহায়-সহযোগিতা আগবঢ়োৱা।”

তদুপৰি ড০ বৈশ্যই উচ্ছেদ কৰিবলৈ জাননী দিব বিচৰা ৬ বিঘা মাটিত গোৰ্খা সংগ্ৰহালয় থকা বুলি জানিবলৈ দিয়ে। এই সন্দৰ্ভত তেওঁ কয় “অসমত বসবাস কৰা সাংস্কৃতিক লোকসকলৰ সাংস্কৃতিক বৈশিষ্ট্য তথা ঐতিহ্য উক্ত সংগ্ৰহালয়ত সংগ্ৰহ কৰা হৈছে। গোৰ্খা সংগ্ৰহালয়টো সমগ্ৰ ভাৰতৰ এক ঐতিহ্য।”

আনহাতে, উক্ত সংবাদমেলত উপস্থিত থকা প্ৰাক্তন ৰাজহ বিষয়া জ্যোতিপ্ৰসাদ শইকীয়াই অৰ্কিড উদ্যান কিছু অংশ উচ্ছেদ কৰিব বিচৰা কাৰ্য্যক দুৰ্ভাগ্যজনক আখ্যা দিয়ে।

তেওঁ লগতে কয়, “অৰ্কিড উদ্যানে কাজিৰঙাৰ সৌন্দৰ্য্য বঢ়াই দিছে। অৰ্কিড উদ্যান উচ্ছেদ কৰাটো কেতিয়াও শুদ্ধ সিদ্ধান্ত নহয়। বিভিন্ন খণ্ডৰ অংশগ্ৰহণ কৰিলেহে পৰ্যটন ক্ষেত্ৰ এখনৰ বিকাশ হ’ব। উচ্ছেদ কৰাটো বিভ্ৰান্তিকৰ ধাৰণা। কাজিৰঙাৰ আকৰ্ষণত এই উদ্যানে যথেষ্ট অৰিহণা যোগাইছে।”

উক্ত সংবাদমেলত ড০ হীৰেন গোহাঁই, উদয়াদিত্য ভৰালী আৰু ড০ দীনেশ বৈশ্যৰ উপৰি জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্ত, প্ৰাক্তন ৰাজহ বিষয়া জ্যোতিপ্ৰসাদ শইকীয়া আৰু দেবেন তামুলী উপস্থিত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm
দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm
দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd