ত্ৰিপুৰাত চি পি আই (এম)ৰ বিৰুদ্ধে ঐতিহাসিক বিজয় লাভ কৰাৰ পিছত আনন্দত আত্মহাৰা হোৱা অসম বিজেপিৰ কৰ্মী আৰু নেতৃবৃন্দই ঘোষণা কৰিছে যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত এন ডি এই ৩৫০খনৰো অধিক আসন লাভ কৰিবলৈ সামৰ্থ হ’ব। তেওঁলোকে এই বিজয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৃষ্টি আৰু সবল নেতৃত্বৰ ফল বুলি অভিহিত কৰিছে।
‘‘চলো পালটাই’ৰ মাজেৰে ত্ৰিপুৰাৰ জনসাধাৰণে এটি বিৰাট বাৰ্তা প্ৰেৰণ কৰিছে।’ নৰ্থ-ইষ্ট নাওৰ আগত এইদৰে কয় গুৱাহাটী পৌৰ নিগমৰ কাউঞ্চিলৰ ৰাজকুমাৰ তিৱাৰীয়ে।
‘৫ বছৰ আগতে প্ৰায় শূন্যত থকাৰ পিছত দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ লাভ কৰাটো এটা বিৰাট সফলতা। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সৰকাৰৰ এটি নিকা ভাবমূৰ্তি থকা সত্ত্বেও তেওঁৰ চৰকাৰক ওফৰাই পেলাব পৰাটোৱে এই বিজয়ৰ ক্ষেত্ৰত এটি বিশেষ তাৎপৰ্য বহন কৰিছে।’ এইদৰে কয় তিৱাৰীয়ে।
লগতে তিৱাৰীয়ে আৰু কয় যে ত্ৰিপুৰাত আৰম্ভ হোৱা এই ঢৌৱে পৰৱৰ্তী সময়ত পশ্চিম বংগকো উটুৱাই নিব। তেওঁৰ মতে পৰৱৰ্তী লোকসভা নিৰ্বাচনত এন ডি এই ৩৫০খনতকৈও অধিক আসন লাভ কৰি ইয়াতকৈও বৃহৎ বিজয় সাব্যস্ত কৰিব।
বিজেপিৰ আন এগৰাকী দলীয় কৰ্মী, বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যবাহী সদস্য গীতিকা দাসে কয়, ‘জনসাধাৰণ টোপনিৰ পৰা জাগি উঠিছে আৰু মোদীৰ বিকাশৰ দিশৰ যাত্ৰাত সহযোগ কৰিছে। পূৰ্বতে মাৰ্ক্সবাদীসকলে ধাৰ কৰা মতাদৰ্শৰে ত্ৰিপুৰা শাসন কৰি আছিল। এতিয়া ত্ৰিপুৰাৰ জনসাধাৰণ টোপনিৰ পৰা জাগি উঠিছে আৰু তেওঁলোকে প্ৰধানমন্ত্ৰী মোদীৰ বিকাশৰ যাত্ৰাত যোগদান দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।’
আন এগৰাকী দলীয় সদস্য নিয়তী দে’ৰ মতে ত্ৰিপুৰাত চি পি আই (এম)ক পৰাস্ত কৰাটো অসমত কংগ্ৰেছক পৰাজিত কৰাতকৈ ডাঙৰ কৃতকাৰ্যতা। কিছু বছৰ পূৰ্বে ত্ৰিপুৰাত বিজেপি শাসনলৈ আহিব পৰাটো অকল্পনীয় আছিল। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি প্ৰধানমন্ত্ৰী মোডীৰ তীক্ষ্ণ মনোযোগ আৰু তৃণমূল পৰ্যায়ত বিজেপি কৰ্মীসকলৰ দায়বদ্ধতা আৰু নিয়মানুৱৰ্তিতাই এই অসম্ভৱক সম্ভৱ কৰিলে বুলি তেওঁ মন্তব্য কৰিছে।
ইয়াৰ পূৰ্বে বহুতো ৰাজ্যত কংগ্ৰেছক পৰাস্ত কৰাৰ পিছত প্ৰথম বাৰৰ বাবে ত্ৰিপুৰাত বিজয় লাভ কৰাটো এটা বিশেষ বিজয় বুলি তেওঁ মত প্ৰকাশ কৰিছে।
লক্ষণীয়ভাৱে ত্ৰিপুৰাৰ এই বিজয়ক ঐতিহাসিক আখ্যা দিলেও আৰু লগতে তাৰ বাবে মোদীৰ ভূৰি ভূৰি প্ৰশংসা কৰিলেও মূল সূত্ৰধাৰৰ ভূমিকাত থকা অসমৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কথা কাৰো মুখত শুনা নগ’ল।