• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চূড়ান্ত খচৰাৰ পৰা নাম বাদ পৰাসকলক নথিৰ ক্ষেত্ৰত সতৰ্ক হোৱাৰ আহ্বান বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 30, 2018 8:30 pm
hiren gohain on nrc

হীৰেন গোহাঁই। ফাইল ছবি।

106
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পূৰ্ণাংগ খচৰা প্ৰকাশ পোৱাৰ পাছতেই এই খচৰাৰ পৰা নাম বাদ পৰা আবেদনকাৰীসকলক সতৰ্কতা অৱলম্বন কৰাৰ বাবে পৰামৰ্শ আগ বঢ়ায় বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে। তেওঁ লগতে চৰকাৰী পক্ষকো অফিচিয়েল কাম-কাজত চোকা নজৰ ৰাখিবৰ বাবেও আহ্বান জনায়, যাতে কোনো প্ৰকৃত ভাৰতীয়ৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ নপৰে।

উল্লেখ্য যে চূড়ান্ত খচৰা প্ৰকাশৰ পাছতেই নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথাবতৰাত তেওঁ কয় “কোনো প্ৰকৃত ভাৰতীয়ৰ নাম নিজৰ ভুলৰ বাবে হওক বা অন্যৰ ভুলৰ কাৰণে হওক বাদ পৰিব নালাগে।”

তেওঁ লগতে ‘আবেদনকাৰীসকলো সচেতন আৰু সতৰ্ক হ’ব লাগে’ বুলি পৰামৰ্শ প্ৰদান কৰি লগতে কয় যে চৰকাৰী পক্ষয়ো যথেষ্ট পৰিমাণে সতৰ্ক হ’ব লাগে। কাৰণ সাধাৰণ লোকসকলে অফিচিয়েল কাম-কাজত নজনাকৈয়ে বহু ভুল কৰে, সেইবোৰৰ প্ৰতি সংশ্লিষ্ট কৰ্তৃপক্ষই নজৰ দিব লাগিব।

তাৎপৰ্য্যপূৰ্ণভাৱে বুদ্ধিজীৱীগৰাকীয়ে আৱেদনকাৰী আৰু কৰ্তৃপক্ষ দুয়ো পক্ষৰ ভুলৰ বাবেই কোনো কোনো লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিছে বুলি নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত প্ৰকাশ কৰে।

তেওঁ লগতে কয়, “যিখিনি ভুল ৰাইজৰ ফালৰ পৰা কৰিছে, সেইখিনি ভুলতো ভুলেই, তেওঁলোকৰ অনুপযুক্ত সাক্ষ্য প্ৰমাণৰ বাবেও নাম বাদ পৰিব পাৰে। কিন্তু কৰ্তৃপক্ষৰ ভুলৰ কথা কেতিয়াও ভবা নহয়।”

আনহাতে, সৰ্বসাধাৰণ লোকৰ মূল নথি-পত্ৰ বনাওঁতে কেতিয়াবা কাৰ্য্যালয়ৰ কৰ্তৃপক্ষই কিছুমান ভুল কৰে বুলি সদৰী কৰি তেওঁ লগতে উদাহৰণ সহকাৰে বাখ্যা আগ বঢ়ায় এইদৰে,  ‘ধৰি লোৱা মোৰ নামটো হীৰেন গোহাঁই, কেতিয়াবা ভুলতে হৰেন গোহাঁই বুলি আহি যাব পাৰে। মই নিজে কেতিয়াবা হীৰেন গোহাঁইৰ সলনি হীৰেন্দ্ৰ নাথ গোহাঁই লিখো। তেতিয়া যদি সংশ্লিষ্ট কৰ্তৃপক্ষই  কয় হীৰেন গোহাঁই আৰু হীৰেন্দ্ৰ নাথ গোহাঁই একে মানুহ নহয়।”

তাৎপৰ্য্যপূৰ্ণভাৱে, ‘নথি-পত্ৰ সম্পৰ্কে ভাৰতীয় মানুহ বিশেষকৈ অসমৰ জনসাধাৰণ ইমান সচেতন নহয়।‘ এইবুলি মন্তব্য কৰি তেওঁ লগতে কয় ‘গতিকে এই কথাবিলাক কৰ্তৃপক্ষই অলপ বিবেচনা কৰিব লাগে যে তেওঁলোকৰ ফালৰ পৰা কিবা ত্ৰুটি হৈছে নেকি?

আনহাতে, আবেদনকাৰীৰ সাক্ষ্য প্ৰমাণ বিচাৰ কৰোঁতে কৰ্তৃপক্ষৰ ভুল হ’ব পাৰে বুলি সন্দেহ কৰি তেওঁ লগতে কয়  “এতিয়ালৈকে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ভুলটো বিচাৰ কৰা হোৱা নাই। ধৰি লোৱা হৈছে যে আবেদনকাৰীসকলৰ ভুল হৈছে। কৰ্তৃপক্ষৰ কাৰ্য্যালয়ত যে গণ্ডগোলটো হৈ আছে এইটো এতিয়ালৈকে স্বীকাৰ কৰা হোৱা নাই। এই কথাৰ প্ৰতি সম্প্ৰ্তি দৃষ্টি দিয়াটো উচিত হ’ব।”

Recent News

দিল্লীত আম আদমী পাৰ্টীৰ পৰা পদত্যাগ ১৩ গৰাকী কাউন্সিলাৰৰঃ ইন্দ্ৰপ্ৰস্থ বিকাশ পাৰ্টী নামৰ নতুন দল ঘোষণাৰ ঘোষণা

দিল্লীত আম আদমী পাৰ্টীৰ পৰা পদত্যাগ ১৩ গৰাকী কাউন্সিলাৰৰঃ ইন্দ্ৰপ্ৰস্থ বিকাশ পাৰ্টী নামৰ নতুন দল ঘোষণাৰ ঘোষণা

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগঃ গ্ৰেপ্তাৰ হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰা

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগঃ গ্ৰেপ্তাৰ হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰা

ৰাষ্ট্ৰসংঘৰ পূৰ্বাভাসঃ ৬.৩% বৃদ্ধি হ’ব ভাৰতৰ অৰ্থনীতি

ৰাষ্ট্ৰসংঘৰ পূৰ্বাভাসঃ ৬.৩% বৃদ্ধি হ’ব ভাৰতৰ অৰ্থনীতি

উত্তৰ প্ৰদেশৰ কৃষকৰ পুত্ৰ ব্ৰিটেইনৰ ৱেলিংব’ৰো চহৰৰ মেয়ৰ হিচাপে নিৰ্বাচিত

উত্তৰ প্ৰদেশৰ কৃষকৰ পুত্ৰ ব্ৰিটেইনৰ ৱেলিংব’ৰো চহৰৰ মেয়ৰ হিচাপে নিৰ্বাচিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd