• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গৰ্ভৱতী মহিলাৰ মাজত এইচ আই ভি পজিটিভ আক্ৰান্তৰ শীৰ্ষত মিজোৰাম

এন ই নাও নিউজ by এন ই নাও নিউজ
April 2, 2018 9:25 am
HIV-570x320

প্ৰতিনিধিত্বমূলক ফটো

182
VIEWS
Share on FacebookShare on Twitter

গৰ্ভৱতী মহিলাৰ মাজত এইচআইভি পজিটিভৰ ঘটনা ১.১৯ শতাংশৰে মিজোৰামে এই হাৰৰ ক্ষেত্ৰত তালিকাৰ শীৰ্ষত আছে।

মিজোৰাম এইডছ নিয়ন্ত্ৰণ সমিতিৰ বিষয়াসকলে জানিব দিয়া মতে মিজোৰামত গৰ্ভৱতী মহিলাৰ মাজত এইচআইভি সংক্ৰমণৰ হাৰ ভাৰতৰ ভিতৰতে সৰ্বাধিক। এয়া ৰাষ্ট্ৰীয় গড় ০.২৮ শতাংশতকৈ অধিক। তেওঁলোকে জনোৱা মতে আন কোনো ৰাজ্যই এইক্ষেত্ৰত এক শতাংশ অতিক্ৰম কৰা নাই।

উত্তৰ-পূৰ্বাঞ্চলৰ আন এখন ৰাজ্য নাগালেণ্ডৰ স্থান ০.৮২ শতাংশৰে মিজোৰামৰ পিছতে।

মিজোৰাম এইডছ নিয়ন্ত্ৰণ সমিতিৰ এক সূত্ৰই কয় যে তামিলনাডু, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু অন্ধ্ৰ প্ৰদেশত এইচআইভি সংক্ৰমণৰ ঘটনা অধিক আছিল যদিও তাত তাৎপৰ্যপূৰ্ণভাৱে এয়া হ্ৰাস পোৱা দেখা গৈছে। আনহাতে, মিজোৰামত এইচআইভিৰ হাৰ বৃদ্ধি পাইছে।

মিজোৰামৰ পাঁচখন জিলা –আইজল, চাম্ফাই, কলাশিব, লংলেই আৰি মামিট উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত ‘’মুখ্য জনসংখ্যাৰ জিলা’’ বা উচ্চ বিপজ্জনক গোটৰ সৰ্বোচ্চ জনসংখ্যা থকা জিলাৰ শীৰ্ষ ২০ টা স্থানৰ মাজত আছে। ইয়াৰ ভিতৰত আইজল, চাম্ফাই আৰু কলাশিব শীৰ্ষ তিনিটা স্থানত আছে বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।

২০১৫ চনৰ এপ্ৰিলৰ পৰা ২০১৭ চনৰ ছেপ্টেম্বৰৰ ভিতৰত সমীক্ষাটো চলোৱা হৈছিল। এই সময়ছোৱাত কলাশিব আৰু আইজল জিলাত ৬২০ টা এইচআইভি সংক্ৰমণৰ ঘটনা চিনাক্ত কৰা হৈছে। মিজোৰামৰ আঠখন জিলাৰ ভিতৰত এয়া সৰ্বাধিক।

সমীক্ষাটো এটা কথা স্পষ্ট কৰিছে যে আইজল হৈছে এইক্ষেত্ৰত মুখ্য জনসংখ্যাৰ জিলা য’ত সৰ্বাধিক সংখ্যক ইনজেকশ্যনৰে ড্ৰাগছ গ্ৰহণকাৰী আৰু ব্যৱসায়িক যৌনকৰ্মী আছে।

এই সময়ছোৱাত লাভ কৰা তথা অনুসৰি এইচআইভি পজিটিভ আক্ৰান্তৰ মাজত ২৫-৩০ বছৰ বয়সৰ মাজত সৰ্বাধিক আৰু ইয়াৰ পিছতে ক্ৰমে ৩৫-৩৯ বয়সৰ আৰু ১৫-২৪ বছৰ বয়সৰ মাজত এইচআইভি সংক্ৰমণ বৃদ্ধি পাইছে।

মিজোৰামত ৬৪.১ শতাংশ অসুৰক্ষিত যৌন সম্পৰ্কৰে এইচআইভি সংক্ৰমণ আৰু ৩৩.৪ শতাংশ ড্ৰাগছ ব্যৱহাৰকাৰীৰ মাজত চিৰিঞ্জৰ আদান-প্ৰদানৰ ফলত সংক্ৰমণৰ ঘটনা সংঘটিত হৈছে।

এইচআইভি সেৱা কৰ্মীসকলক চিন্তিত কৰি তোলা বিষয়টো হৈছে যোৱা তিনি বছৰত চিৰিঞ্জৰ জৰিয়তে ড্ৰাগছ ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি পোৱাটো। এই সময়ছোৱাত যৌন সম্পৰ্কৰ জৰিয়তে সংক্ৰমণৰ ঘটনা একেই হাৰতে ৰৈ আছে।

তদুপৰি, ২০১৭ চনৰ এপ্ৰিলৰ পৰা চলিত বছৰৰ মাৰ্চৰ মাজ ভাগলৈকে ৩২২ গৰাকী এইডছ আক্ৰান্ত ৰোগীৰ মৃত্যুৰ তথ্য মিজোৰাম চৰকাৰে লাভ কৰিছে। অলপতে মিজোৰাম বিধানসভাত স্বাস্থ্যমন্ত্ৰী লাল থানজাৰাই এই তথ্য জানিব দিছিল।

২০১৪-১৫ বৰ্ষত সৰ্বাধিক ৫৬৯ গৰাকী এইডছ ৰোগীৰ মৃত্যু হৈছিল।

মিজোৰামৰ এইডছ নিয়ন্ত্ৰণ সমিতিয়ে ২০১৩ চনৰ পৰা প্ৰতিনিধিত্বমূলকভাৱে ৰক্ত পৰীক্ষা আৰম্ভ কৰিছিল আৰু ৰক্ত পৰীক্ষা কৰা মুঠ ৩,১৭,৩৫৬ গৰাকীৰ ভিতৰত ৭,৬৪১ গৰাকী এইচআইভি পজিটিভ পোৱা গৈছিল।

মিজোৰামত প্ৰথমগৰাকী এইচআইভি ৰোগী চিনাক্ত হৈছিল ১৯৯০ চনত। মিজোৰাম এইডছ নিয়ন্ত্ৰণ সমিতিৰ সূত্ৰই কয় যে যোৱা দুবছৰত ৰোগবিধৰ মাত্ৰা বৃদ্ধি পোৱাটো কেৱল চৰকাৰৰ বাবেই নহয় লগতে বেচৰকাৰী সংস্থা আৰু গীৰ্জাৰ কাৰণেও চিন্তাৰ কাৰণ হৈ পৰিছে।

 

Recent News

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd