নিৰ্বাচন সমাগত নাগালেণ্ডত ৰাজনৈতিক গতিবিধিৰ নতুন মোৰ দি যোৱা ২০ জানুৱাৰিত দুজনকৈ বিধায়কে চলিত বিধানসভাৰ পৰা পদত্যাগ কৰাৰ পিছত আজিও আন এজন বিধায়কে বিধান সভাৰ পৰা পদত্যাগ কৰে। এই কথাটো জানিব পৰা গৈছে নাগালেণ্ডৰ বিজেপিৰ বিধায়ক তথা ৰাজ্যখনত বিজেপিৰ নিৰ্বাচনী অভিযানৰ সহ-আহ্বায়ক মাহনলুমৌ কিকোনৰ এটা টুইটৰ পৰা।
বিধায়কজনে নিজৰ টুইটত জানিবলৈ দিয়া মতে ৰাজ্যখনৰ চলিত বিধানসভাৰ নিৰ্দলীয় বিধায়ক জেকব ঝিমমিয়ে বিধানসভাৰ পৰা পদত্যাগ কৰিছে আৰু তেওঁ বিজেপিত যোগদান কৰাটো নিশ্চিত হৈছে।
উল্লেখযোগ্য যে যোৱা ২০ জানুৱাৰিত প্ৰাক্তন মুখ্য মন্ত্ৰী আৰু ৰাজ্যখনৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা কে এল চিচি আৰু এন পি এফ দলৰ বিধায়ক ভিকো য়োশ্বুৱে বিধানসভাৰ পৰা পদত্যাগ কৰিছিল।
এটা নিৰ্ভৰযোগ্য সূত্ৰই জনোৱা মতে কে এল চিচিয়ে কাইলৈ বিজেপি দলত যোগদান কৰিব। জানিব পৰা মতে তেওঁ দলটোৰ হৈ ৩২ আতৈঝু বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে ভিকো য়োশ্বুৱে প্ৰতিদ্বন্দ্বিতা কৰিব দক্ষিণ আংগামি সমষ্টিৰ পৰা।
সূত্ৰটোৱে জনোৱা মতে ভিকো য়োশ্বুৱে তেওঁৰ পদত্যাগ পত্ৰ এন পি এফৰ সভাপতে ডাঃ শ্বুৰহোজেলি লেইজেইটশ্বু আৰু বিধানসভাৰ অধ্যক্ষৰ হাতত অৰ্পণ কৰিছিল। ইয়াকে ধৰি এই পৰ্য্যন্ত দুজন বিধায়কে এন পি এফৰ পৰা পদত্যাগ কৰিলে। ভিকো য়োশ্বুৰ পূৰ্বে গৃহ বিভাগৰ দায়িত্বত থকা ৱাই পেট্টনেও দলটোৰ পৰা পদত্যাগ কৰিছিল আৰু তাৰ পিছতে তেওঁ বিজেপি দলত যোগদান কৰিছিল।