কেন্দ্ৰীয় চৰকাৰে দেশৰ গৌৰৱস্বৰূপ ঐতিহ্যক্ষেত্ৰবোৰ ‘চোৱাচিতা’ৰ দায়িত্ব ব্যক্তিগতখণ্ডক দিয়াৰ বাবে adopt a heritage নামৰ যি কৌশলী আঁচনি লৈছে ইয়ে এইবোৰ সম্পূৰ্ণকৈ ব্যক্তিগত খণ্ডক গতাই দিয়াৰ প্ৰথম পদক্ষেপ হ’বগৈ পাৰ নেকি? মোদীৰ শাসন পদ্ধতিলৈ ঘূৰি চালে এই শংকা অমূলক নহয় যে সেয়া সকলোৱে বুজিব। জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰা বুলি মিছা চিঞৰ-বাখৰ কিছুমানেৰে মানুহক বিভ্ৰান্ত কৰি পুঁজিপতিৰ হাতত দেশৰ সম্পদ থাপি দিয়া চৰকাৰ এখনৰ ওপৰত মানুহৰ আস্থাৰ ভিত্তি কি হ’ব পাৰে?
উল্লেখযোগ্য যে ইতিপূৰ্বে কেন্দ্ৰই দিল্লীৰ লালকিল্লাকে আদি কৰি বহুবোৰ গুৰুত্বপূৰ্ণ ঐতিহ্যক্ষেত্ৰৰ ‘চোৱাচিতাৰ দায়িত্ব’ ব্যক্তিগতখণ্ডক অৰ্পণ কৰিছে। লালকিল্লা ডালমিয়া গ্ৰুপক গতোৱা হৈছে।
তথ্য মতে, কেন্দ্ৰীয় চৰকাৰে adopt a heritage নামৰ এখন আঁচনি প্ৰচলন কৰিছে, যিখনৰ অধীনত দেশৰ বিভিন্ন স্থানত থকা আৰু অতি উচ্চ পৰ্য্যটন গুৰুত্ব থকা বাবে ব্যৱসায়িকভাৱে লাভজনক ঐতিহ্যক্ষেত্ৰবোৰ ‘চোৱাচিতা’ৰ নামত ব্যক্তিগত খণ্ডক অৰ্পণ কৰাৰ বাট মুকলি হৈছে।
এই আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ অধীনৰ পুৰাতাত্ত্বিক জৰীপ বিভাগৰ দ্বাৰা চোৱাচিতা তথা সংৰক্ষণ কৰা দেশৰ বিভিন্ন ৰাজ্যত থকা মুঠ ৯৩টা ‘লাভজনক’ ঐতিহ্যক্ষেত্ৰ আৰু অন্যান্য পৰ্য্যটনক্ষেত্ৰবোৰ (যেনে- কাজিৰঙা) চোৱাচিতাৰ বাবে ব্যক্তিগতখণ্ডক দিব খোজা হৈছে।
লাভজনক বুলি এইবাবেই ক’ব পাৰি যে বৰ্তমানলৈকে তালিকাত থকা এই ৯৩টাৰ আটাইকেইটাই ASI ticketed . অৰ্থাৎ এইবোৰ পৰিদৰ্শন কৰিবৰ বাবে দৰ্শকে প্ৰৱেশ মাচুল বা দৰ্শন-মাচুল দিব লগীয়া হয় আৰু তাৰ বিনিময়ত বছৰি লাখ লাখ টকাৰ ৰাজহ সংগ্ৰহ হয়। চৰকাৰৰ অন্তৰ্নিহিত উদ্দেশ্য তাতেই ধৰিব পাৰি। আনহাতে কাজিৰঙাৰ চোৱাচিতা মানে কি? কাজিৰঙাৰ সুৰক্ষা ব্যৱস্থাতো ব্যক্তিগক খণ্ড এটাই নলয়। গঁড়কেইটা ৰক্ষাৰ দায়িত্বও নলয়। কাজিৰঙাৰ চোৱাচিতা মানে তেতিয়া হ’লে কি? কেইটামান টয়লেট, কেইটামান পাৰ্কিং প্লেইচ নিৰ্মাণৰ অচিলাতে দায়িত্বপ্ৰাপ্ত ব্যক্তিগত খণ্ডই লাহে লাহে পৰ্য্যটনৰ অৰ্থপ্ৰৱাহটো নিজৰ হাতলৈ নিনিবনে?
