• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উঃ মাঃৰ কলা শাখাত ৰাজ্যখনৰ ভিতৰতে প্ৰথম স্থান লাভ কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনে সম্প্ৰীতি ৰাজখোৱাই

মিণ্টু দাস by মিণ্টু দাস
May 31, 2018 9:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘নিজৰ ওপৰত বিশ্বাস থাকিলে অথবা মনৰ ভিতৰৰ পৰা যদি ইতিবাচক চিন্তা যদি আহে, তেন্তে সফলতা আৱশ্যম্ভবী।’ আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ কলা শাখাত প্ৰথম স্থান লাভ কৰি নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই অনা ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ কৃতী ছাত্ৰী সম্প্ৰীতি ৰাজখোৱাৰ।

নগাঁও চহৰৰ খুটীকটীয়া নিবাসী ব্যৱসায়ী জোন ৰাজখোৱা আৰু লাভলি ৰাজখোৱাৰ কন্যা সম্প্ৰীতিয়ে সৰ্বমুঠ ৪৮৭ নম্বৰ লাভ কৰি কলা শাখাত প্ৰথম স্থান লাভ কৰিছে। মেধাৱী ছাত্ৰী গৰাকীয়ে ইংৰাজীত ৯৭, ঐচ্ছিক ইংৰাজীত ৯৫, সমাজশাস্ত্ৰ(চচিয়লজি)ত ৯৮, ৰাজনৈতিক বিজ্ঞানত ৯৭, তৰ্ক শাস্ত্ৰত ১০০ আৰু অৰ্থনীতি বিজ্ঞানত ৯৫ নম্বৰ লাভ কৰিছে।

নিজৰ ফলাফল লাভ কৰি অতিকৈ উৎফুল্লিত বুলি মন্তব্য কৰা সম্প্ৰীতিয়ে আজি সংবাদ মাধ্যমৰ আগত কয় যে, ‘স্থান লাভ কৰিম বুলি মই পঢ়া নাছিলো। সেয়ে স্থান লাভ কৰিম বুলি আশাও কৰা নাছিলো। কাৰণ মই ভাবো পাঠ্যক্ৰমত গুৰুত্ব দি অধ্যয়ন কৰিব নালাগে। জ্ঞান অৰ্জনৰ বাবেহে অধ্যয়ন কৰিব লাগে। যেতিয়াই মন যায়,তেতিয়াই অধ্যয়ন কৰো’

তাৰোপৰি প্ৰতিভাসম্পন্ন ছাত্ৰী গৰাকীয়ে কয় যে, ‘মোৰ কৃতিত্বৰ বাবে মোৰ পৰিয়াল বিশেষকৈ দেউতা-মা, মই অধ্যয়ন কৰা মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী, অধ্যক্ষ দিলীপ বৰা চাৰ, শিক্ষয়ত্ৰী কৰবী ভৰালীৰ প্ৰতি কৃতজ্ঞ।’

ভৱিষ্যতে নিজকে এজন লিখক হিচাপে প্ৰতিষ্ঠিত কৰিব বিচৰা সম্প্ৰীতিয়ে কবিতা লিখি ভাল পায়।

লগতে মেধাৱী ছাত্ৰী গৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগত কয় যে ভাৰত-বাংলাদেশৰ সীমা ছীল হোৱাটো নিতান্তই প্ৰয়োজন।চৰকাৰে অবৈধ প্ৰবজনকাৰী ৰোধ কৰিব লাগে। এনে ক্ষেত্ৰত অসমে পুনৰ বিদেশীৰ বোজা ল’ব নোৱাৰে। চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰে গণতান্ত্ৰিক হোৱা উচিত। অসমৰ ৰাইজৰ সিদ্ধান্তক ৰাজ্য চৰকাৰে গুৰুত্ব দিয়া উচিত।

উল্লেখযোগ্য যে নগাঁৱৰ খ্ৰাইষ্ট জ্যোতি স্কুলৰ পৰা ৯৩ শতাংশ নম্বৰ লাভ কৰিছিল সম্প্ৰীতিয়ে।লগতে উচ্চতৰ মাধ্যমিক বিজ্ঞানৰ পৰীক্ষাৰ সময়ত প্ৰশ্ন কাকত ফাদিল হোৱাৰ প্ৰসংগ উত্থাপন কৰি সম্প্ৰীতিয়ে কয় যে এইয়া চৰকাৰৰ এখন বছেৰেকীয়া নাটক হৈ পৰিছে। এনে নাটকে আমাৰ দৰে ছাত্ৰ-ছাত্ৰীসকলক হতাশাগ্ৰস্ত কৰে। এনেবোৰ ঘটনা ৰোধ কৰিবৰ বাবে শিক্ষা বিভাগে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা উচিত অন্যথা সামগ্ৰিকভাৱেই অসমৰ শিক্ষা ক্ষেত্ৰখনৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd