মাত্ৰ ২৪ ঘণ্টাৰ পিছতে বহু চৰ্চিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ খচৰা প্ৰকাশ পাব যদিও এই অতি স্পৰ্শকাতৰ তথা ৰাজ্যখনত প্ৰবল আলোড়ন সৃষ্টি কৰা বিষয়টোক লৈ জনসাধাৰণৰ মাজত এই পৰ্য্যন্ত কোনো অতিৰিক্ত উৎকণ্ঠা চকুত পৰা নাই। ছ’চিয়েল মিডিয়াতো বিষয়টোৱে স্বাভাৱিকতকৈ অলপো বেছি চৰ্চা লাভ কৰা দেখা নাই।
আনকি মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ ছ’চিয়েল মিডিয়াত যি পৰিমাণৰ আগতীয়া উৎকণ্ঠা তথা চৰ্চা দেখা পোৱা যায়, তেনেকুৱা ছবি এখনো চকুত পৰা নাই। মানুহবোৰৰ তাতকৈও হয়তো থাৰ্টি ফাৰ্ষ্ট চেলিব্ৰেইশ্যন, এক জানুৱাৰি, নিউ ইয়েৰ উইচ, পিকনিক বেছি ভাল লাগিছে। নাগৰিকত্বৰ প্ৰমাণপত্ৰতকৈও বেছি! হু কেয়াৰছ?
সঁচাকৈ, এই আপাত নিস্পৃহতাৰ কাৰণ কি হ’ব পাৰে? এয়া কি এক অদৰকাৰী ভীতি আছিল? মানুহবোৰে তেনে হ’লে কিয় আত্মহত্যা কৰিছিল? তেওঁলোক কিয় ভয় খাইছিল?
‘তোমালোকে আমাৰ নাম কাটাই বা ৰাখাই আমি কেয়াৰ নকৰো’ নেকি? নে ‘আমি এতিয়া সব বুজি পোৱা হৈ গৈছো’ নেকি?
ঠিক আছে, ধৰি ল’লো- খচৰা বাবেই মানুহে ইয়াক বিশেষ গুৰুত্বপূৰ্ণ বুলি ধৰা নাই। লগতে ভাবিব পাৰি যে চৰকাৰে দিয়া বাৰম্বাৰ আশ্বাসে মানুহক কিছু পৰিমাণে হ’লেও প্ৰক্ৰিয়াটোৰ ওপৰত আস্থাশীল কৰি তুলিছে। নিজৰ নাম বাদ পৰিলেও পুনৰ আৱেদনৰ যথেষ্ট সুযোগ আছে -এই ঘোষণাই তেওঁলোকক আকৌ লৈ গৈছে নিৰুদ্বেগ অৱস্থালৈ। অথবা হয়তো আজিৰ তাৰিখত অন্য ব্যস্ততা আছে। যি হয় পিছত দেখা যাব!
এইখিনিতে এটা প্ৰশ্ন আহিছে। যদি সব ঠিকে ঠিকে হৈ যায়, সকলোবোৰ স্বাভাৱিকভাৱে সামৰণি পৰে, কোনেও আপত্তি কৰিব লগীয়া, আন্দোলন কৰিব লগীয়া, আত্মহত্যা কৰিব লগীয়া নহয়, সংঘৰ্ষ নহয় -বৃহৎ লোকচান কাৰ হ’ব?
তথাকথিত জাতীয় সংগঠনবোৰৰ? ৰাজনৈতিক দলবোৰৰ?
তেতিয়া সাধাৰণ মানুহবোৰক আকৌ বলিৰ পঠা সজোৱা নহয়তো?