পৰ্য্যটক সকলক গাড়ী যোগান, থকা ঠাই যোগান, পৰ্য্যটন গাইড যোগানেৰে তাত যিবোৰ স্থানীয় নিবনুৱা নিয়োজিত হৈ আছে তেওঁলোকক খেদি বা সংকট দি নিজে এৰিবলৈ বাধ্য কৰি কোম্পানিটোৱে নিজৰ মৰ্জিত এইবোৰ পৰিচালনা নকৰিব নে?
অন্যায় কৰিলেও চৰকাৰৰ সৈতে কাগজ-পত্ৰত চহী কৰি দায়িত্ব লাভ কৰা কোম্পানি এটাক কেৱল কাগজত থকা নীতি-নিৰ্দেশনা সঠিকভাৱে আঙুলিয়াই দি জবাবদিহি কৰিব পাৰিব কেইজনে?
আনহাতে চুক্তিত থকা মতে, চৰকাৰৰ অনুমতি অবিহনে টিকট বিক্ৰী কৰি বা আন ধৰণে মাচুল লোৱাৰ সিদ্ধান্ত এই ব্যক্তিগত খণ্ডবোৰে ল’ব নোৱাৰে। কিন্তু মন কৰিব লগীয়া কথাটো হ’ল- চৰকাৰৰ অনুমতি অবিহনেহে নোৱাৰে। চৰকাৰে অনুমতি নিদিয়ে বুলি লিখা নাই। বৰং পৰিস্থিতি সাপেক্ষে চৰকাৰৰ সন্মতিত সেয়া কৰিব পাৰিব।
আন এটা মূল প্ৰশ্ন হ’ল- এই দায়িত্ব প্ৰাপ্ত কোম্পানিবোৰ কিমান দায়বদ্ধ হ’ব এই সম্পদবোৰ প্ৰতিপালনৰ ক্ষেত্ৰত? তেওঁলোকে সঁচাকৈয়ে এইবোৰ চোৱাচিতা কৰিব নে? বিশেষকৈ যেতিয়া এইবোৰ কোম্পানিটোৰ লাভৰ উৎস নহয়।
তাৰোপৰি এইবোৰ কোম্পানিত উপযুক্ত দক্ষতা থকা, উপযুক্ত ঐতিহ্য চেতনা থকা মানুহ থাকিব নে, যিধৰণৰ মানুহ ভাৰতৰ পুৰাতাত্ত্বিক জৰীপ বিভাগত আছিল?
