• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক্ষুধাৰ তাড়নাত বোমা-বাৰুদৰ অৱশিষ্ট বুটলিবলৈ গৈ মৃত্যুক সাবটিলে আলবিনাচে

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
July 3, 2018 7:29 am
Para_commando_weapon_aim

প্ৰতিনিধিত্বমূলক চিত্ৰ উৎস : ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙা মেলা আৰক্ষী চকীৰ অন্তৰ্গত পাহাৰপুৰৰ শুকানজুলি ফায়াৰিং ৰেঞ্জটো বৰ্তমান পৰ্যবসিত হৈছে মৃত্যু উপত্যকালৈ। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ এই ফায়াৰিং ৰেঞ্জত সেনা বাহিনী, অৰ্ধ সামৰিক বাহিনী, আৰক্ষীৰ গোলা-বাৰুদৰ প্ৰশিক্ষণ সঘনাই চলি থাকে।

এই শুকানজুলি ফায়াৰিং ৰেঞ্জটোৰ ওচৰ-পাজৰৰ পাহাৰপুৰ, দৰঙা মেলা, পাটকীজুলি, হৰতোলাকে ধৰি সমীপৱৰ্তী  কেইবাখনো গাঁৱৰ দুখীয়া পুৰুষ, মহিলা, যুৱক-যুৱতী, কিশোৰ-কিশোৰী, কণ-কণ ছাত্র-ছাত্ৰীকে ধৰি বিভিন্ন লোকে জীৱিকাৰ সন্ধান উলিয়াই এই ফায়াৰিং ৰেঞ্জটোত। এই ৰেঞ্জটোত বিভিন্ন সময়ত অঘটনো সংঘটিত হৈছে।

২জুলাই সোমবাৰেও এই শুকানজুলি ফায়াৰিং ৰেঞ্জত ঘটে এক অঘটন। সোমবাৰে আবেলি ফায়াৰিং ৰেঞ্জত গোলা-বাৰুদৰ প্ৰশিক্ষণ চলি থকাৰ সময়তেই গোলা-বাৰুদৰ অৱশিষ্ট অংশ সংগ্ৰহ কৰিবলৈ বিভিন্ন গাঁৱৰ পৰা অহা লোকৰ লগতে হৰতোলা গাঁৱৰ ডেনিয়েল টুডুৰ ২৩ বছৰীয়া পুত্ৰ আলবিনাচ  টুডুও গৈছিল শুকানজুলি ফায়াৰিং ৰেঞ্জলৈ।

সেনাবাহিনীৰ নিয়মিত প্ৰশিক্ষণ চলি থকাৰ সময়তে হঠাৎ বিস্ফোৰণ ঘটা বাৰুদৰ স্পিণ্টাৰ টুকুৰা চিটিকি আহি আলবিনাচৰ মুৰত পৰে। ফলত গুৰুতৰ ভাবে আহত হোৱা  আলবিনাচক লগে লগে  স্থানীয় ৰাইজে কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও চিকিৎসকে যুৱক জনক মৃত বুলি ঘোষণা কৰে। পিছত যুৱক জনৰ মৃতদেহ দৰঙামেলা আৰক্ষী চকীলৈ লৈ অনা হয়।

উল্লেখ্য যে যেতিয়া ফায়াৰিং তথা গোলা-বাৰুদৰ প্ৰশিক্ষণ চলি থাকে তেতিয়া অঞ্চলটোৰ লোকসকলে নিজে সাজি উলিওৱা বাংকাৰত লুকাই প্ৰশিক্ষণ অন্ত পৰাৰ অপেক্ষা কৰি থাকে। ফায়াৰিং বা বিস্ফোৰণৰ অন্ত পৰিলে বাংকাৰৰ পৰা লোকসকল ওলাই আহি গোলা-বৰুদৰ স্প্লিন্টাৰ নাইবা অন্যান্য অৱশিষ্ট অংশ যেনে লো, পিতল, লা, তাম আদিকে ধৰি বিভিন্ন ধাতবীয় অংশ সমূহ সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰে।  কিয়নো এই গোলা-বাৰুদৰ অংশ বিশেষ বিক্ৰী কৰি পোৱা ধনেৰে চলে অঞ্চলটোৰ  প্ৰায়বোৰ দুখীয়া পৰিয়াল।

IMG-20180703-WA0000

এনেদৰে বোমা-বাৰুদৰ অংশ সংগ্ৰহ কৰিবলৈ যোৱাটো অতি দুঃসাহসিক। ইতিমধ্যে অঞ্চলটোৰ কণ-কণ ছাত্র-ছাত্ৰী, শিশুকে ধৰি বহু সংখ্যক লোকে বোমা বাৰুদৰ অৱশিষ্ট সংগ্ৰহ কৰিবলৈ গৈ অকালতে প্ৰাণ হেৰুৱাইছে। প্ৰতি বছৰে কিমান লোকৰ মৃত্যু হৈছে তাৰ সঠিক হিচাপ উলিওৱাটো কঠিন। তথাপিও জীয়াই থকাৰ তাড়নাত অঞ্চলটোৰ অতি দুখীয়া লোক সকলে নিজৰ মৃত্যুকো নেওচি নাইবা যিকোনো মুহূৰ্তত মৃত্যু হ’ব পাৰে বুলি জানিও ফায়াৰিং নাইবা গোলা-বাৰুদ-মৰ্টাৰ-গ্ৰেণেড আদিৰ বিস্ফোৰণ চলি থকাৰ সময়তো এনেদৰেই সংগ্ৰহ কৰি আহিছে গোলা-বাৰুদৰ অংশ বিশেষ।

উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ গোলা-বাৰুদৰ বিস্ফোৰণৰ প্ৰশিক্ষণথলী শুকানজুলি ফায়াৰিং ৰেঞ্জত নাই কোনো আঁৰ-বেৰ। আঁৰ বেৰ নথকা হেতুকে যিকোনো মানুহেই অনায়াসে প্ৰৱেশ কৰিব পাৰে এই ফায়াৰিং ৰেঞ্জৰ ভিতৰত। ফায়াৰিং চলাৰ সময়ত সেই অঞ্চলটোত প্ৰৱেশ নিষিদ্ধ কৰা হয় যদিও অঞ্চলটোৰ দুখীয়া ৰাইজে ক্ষুধাৰ তাড়নাতেই গোপনে প্রৱেশ কৰে এই পাহাৰখনত।

বিভিন্ন সময়ত সচেতন মহলে এই শুকানজুলি ফায়াৰিং ৰেঞ্জটোত মানুহ সোমাব নোৱাৰাকৈ বেৰ দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনাই আহিছে যদিও চৰকাৰে এই ক্ষেত্ৰত আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । যদি ফায়াৰিং ৰেঞ্জটো এনেদৰেই উন্মুক্ত হৈ থাকে আৰু কিমান নিৰীহ লোকে অনাগত দিনত প্ৰাণ হেৰুৱাব লাগিব তাৰ কোনো নিশ্চয়তা নাই।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd