ৰাজ্যৰ পঞ্চায়তসমুহৰ কাৰ্যকাল উকলি যোৱাৰ দুটা মাহ পাৰ হৈ যোৱাৰ পাছত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ হোহোকা-পিছলা চলি থকাৰ সময়তে এইবাৰ উত্তৰ কাচাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন সোনকালে অনুষ্ঠিত কৰাৰ দাবী জনাইছে অসম গণ পৰিষদে।
মঙলবাৰে অগপৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি এই বিষয়ে জানিবলৈ দিয়ে উত্তৰ কাচাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰকান্ত ৱাৰিচা আৰু অগপৰ জনজাতি পৰিষদৰ সাধাৰণ সম্পাদক জেড নুনিচাই।
ইতিমধ্যে ডিমা হাচাও জিলা অসম গণ পৰিষদে এই দাবী সম্বলিত এক স্মাৰকপত্ৰ মঙলবাৰে ৰাজ্যপাললৈ প্ৰেৰণ কৰা বুলি সংবাদমেলত সদৰি কৰে।
উল্লেখ্য যে, অহা ৩ জুনত দেৱলাল গাৰ্লোচা নেতৃত্বাধীন পৰিষদখনৰ কাৰ্যকাল শেষ হ’ব। কিন্তু আগৰ পৰিষদৰ কাৰ্যকাল শেষ হ’বলৈ মাজত মাত্ৰ তিনিটা দিন থকাৰ পাছতো নিৰ্বাচনৰ অধিসূচনা জাৰি নোহোৱাত আশ্বৰ্য প্ৰকাশ কৰে অগপৰ নেতা দুগৰাকীয়ে।
সংবাদমেলত কাৰ্যবাহী সদস্য প্ৰকান্ত ৱাৰিচাই কয়, ‘যিহেতু পূৰ্বৰ পৰিষদখনৰ কাৰ্যকাল শেষ হৈ আহিল গতিকে ৰাজ্যচৰকাৰে পৰিষদীয় নিৰ্বাচনৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল কিন্তু সেয়া দেখা যোৱা নাই। আমি সোনকালে নিৰ্বাচন হোৱাটো বিচাৰিছো।‘
দলটোৱে লগতে পূৰ্বৰ পৰিষদখনৰ কাৰ্যকাল শেষ হোৱাৰ পৰা নিৰ্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত পৰিষদৰ সকলো ক্ষমতা ৰাজ্যপালৰ হাতলৈ নিয়াৰ দাবী উত্থাপন কৰে।
সংবাদমেলত জেড নুনিচাই পূৰ্বতে অজয় সিঙ ৰাজ্যপাল হৈ থাকোতে উত্তৰ কাচাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ক্ষমতা ৰাজ্যপালৰ হাতত ন্যস্ত থকাৰ সময়তে আৰ এইচ খানৰ নেতৃত্বত হেজাৰ কোটিটকীয়া কেলেংকাৰি হোৱাৰ কথা সোঁৱৰাই দি এতিয়াও পৰিষদৰ ক্ষমতা ৰাজ্যপালৰ হাতলৈ গ’লে যাতে তেনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে বিশেষ নিৰীক্ষন সমিতি (Special monitoring committee) গঠন কৰাৰো আহ্বান জনায়।
আনহাতে, দেৱলাল গাৰ্লোচা নেতৃত্বাধীন পৰিষদখনে কৰ্মচাৰীসকলক বিগত ১০ মাহে দৰমহা আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক মৰগীয়া বানচ দিয়াত ব্যৰ্থ হোৱাৰ বিষয়টো ডিমা হাচাও অগপই ৰাজ্যপালক অৱগত কৰে।