ভূটানৰ ট্ৰাশ্বিয়াংচেত উদ্বোধন হোৱা ৰিগনে মহাবিদ্যালয় আৰম্ভ হোৱাৰ ৫ মাহ পিছতেই বন্ধ কৰি দিয়াৰ বাবে শ্ৰম মন্ত্ৰালয়ৰ পৰা নিৰ্দেশনা লাভ কৰে।
ফেব্ৰুৱাৰিৰ ১৪ তাৰিখে ঝোৰিগ চুছুম প্ৰতিষ্ঠানলৈ এখন পত্ৰ প্ৰেৰণ কৰি জনাই দিছিল যে মন্ত্ৰালয়ে ট্ৰাশ্বিয়াংচেত থকা ঝোৰিগ চুছুম প্ৰতিষ্ঠানৰ অন্তৰ্গত ৰিগনে মহাবিদ্যালয়খন আৰু চলাই যাব নোৱাৰে বুলি ভূটানৰ ৰাষ্ট্ৰীয় দৈনিক কুৱেনছেলৰ দ্বাৰা প্ৰকাশিত বাতৰিত প্ৰকাশ।
কাৰিকৰী শিক্ষা বিভাগৰ সঞ্চালক নৰ্বু ৱাংচুকে এই পত্ৰখনত স্বাক্ষৰ কৰিছে।
তাৰ পৰিৱৰ্তে দ্বাদশ পৰিকল্পনাৰ অন্তৰ্গত ঝোৰিগ চুছুম প্ৰতিষ্ঠানক এখন মহাবিদ্যালয়লৈ পৰিৱৰ্তন কৰাৰ প্ৰয়াস কৰি আছে বুলি মন্ত্ৰালয়ে জনাইছে।
ৰিগনে মহাবিদ্যলয়ত ঝোৰিগৰ পাঠ্যক্ৰম অধ্যয়ন কৰি থকা ১২ শিক্ষাৰ্থীৰ গোটটোক ইতিমধ্যে চলিত বৰ্ষৰ আগষ্টত আৰম্ভ হ’বলগীয়া ৰিগনে মহাবিদ্যালয়ৰ পাঠ্যক্ৰম অধ্যয়ন কৰাৰ বাবে ট্ৰংছাত অৱস্থিত টাকচে কলেজ অৱ লেংগুৱেজ এণ্ড কালছাৰেল ষ্টাডিজলৈ স্থানান্তৰ কৰাৰ বাবে কোৱা হৈছে।
ৰয়েল ইউনিভাছিটি অৱ ভূটানৰ উপাচাৰ্যলৈ ২ জানুৱাৰিত প্ৰেৰণ কৰা পত্ৰখনত শ্ৰম মন্ত্ৰালয়ে ১২জন শিক্ষাৰ্থীক কলেজ অৱ লেংগুৱেজ এণ্ড কালছাৰেল ষ্টাডিজত নামভৰ্তি কৰাটো বিচাৰিছে।
পত্ৰখনত শ্ৰম মন্ত্ৰালয়ে কৈছে যে ৰিগনে মহাবিদ্যালয়ৰ পৰিচালনাৰ পৰিকল্পনাটো আগবঢ়োৱাৰ সময়ত ৰয়েল ভূটান চিভিল ছাৰ্ভিছে কমিশ্যনে (আৰ চি এছ চি) জনাইছিল যে এই মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ বিষয়টো শ্ৰম মন্ত্ৰালয়ৰ কৰ্তৃত্বাধীন নহয়, সেয়েহে ইয়াক পৰিচালনা কৰাৰ বাবে মানৱ সম্পদেৰে ইয়াক সহায়তা আগবঢ়োৱাটো শ্ৰম মন্ত্ৰালয়ৰ বাবে সম্ভৱ নহয়।
উল্লেখ্য যে পূব ভূটানত ৩খন নতুন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰতিশ্ৰুতিৰ এক অংশ হিচাপে যোৱা বছৰৰ ২৬আগষ্টত ৰিগনে মহাবিদ্যালয়খন উদ্বোধন কৰা হৈছিল। ইয়াত ১২গৰাকী শিক্ষাৰ্থীয়ে ৪বছৰীয়া পাঠ্যক্ৰমৰ বাবে নামভৰ্তি কৰিছিল। ইয়াৰে এবছৰৰ পাঠ্যক্ৰমত আছে পেইণ্টিং, কাঠত খোদাই, ভাস্কৰ্য নিৰ্মাণৰ দক্ষতাৰ পাঠ্যক্ৰম আৰু বাকী ৩ বছৰত ভাষা আৰু সাহিত্যৰ স্নাতক পাঠ্যক্ৰম।
অৱশ্যে ব্যৱস্থাপনা আৰু প্ৰশাসনিক অসুবিধাৰ বাবে ৰিগনে মহাবিদ্যালয়ে ভাষা আৰু সাহিত্যৰ স্নাতক পাঠ্যক্ৰম আৰম্ভ কৰিব পৰা নাছিল, সেয়েহে শিক্ষাৰ্থীসকলে টাকচেলৈ যাবলগীয়া হৈছিল।
ঝুৰিগ চুছুম প্ৰতিষ্ঠানৰ অধ্যক্ষ (তেখেত একেলগে ৰিগনে মহাবিদ্যালয়ৰো অধ্যক্ষ) কিনলে পেনজোৰে কৈছে যে ৰিগনে মহাবিদ্যালয়ৰ সলনি ঝোৰিগ চুছুমক মহাবিদ্যালয়লৈ উন্নীত কৰাৰ বাবে চেষ্টা কৰি আছে।