কামেং জলবিদ্যুৎ প্ৰকল্পত ফাট মেলাৰ বাতৰিত সদৌ অসম ছাত্ৰ-সন্থাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। বিজ্ঞানসন্মতভাৱে অধ্যয়ন নকৰাকৈ কাম কৰাৰ ই এক কুফল বুলি মন্তব্য কৰিছে ছাত্ৰ সংগঠনটোৱে।
সদৌ অসম ছাত্ৰ-সন্থাই প্ৰকল্পটোৰ নামনিত পৰিব পৰা প্ৰভাৱ সম্পৰ্কত অধ্যয়ন কৰিবলৈ বাৰম্বাৰ দাবী জনাই আহিছিল। প্ৰকল্পৰ নিৰাপত্তা সম্পৰ্কতো দাবী জনাই তেওঁলোকে বিভিন্ন সময়ত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে এই বিষয়ত কোনো গুৰুত্ব নিদিলে।
ছাত্ৰ সন্থাৰ স্পষ্ট দাবী যে বিজ্ঞানসন্মত অধ্যয়ন নকৰালৈকে ফাট মেলা কামেং জলবিদ্যুৎ প্ৰকল্পত কাম বন্ধ কৰক। অৰুণাচল প্ৰদেশত প্ৰস্তাৱিত সকলো বান্ধ আৰু সকলো বান্ধৰ পৰা অসমত পৰিব পৰা প্ৰভাৱ সন্দৰ্ভত বিজ্ঞানসন্মত অধ্যয়নৰ ব্যৱস্থা কৰক।
ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে এই সম্পৰ্কত কয় যে কামেং জলবিদ্যুৎ প্ৰকল্পটো আৰু প্ৰকল্পটোৰ নামনিত পৰিব পৰা প্ৰভাৱ সম্পৰ্কত বিজ্ঞানসন্মত অধ্যয়ন কৰা নহ’ল। এই অধ্যয়নৰ বাবে আন্দোলনৰ পদক্ষেপ লোৱাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে একপক্ষীয় পদক্ষেপ গ্ৰহণ কৰিছিল। ফলত জীয়াভৰলী, নামেৰী ব্যাঘ্ৰ প্ৰকল্পকে ধৰি প্ৰকল্পটোৰ নামনিত থকা শোণিতপুৰ জিলাকে ধৰি নামনিৰ অঞ্চলসমূহ ক্ষতিগ্ৰস্ত হ’ব। এনে পৰিস্থিতিত চৰকাৰে কামেং জলবিদ্যুৎ প্ৰকল্পটো আৰু প্ৰকল্পটোৰ নামনিত পৰিব পৰা প্ৰভাৱ সম্পৰ্কত শীঘ্ৰে অধ্যয়নৰ ব্যৱস্থা কৰক।
ফাট মেলা অংশটোত জোৰা-টাপলি মৰাৰ পৰিৱৰ্তে বিজ্ঞানসন্মত অধ্যয়নৰ জৰিয়তে পদক্ষেপ গ্ৰহণ কৰক। এই বিষয়ত অসমৰ স্বাৰ্থ ৰক্ষা কৰিব পৰাকৈ অসম চৰকাৰক ফলপ্ৰসূ পদক্ষেপ ল’বলৈও ছাত্ৰ সন্থাই দাবী জনাইছে।