• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীৰ ‘চিলাৰায় উদ্যান’ত বেদখল খোদ অসম আৰক্ষীৰ; চকী আঁতৰোৱাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 17, 2018 11:35 pm
155
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ দুৱাৰডলিতে আমিনগাঁৱত থকা ‘চিলাৰায় উদ্যান’ত স্বয়ং ট্ৰেফিক আৰক্ষীয়ে অবৈধভাৱে নিৰ্মাণ কৰা আৰক্ষী চকীটো উঠাই নিবলৈ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

স্বয়ং অসম আৰক্ষীয়ে চলোৱা বেদখলৰ বিৰুদ্ধে গুৱাহাটীৰ বিশিষ্ট নাগৰিক অৰুণাচল বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক অতুল চন্দ্ৰ তালুকদাৰ, প্ৰাক্তন ন্যায়াধীশ যোগেশ্বৰ বৰা, ষ্টে’ট বেংকৰ প্ৰাক্তন বিষয়া নলীনি ৰঞ্জন ৰয় আৰু  ছে’ণ্টাৰ ফৰ কোঁচ ৰাজবংশী স্তাডিজ এণ্ড ডিভেলপমেণ্টৰ অধ্যক্ষ, গৱেষক অৰূপজ্যোতি দাসে দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদন গ্ৰহণ কৰি ন্যায়ালয়ে এই নিৰ্দেশ দিছে।

ন্যায়ালয়ৰ হস্তক্ষেপৰ পিছত কামৰূপ (গ্ৰাম্য)ৰ উপায়ুক্তই দুমাহৰ ভিতৰত আৰক্ষী চকীটো তাৰ পৰা আঁতৰাই নিব বুলি জনাইছে। উপায়ুক্তগৰাকীয়ে লগতে জনাই যে উদ্যানখনত নিৰ্মাণ কৰা দেৱালসমূহো ভাঙি দিয়া হ’ব আৰু উদ্যানখনৰ চোৱা-চিতা আৰু পুঁজি ব্যৱহাৰ কৰাৰ বাবে উপায়ুক্তৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰা হ’ব।

ন্যায়ালয়ৰ ৰায়ত সন্তুষ্টি প্ৰকাশ কৰি ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখন দাখিল কৰা এজন আবেদনকাৰীয়ে এন ই নাওক কয়, ‘‘চিলাৰায়’ৰূপে জনাজাত অসমৰ প্ৰবাদপ্ৰতিম কোঁচ সেনাধ্যক্ষ দেৱান শূক্লধ্বজৰ স্মৃতিত নিৰ্মিত তথা পৰ্য্যটকৰ বাবেও দৰ্শনথলী গুৱাহাটী মহানগৰৰ প্ৰৱেশপথত থকা উদ্যানখনত খোদ অসম আৰক্ষীয়ে চলোৱা বেদখল দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য। উপায়ুক্তই নিজেই এই বেদখল হোৱা বুলি এতিয়া মানি লৈছে।’

উচ্চ ন্যায়ালয়ত আবেদনকাৰীৰ হৈ যুক্তি প্ৰদৰ্শন কৰে অধিবক্তা বিক্ৰম ৰাজখোৱাই।

Recent News

মৰিগাঁৱত নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ দোষত দোষী সাব্যস্ত : ২০ বছৰৰ কাৰাদণ্ড অপৰাধীক

মৰিগাঁৱত নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ দোষত দোষী সাব্যস্ত : ২০ বছৰৰ কাৰাদণ্ড অপৰাধীক

কথমপি ৰক্ষা! মাজ আকাশতে ইম্ফল অভিমুখী ইণ্ডিগো বিমানত বিজুতি; দিল্লীলৈ উভতি নিৰাপদে অৱতৰণ

কথমপি ৰক্ষা! মাজ আকাশতে ইম্ফল অভিমুখী ইণ্ডিগো বিমানত বিজুতি; দিল্লীলৈ উভতি নিৰাপদে অৱতৰণ

আদৰ্শ বাদ, ক্ষমতাই মূল! আদৰ্শ বিসৰ্জন দি কোন কোন সুবিধাবাদীয়ে যোগদান কৰিলে বিজেপিত?

আদৰ্শ বাদ, ক্ষমতাই মূল! আদৰ্শ বিসৰ্জন দি কোন কোন সুবিধাবাদীয়ে যোগদান কৰিলে বিজেপিত?

ইন্ধনৰ চুইচ বন্ধ হোৱাৰ পিছতো ‘শান্ত’ হৈ আছিল এগৰাকী পাইলট! নতুন প্ৰতিবেদনক লৈ বিতৰ্ক

ইন্ধনৰ চুইচ বন্ধ হোৱাৰ পিছতো ‘শান্ত’ হৈ আছিল এগৰাকী পাইলট! নতুন প্ৰতিবেদনক লৈ বিতৰ্ক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd