• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আকৌ লক্ষীপথাৰ! সেনা-আৰক্ষীৰ যুটীয়া অভিযানত আলফাৰ শিবিৰ উৎখাত

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
July 26, 2018 8:44 pm
IMG-20180726-WA0032 (1)
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ লক্ষীপথাৰ ফৰেষ্ট ডিভিজনত আজি সেনা আৰু আৰক্ষী বাহিনীৰ যুটীয়া অভিযান চলাই আলফাৰ (স্বা) এটা শিবিৰ উৎখাত কৰিছে। অভিযানকাৰী গোটটোৱে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী বাৰুদ উদ্ধাৰ কৰে।

সেনা বাহিনীৰ সূত্ৰত প্ৰকাশিত হোৱা মতে লক্ষীপথাৰ  ফৰেষ্ট ডিভিজনত দুই তিনিজন আলফা (স্বাধীন) সদস্যৰ উপস্থিতি সম্পৰ্কে চোৰাংচোৱা তথ্য লাভ কৰি সেনা বাহিনীৰ ৰাজপুতনা ৰাইফলফলছৰ ৯ম বেটেলিয়নে যোৱা নিশা এটা তালাচী অভিযান আৰম্ভ কৰে আৰু শিবিৰটো উৎখাত কৰে।

উল্লেখ্য যে সেনা বাহিনীৰ এই অভিযানটো হৈছে বিদ্ৰোহী আলফাৰ (স্বাঃ) জুলাইৰ ২৭ তাৰিখৰ চহিদ দিৱসৰ প্ৰাক মূহূৰ্তত সংগঠনটোৱে নিৰাপত্তা বাহিনীৰ ওপৰত কৰিব পৰা সাম্ভাব্য আক্ৰমণৰ এটা প্ৰতিৰোধাত্মক ব্যৱস্থা।

‘‘লক্ষীপথাৰ ফৰেষ্ট ডিভিজনত ২৪ ঘণ্টা জোৰা তালাচী অভিযান আৰু ঘেৰাওৰ পাছত সেনা বাহিনীৰ ৰাজপুতনা ৰাইফলফলছৰ ৯ম বেটেলিয়নৰ সেনাৰ গোটটোৱে নিষিদ্ধ-ঘোষিত বিদ্ৰোহী সংগঠনটোৰ এটা গোপন শিবিৰ উৎখাত কৰিবলৈ সক্ষম হয়। আলফা (স্বাঃ) সংগঠনটো উজনি অসমত অতি সক্ৰিয় অৱস্থাত আছে।’’ এগৰাকী সেনা বিষয়াই কয়।

সেনা বিষয়াগৰাকীয়ে কোৱা মতে আলফাৰ (স্বাঃ)শিবিৰটোৰ পৰা ৪টা পিষ্টল, এটা ৰিভলভাৰ, মাল্টি শ্বট গ্ৰেনেড লাঞ্চাৰৰ ২ ৰাউণ্ড গুলী, ৯ মি:মি: ৰিভলভাৰৰ ১১ ৰাউণ্ড গুলী, ২.২ মি:মি: পিষ্টলৰ ১৬ ৰাউণ্ড গুলী, একে-৪৭ ৰাইফলৰ ১ ৰাউণ্ড গুলী, এটা ৰেডিঅ’ ছেট, বেটাৰী আৰু চাৰ্জাৰ, কেইটামান মোবাইল ফোন, ১,৪৯,০০০ টকাৰ বিমুদ্ৰাকৃত টকা উদ্ধাৰ কৰা হয়।

তেওঁ আৰু কয় যে সেনা বাহিনীৰ লাইপুই ব্ৰিগেডৰ অন্তৰ্গত ৰাজপুতনা ৰাইফলফলছৰ ৯ম বেটেলিয়নৰ সেনাৰ গোটটোৱে উজনি অসমত আলফাৰ (স্বাঃ) প্ৰভাৱ হ্ৰাস কৰাৰ বাবে কেইবাটাও সফল অভিযান সম্পন্ন কৰিছে।

তেওঁ আৰু কয় যে এই অভিযানটো উজনি অসমত সক্ৰিয় হৈ থকা বিদ্ৰোহী সংগঠনসমূহৰ চলি থকা বিপক্ষে সেনা বাহিনীৰ গুৰুত্বপূৰ্ণ অভিযানৰ এটা অংশ।

বিষয়াগৰাকীয়ে আৰু জানিবলৈ দিছে যে আলফাৰ (স্বাঃ) স্বাধীনতা দিৱস উপলক্ষে সংগঠনটোৱে সেনা বাহিনীৰ বিৰুদ্ধে কূটাঘাতমূলক কামৰ প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে।

বিষয়াগৰাকীয়ে আৰু কৈছে যে উজনি অসমত আলফা (স্বাঃ) বিদ্ৰোহীৰ উপস্থিতি আৰু চালচলনৰ বাৰ্তা চোৰাংচোৱা সংস্থা আৰু স্থানীয় সূত্ৰসমূহে অহৰহ যোগান ধৰি আছে।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

September 15, 2025 5:38 pm
এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

September 15, 2025 5:38 pm
অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

September 15, 2025 5:09 pm
১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

September 15, 2025 4:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

September 15, 2025 5:38 pm
এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

September 15, 2025 5:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd