• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আঠজনকৈ বিধায়কৰ এন পি পিত যোগদানক লৈ অত্যন্ত উৎসাহী কনৰাড চাংমা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 30, 2017 12:36 pm
105
VIEWS
Share on FacebookShare on Twitter

পাঁচজনকৈ শাসনাধিষ্ঠিত কংগ্ৰেছী বিধায়কৰ লগতে মুঠ আঠজন বিধায়কে নৱ গঠিত এন পি পিত যোগদান কৰিবলৈ ওলোৱাটোৱে বেচ উৎসাহী কৰি তুলিছে দলটোৰ সভাপতি কনৰাড চাংমাক। আনকি অহা নিৰ্বাচনৰ পিছত এন পি পি দলে চৰকাৰ গঠন কৰিব বুলিও এক প্ৰকাৰৰ ভৱিষ্যদ্বাণী কৰিছে চাংমাই। ‘আঠজনকৈ বিধায়কে পদত্যাগ কৰাটোৱে ইংগিত কৰিছে যে তেওঁলোকে মুকুল চাংমাৰ নেতৃত্বৰ ওপৰত আস্থা হেৰুৱাইছে।’ কনৰাড চাংমাই কালি দলৰ মুখ্য কাৰ্য্যালয়ত এইদৰে কয়।

উল্লেখযোগ্য যে অহা ৪ জানুৱাৰিত প’ল’ গ্ৰাউণ্ডত হ’ব লগীয়া সমাৱেশত এই আঠজন বিধায়কে নেশ্যনেল পীপলছ পাৰ্টিত যোগদান কৰাৰ কথা। কনৰাডে কোৱামতে ৬০ জনীয়া বিধানসভাৰ প্ৰায় ১২ শতাংশ প্ৰতিনিধি দলটোলৈ অহাটোৱে দলটোৰ মনোবল নেতা-কৰ্মীসকলৰ বৃদ্ধি কৰিছে। তেওঁ কয় যে বিধায়কসকলৰ তৃণমূল পৰ্য্যায়ৰ লোকসকলৰ সৈতে সম্পৰ্ক আছে আৰু তেওঁলোকে ভোটাৰৰ আৱেগ-অনুভূতি ভালদৰে বুজি পায়। সেয়ে তেওঁলোকে পদত্যাগ কৰিছে। ‘তৃণমূল পৰ্য্যায়ৰ পৰা মতামত লোৱাৰ পিছতহে তেওঁলোকে এন পি পিত যোগদান কৰিছে, কাৰণ তেওঁলোকে জানে যে এইটোৱে একমাত্ৰ বিকল্প।’ কনৰাডে কয়। তেওঁ নিৰ্বাচনৰ ফলাফল পূৰ্বানুমান বৰ জটিল বুলি কোৱাৰ পিছতো দাবী কৰে যে এন পি পি একক সংখ্যাগৰিষ্ঠ দল হিচাপে থিয় হ’বলৈ সক্ষম হ’ব।

আনহাতে আন এটা মন্তব্যত কনৰাডে কয় যে দল হিচাপে এন পি পিৰ এটা নিজা মতাদৰ্শ আছে। তেওঁলোকে আটাইকেইটা সমষ্টিতে প্ৰাৰ্থী থিয় কৰাব। ‘আমি ৰাজ্যখনৰ আটাইকেইটা সমষ্টিতে প্ৰাৰ্থী থিয় কৰাম। আমি বিজেপিৰ এ বা বি টিম নহয়। আমি নিজৰ জোৰত নিৰ্বাচন খেলিম। তাৰ অৰ্থ এয়ে যে আমাৰ বিজেপিৰ সৈতে কোনো মিত্ৰতা নাই।’ তেওঁ কয়।

বিজেপিৰ সৈতে নিৰ্বাচনৰ পিছত তেওঁলোকে মিত্ৰতা কৰাৰ সম্ভৱনা আছে নেকি বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত কয়, ‘প্ৰথমে নিৰ্বাচনৰ বৈতৰণী পাৰ হৈ ল’বলৈ দিয়ক। আমি পৰৱৰ্তী চৰকাৰখন গঠন কৰিব পৰাকৈ প্ৰয়োজনীয় সংখ্যক আসন পাম বুলি আশাবাদী।’

উল্লেখযোগ্য যে দলটোৰ সভাপতি কনৰাড চাংমাই মুখেৰে অস্বীকাৰ কৰিলেও দলটোৰ বিজেপিৰ সৈতে বুজাবুজি থকা বুলি ইতিপূৰ্বে জনাজাত হৈছে। মণিপুৰত দলটোৱে বিজেপিৰ সৈতে চৰকাৰ গঠনত অংশগ্ৰহণ কৰিছে। আনকি দলটোৱে মেঘালয়ত ‘হিন্দু পাৰ্টি’ হিচাপে প্ৰচাৰৰ প্ৰয়াস কৰাও দেখা গৈছে।

 

আনহাতে মুখ্য মন্ত্ৰী মুকুল চাংমাই কৈছে যে বিধায়ককেইজনৰ দলত্যাগে দলত তথা অহা নিৰ্বাচনত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়।

Recent News

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd