নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল তথা অসম চুক্তিৰ প্ৰতিটো দফা সফল ৰূপায়ণৰ দাবীত আজি কলিয়াবৰৰ কুঁৱৰীটোলস্থিত চহিদ স্মৃতি স্তম্ভ প্ৰাংগণৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়লৈ এক বৃহৎ প্ৰতিবাদী সমদল উলিওৱা হয়।
আজি দিনৰ প্ৰায় ১১ মান বজাত দহটাকৈ সংগঠনে ঐক্যভাৱে সাব্যস্ত কৰা গণ বিক্ষোভ কাৰ্য্যসূচীৰ নেতৃত্ব দিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি মণি মাধৱ মহন্তই।
উক্ত সমদলটো কলিয়াবৰ মহকুমাৰ চৌহদ পোৱাৰ লগে লগে মহকুমাধিপতি বিতোপন নেওগে প্ৰতিবাদকাৰীৰ সৈতে এক আলোচনাত মিলিত হয়। আৰু ইয়াৰ পাছতে প্ৰতিবাদকাৰীৰ হৈ আছুৰ উপসভাপতি মণি মাধৱ মহন্তই মহকুমাধিপতিৰ জৰিয়তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদিলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থা আৰু কলিয়াবৰ শাখা সাহিত্য সভাৰ উদ্যোগত তথা কলিয়াবৰ জিলা কৰ্মচাৰী পৰিষদ, কলিয়াবৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলন, অসম লেখিকা সমাৰোহ সমিতি, অসম চাহ জনজাতি ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, সদৌ অসম মৰিয়া যুৱ ছাত্ৰ সন্থা, কলিয়াবৰ আৰু অসম সমবায় মৰাপাট কল কৰ্মী পৰিষদৰ লগতে কলিয়াবৰৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সহযোগত এই গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয়।
উল্লেখ্য যে অসম ছাত্ৰ সন্থাৰ লগতে অসমৰ ২৮ টা জনগোষ্ঠীয় ছাত্ৰ সংগঠনে ভাৰত চৰকাৰৰ এই প্ৰস্তাৱিত বিধেয়কখনৰ বিৰোধিতা প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই কৰি আহিছে বুলি ছাত্ৰ সন্থাৰ উপসভাপতিগৰাকীয়ে মন্তব্য কৰে।
ইয়াৰ উপৰি আজিৰ এই বিক্ষোভ কাৰ্যসূচীতে ছাত্ৰ সন্থাই পুনৰবাৰ প্ৰকাশ কৰে যে অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ নকৰাৰ ফলতেই থলুৱা অসমীয়া সকল আজিও বিভিন্ন সময়ত শংকাৰ সন্মূখীন হ’বলগীয়া হৈছে।