চৰকাৰ আৰু চৰকাৰৰ সমৰ্থকসকলে কৈ আছে যে দায়িত্বপ্ৰাপ্ত ব্যক্তিগত খণ্ডৰ কোম্পানিবোৰে সামাজিক দায়বদ্ধতা (Corporate social responsibility) শিতানৰ পুঁজিহে তেওঁলোকৰ দায়বদ্ধতাৰ অংশ হিচাপে এইবোৰ চোৱাচিতাৰ কামত খৰচ কৰিব। অৰ্থাৎ এয়া তেওঁলোকে লাভৰ বাবে কৰা বিনিয়োগ নহয়।
এইখিনিতে মন কৰিব লগীয়া- কোম্পানিৰ Corporate social responsibility ৰ অধীনত ঔদ্যোগিক প্ৰতিষ্ঠানবোৰক তেওঁলোকে সমাজৰ বিশেষকৈ ৰাজহুৱা কল্যাণমূলক কাম কৰাটো বাধ্যতামূলক। কিন্তু এইবোৰ ঘাইকৈ সমাজৰ পিছপৰা দিশবোৰ আৰু পিছপৰা জনসাধাৰণক আগ বঢ়াবৰ বাবে কৰা হয়, চৰকাৰী প্ৰতিষ্ঠানৰ অধীনৰ কোনো আঁচনিক জিলিকাই তোলাৰ বাবে নহয়।
ভাৰত চৰকাৰৰ কোম্পানি এক্টত উল্লেখ আছে যে ঔদ্যোগিক প্ৰতিষ্ঠানৰ সামাজিক দায়বদ্ধতাৰ শিতানত কৰা খৰচ কোম্পানি এক্ট ২০১৩ আইনখনৰ সপ্তম সূচী (Schedule VII)ৰ তালিকাৰ সৈতে সম্পৰ্ক থাকিবই লাগিব। এই তালিকাখনত আছে দৰিদ্ৰক শিক্ষা দান, শিক্ষাৰ প্ৰসাৰ, লিংগ বৈষম্য দূৰীকৰণৰ প্ৰয়াস, শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰা, নিয়োগ সৃষ্টিৰ পৰিৱেশ গঢ়া আদি। (তলত তালিকাখন দিয়া হ’ল)
Schedule VII of Companies Act, 2013
Activities which may be included by companies in their Corporate Social Responsibility Policies:
Activities relating to:—
(i) eradicating extreme hunger and poverty;
(ii) promotion of education;
(iii) promoting gender equality and empowering women;
(iv) reducing child mortlity and improving maternal health;
(v) combating human immunodeficiency virus, acquired immune deficiency
syndrome, malaria and other diseases;
(vi) ensuring environmental sustainability;
(vii) employment enhancing vocational skills;
(viii) social business projects;
(ix) contribution to the Prime Minister’s National Relief Fund or any other fund set up by the Central Government or the State Governments for socio-economic development and relief and funds for the welfare of the Scheduled Castes, the Scheduled Tribes, other backward classes, minorities and women; and
(x) such other matters as may be prescribed.
গতিকে এই ব্যৱস্থাটোৰ জৰিয়তে সমাজৰ এনেবোৰ গুৰুত্বপূৰ্ণ অংশক আগ বঢ়াই অনাৰ বাবে যি উদ্দেশ্য আছিল, তাক চৰকাৰে নিজেই বিপথে নিলে। কাৰণ কোম্পানি এটাৰ লাভৰ অংশৰ পৰা এইবোৰ কাম কৰোৱাৰ পৰিৱৰ্তে চৰকাৰে নিজেই সেই লাভৰ পৰা কাম আদায় কৰি নিজৰ খৰচ বচালে। পৰোক্ষভাৱে চৰকাৰে সেই লাভখিনি লৈ থ’লে। সমাজৰ কামত লগাবলৈ নিদিলে।
আনহাতে কোম্পানি আইনখনত আছে-
CSR should not be interpreted as a source of financing the resource gaps in government schemes…
In-principle, CSR fund of companies should not be used as a source of funding Government Schemes. CSR projects should have a larger multiplier effect than that under the Government schemes.
অৰ্থাৎ চৰকাৰৰ কোনো পুঁজি নাটনিৰ জোৰা মৰা বা চৰকাৰী আঁচনিৰ দায়িত্ব লোৱাটো Corporate social responsibility ৰ ভিতৰত নপৰে।
গতিকে এইবোৰ কথা ফঁহিয়াই চাই অনুমান কৰিব পাৰি, বিজেপি নেতৃত্বাধীন চৰকাৰখনে মানুহক কেনেদৰে আভুৱা ভাঁৰি আছে। কেনেকৈ তেওঁলোকৰ ইচ্ছাই দেশৰ নিয়ম হৈ পৰিছে।