• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিয়েই জাতি উদ্ধাৰৰ শেষ প্ৰক্ৰিয়া নহয়; চিনাক্ত হোৱা বিদেশী বহিষ্কৰণত সমস্যা আছে : হিৰণ্য কুমাৰ ভট্টাচাৰ্য্য

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 19, 2018 7:54 pm
ARSS_1

অস্তিত্বৰক্ষা সমন্বয় সমিতিৰ উদ্যোগত ১৯ মে'ত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬-ৰ বিৰোধিতাত অৱস্থান ধৰ্মঘটৰ দৃশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

“এন আৰ চিয়েই জাতিৰ উদ্ধাৰৰ বাবে শেষ প্ৰক্ৰিয়া নহয়। এন আৰ চিৰ জৰিয়তে চিনাক্ত হোৱা বিদেশীক বহিষ্কৰণত সমস্যা আছে। ভাৰত-বাংলাদেশৰ মাজত দ্বিপাক্ষিক চুক্তি অবিহনে বাংলাদেশী বহিষ্কাৰ সম্ভৱ নহয়।” এই মন্তব্য প্ৰাক্তন আই পি এছ বিষয়া হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ।

আজি নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীৰে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত অস্তিত্বৰক্ষা সমন্বয় সমিতি, অসমৰ উদ্যোগত প্ৰতিবাদী অৱস্থান কাৰ্যসূচীত ভাগ লৈ প্ৰাক্তন আই পি এছ বিষয়াজনে এইদৰে নিজৰ মতামত প্ৰকাশ কৰে। তেওঁ বিদেশীৰ বহিষ্কৰণত অনিশ্চয়তা প্ৰকাশ কৰি চিনাক্ত বিদেশীসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ লগতে তেওঁলোকক যাতে অৰ্থনৈতিক বিকাশত লগাব পাৰি সেই উদ্দেশ্যে তেওঁলোকক লৈ এটা ‘শ্ৰম বাহিনী’ গঠন কৰাৰ পৰামৰ্শ আগ বঢ়ায়।

উল্লেখযোগ্য যে অসমীয়া জাতিৰ অস্তিত্বৰ সংশয সৃষ্টি কৰিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীৰে আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত অস্তিত্বৰক্ষা সমন্বয় সমিতি প্ৰতিবাদী অৱস্থান কাৰ্যসূচীৰ আয়োজন কৰিছিল। বিধেয়কখন বাতিলৰ দাবীত একত্ৰিত হোৱা শতাধিক দল-সংগঠনৰ উমৈহতীয়া মঞ্চ– অস্তিত্বৰক্ষা সমন্বয় সমিতি, অসমৰ দ্বাৰা অনুষ্ঠিত এই প্ৰতিবাদী অৱস্থানত ৰাজ্যৰ ভালে সংখ্যক শিল্পী, সাহিত্যিক, লেখক, স্বাধীনতা সংগ্ৰামী, জ্যেষ্ঠ ৰাজনীতিক, অৱসৰপ্ৰাপ্ত প্ৰশাসনীয় বিষয়াই অংশগ্ৰহণ কৰে।

প্ৰতিবাদী অৱস্থানত উপস্থিত থাকি যশস্বী চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাই কয়, “পৃথিৱী যেতিয়ালৈকে থাকিব তেতিয়ালৈ গুজৰাটী, মাৰাঠী, বঙালী আদি ভাষাসমূহ জীয়াই থাকিব, কিন্তু অসমীয়া ভাষা আৰু এশ বছৰ পাছলৈ জীয়াই থাকিব নে নাই সন্দেহ আছে। অসমীয়া ভাষা পৃথিৱীৰ বিলুপ্তপ্ৰায় ভাষাসমূহৰ ভিতৰত অন্যতম হ’ব বুলি মোৰ ভাব হয়।” তেওঁ জাতিটোক ভৱিষ্যতে সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত সকলোকে আগ বাঢ়ি আহিবলৈ আহ্বান জনায়।

