উত্তৰ-পূবৰ লোকসকলক দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি উৎসাহিত কৰাৰ উদ্দেশ্য গুৱাহাটীৰ ইনষ্টিটিউট অৱ এণ্টাৰপ্ৰিনিঅৰশ্বিপ চমুকৈ আইআইই চৌহদত মুকলি কৰা হৈছে কৃত্ৰিম শৈলাৰোহণৰ এখন দেৱাল।
যোৱা বৃহস্পতিবাৰে দেৱালখন মুকলি কৰে ভাৰত চৰকাৰৰ কৌশল বিকাশ মন্ত্ৰালয়ৰ সচিব ড০ কেপি কৃষ্ণণে।
নৰ্থ ইষ্টাৰ্ণ কাউন্সিল, শ্বিলং আৰু অসম পৰ্বাতাৰোহণ সংস্থাৰ যৌথ সহযোগিতাত এই কৃত্ৰিম শৈলাৰোহণৰ দেৱালখন স্থাপন কৰা হৈছে বুলি জানিব পৰা গৈছে।
দেৱালখন মুকলি কৰি ভাৰত চৰকাৰৰ কৌশল বিকাশ মন্ত্ৰালয়ৰ সচিব ড০ কেপি কৃষ্ণণে কয়- ‘আইআইই, এএমএ আৰু অসম ক্ৰীড়াৰোহণ সংস্থাৰ প্ৰচেষ্টা আদৰণীয়। দুঃসাহসিক ক্ৰীড়াৰ প্ৰচাৰ- প্ৰসাৰ কৰি ইয়াক পৰ্যটনৰ স্তৰলৈ লৈ যোৱাৰ বাবে উত্তৰ- পূবত যথেষ্ট সম্ভৱনা আছে। ইয়ে ন-শিকাৰু সকলক এখন নতুন মঞ্চ প্ৰদান কৰিব’।
অনুষ্ঠানটোত আইআইইৰ সঞ্চালক মণোজ কুমাৰ দা্স উপস্থিত থাকি কৃত্ৰিম শৈলাৰোহণৰ দেৱালখন সকলোৰে বাবে মুকলি থাকিব বুলি সদৰী কৰে।
উল্লেখ্য যে এই কৃত্ৰিম শৈলাৰোহণৰ দেৱালখনতে অহা ২৪-২৫ মাৰ্চত বিমল চন্দ্ৰ গোস্বামী সোঁৱৰণী উত্তৰ- পূব ক্ৰীড়াৰোহণ প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব।
আয়োজক সকলে প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তুলিবলৈ সংশ্লিষ্ট সকলো পক্ষকে সহায়- সহযোগিতাৰ আহ্বান জনাইছে।