ভাৰতীয় দবা পৰিচালনা পৰিষদ সংস্থা দা অল ইণ্ডিয়া চেছ ফেডাৰেশ্যন (এআইচিএফ)এ অসমৰ বিশ্বজিৎ ভৰদ্বাজক ভাৰতীয় দবা দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে।
উল্লেখ্য যে অসমৰ বিশ্বজিৎ ভৰদ্বাজে ৬ আগষ্টৰ পৰা ১৬ আগষ্টলৈ য়ুনাইটেড আৰব এমিৰেটছ (য়ু এ ই)ৰ আবু ধাবিত অনুষ্ঠিত হ’বলগীয়া আবু ধাবি ইণ্টাৰনেশ্যনেল অপেন চেছ চেম্পিয়নশ্বিপৰ বাবে যোৱা ভাৰতীয় দবা দলটোৰ প্ৰশিক্ষক হিচাপে গুৰু দায়িত্ব বহন কৰিব ।
বিশ্বজিৎ ভৰদ্বাজৰ লগতে অন্য ৫ গৰাকী প্ৰশিক্ষকৰ তত্বাৱধানত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব ২৭ জনীয়া খেলুৱৈৰে গঠিত ভাৰতীয় দবা দলটো।
মন কৰিবলগীয়া যে চলিত বছৰৰ শেষৰ ভাগত গ্ৰীছ আৰু স্পেইনত অনুষ্ঠিত হ’বলগীয়া ৱৰ্ল্ড য়ুথ আৰু ৱৰ্ল্ড কেডেটছ চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ পূৰ্বে এক্সপ’জাৰ ট্যুৰ হিচাপে ভাৰতীয় দলটোক আবু ধাবিলৈ প্ৰেৰণ কৰা বুলি এআইচিএফে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
উল্লেখযোগ্য যে বিশ্বজিৎ ভৰদ্বাজ হৈছে ৱৰ্ল্ড চেছ ফেডাৰেশ্যনৰ তৰফৰ পৰা অনুজ্ঞাপত্ৰ পোৱা ফিডে (FIDE) ইন্সট্ৰাক্টৰ। ইয়াৰ উপৰি বৰ্তমান ভৰদ্বাজে গুৱাহাটী টাউন ক্লাব চেছ ফাউণ্ডেশ্যনৰ অধ্যক্ষ তথা দবা খেলৰ প্ৰশিক্ষক হিচাপে দায়িত্ব বহন কৰি আছে।