কাৰ্যসূচীটোত উপস্থিত থকা যশস্বী সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে ‘চিৰ চেনেহী মোৰ ভাষা জননী’ বুলি উল্লেখ কৰি কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ জৰিয়তে পৰোক্ষে অসমীয়া ভাষাৰ ওপৰত এতিয়া আকৌ বঙলা ভাষা জাপি দিব বিচৰা হৈছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অবৈধ বিদেশী হিন্দুক নাগৰিকত্ব দিব বিচৰাটো গ্ৰহণযোগ্য নহয়।

ARSS_2
অস্তিত্বৰক্ষা সমন্বয় সমিতিৰ উদ্যোগত ১৯ মে’ত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬-ৰ বিৰোধিতাত অৱস্থান ধৰ্মঘটৰ দৃশ্য।

আনহাতে বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া হাচিনুৰ ৰহমানে নাগৰিকত্ব সংশোধনী বিধেয়কক সংবিধান বিৰোধী আখ্যা দি কয় যে ই নাগৰিকত্ব আইন উলংঘা কৰিব। তেওঁ লগতে কয়, “কাৰোবাক সহায় কৰিবলৈ যাওঁতে যদি আমাৰ অস্তিত্ব বিপন্ন সেয়া ভয়ংকৰ কথা হ’ব।”

দীঘলীপুখুৰীৰ পাৰত উপস্থিত থাকি চৰকাৰৰ স্থিতিক সমালোচনা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ গজেন্দ্ৰ নাথ তালুকদাৰে কয়, “সংবিধান দেশ চলাবলৈ আছে, কিন্তু শাসকবৰ্গই যদি সংবিধান নামানে তেওঁলোকৰ ক্ষমতাত থকাৰ অধিকাৰ নাই।”

প্ৰতিবাদী অৱস্থানত শিক্ষাবিদ অৱনী বৰঠাকুৰে কয়, “এই বিধেয়কৰ বিৰুদ্ধে অসমত এটা জনজাগৰণ হৈছে। যোৱা এটা বছৰে বিভিন্ন দল-সংগঠনে, ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে, কিন্তু এটা ঐক্যবদ্ধ সংগ্ৰাম গঢ় লোৱা নাই। কৃষক সমাজক যদি আমি এই আন্দোলনত অংশগ্ৰহণ কৰাৱ নোৱাৰো তেতিয়াহ’লে আমি এই আন্দোলনত সফল হ’ব নোৱাৰিম।”

আনহাতে অধিবক্তা অৰূপ বৰবৰাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ভাৰতৰ অন্য ৰাজ্যৰ দল-সংগঠনসমূহকো একত্ৰিত কৰাৰ প্ৰয়োজনীয়তাৰ কথা উত্থাপন কৰে।

প্ৰতিবাদী অৱস্থান কাৰ্য্যসূচীটোত যোৰহাটৰ পৰা আহি উপস্থিত হয় শতবৰ্ষ গৰকা স্বাধীনতা সংগ্ৰামী ড০ কেশৱ চন্দ্ৰ বৰদলৈ।

অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, বিশিষ্ট লেখক ড০ দীনেশ বৈশ্য, কণ্ঠশিল্পী মনীষা হাজৰিকা, সমাজকৰ্মী বীৰুবালা ৰাভা, ঔপন্যাসিকা অৰূপা পটংগীয়া কলিতা, লেখক লক্ষীনাথ তামুলী, লেখক ড০ অপূৰ্ব বৰুৱা, অনুপ চেতিয়া, কৃষক মুক্তিৰ নেতা অখিল গগৈ, লেখক অনন্ত কলিতা, শিক্ষাবিদ ড০ ৰমেশ চন্দ্ৰ কলিতা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিক থাকে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm
লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

September 13, 2025 6:13 pm
‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

September 13, 2025 5:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd