• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছ’চিয়েল মিডিয়াত অপপ্রচাৰ কৰাসকলৰ বিৰুদ্ধে কঠোৰ আৰক্ষী : দুদিনত ৩৬জনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 13, 2018 11:19 am
AssamPoliceNotification
93
VIEWS
Share on FacebookShare on Twitter

ডকমকা-কাণ্ডই জোকাৰি গৈছে আৰক্ষী প্ৰশাসনকো। ঘটনাটোত তৎকালীন আৰু সময়োচিত ব্যৱস্থা নোলোৱা বুলি আৰক্ষীৰ বিৰুদ্ধেও অভিযোগ উঠা দেখা গৈছে। আনহাতে ছ’চিয়েল মিডিয়াত সোপাধৰাৰ অপপ্ৰচাৰ তুংগত উঠা সত্ত্বেও এইবোৰ ৰোধ কৰিবৰ বাবে চৰকাৰ-আৰক্ষী প্ৰশাসনে কোনো তৎপৰতা নেদেখুৱালে বুলি অভিযোগ উঠাৰ পিছত চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক তৎপৰ হৈ পৰা দেখা গৈছে। আৰক্ষীয়ে ইতিমধ্যে ছ’চিয়েল মিডিয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ বাবে স্মাৰ্ট ছ’চিয়েল মিডিয়া চেণ্টাৰ গঠন কৰি দিছে।

ফলত যোৱা দুদিনত ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা ছ’চিয়েল মিডিয়াত সোপাধৰাৰ খবৰকে ধৰি উৰাবাতৰি আৰু অন্যান্য অপপ্ৰচাৰ কৰা ৩৬জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আনহাতে সাম্প্ৰদায়িক মন্তব্য বা ঘৃণা-বাৰ্তা বিয়পাই সংঘাত সৃষ্টি কৰিব খোজাসকলৰ ওপৰতো কঠোৰ হৈছে আৰক্ষী।

মন কৰিব লগীয়া যে গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত ডকমকা কাণ্ডৰ পিছত কাৰ্বি সম্প্ৰদায়ক লক্ষ্য কৰি আপত্তিজনক ঘৃণাৰ মন্তব্য কৰা লোকো আছে। নগাৱঁৰ কাকীৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আঞ্চলিক সমিতিৰ সভাপতি হিৰণ্য বৰাকো এই অপৰাধত গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। ইয়াৰোপৰি নগাৱঁৰে মৃদুপৱন মুক্তিৰ নামৰ এজনকো কাৰ্বি জনগোষ্ঠীৰ বিৰুদ্ধে ঘৃণা প্ৰচাৰৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ইতিমধ্যে গঠন কৰি দিয়া স্মাৰ্ট ছ’চিয়েল মিডিয়া চেণ্টাৰে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰায় ১০০টা ফে’চবুক আৰু টুইটাৰ একাউণ্ট চিনাক্ত কৰিছে, যিবোৰৰ পৰা সঘনে আপত্তিজনক মন্তব্য দিয়া বা শ্বেয়াৰ কৰা হৈছে। কিন্তু তাৎপৰ্য্যপূৰ্ণ কথাটো হ’ল এইবোৰ একাউণ্টৰ সিংহভাগেই ভুৱা একাউণ্ট বুলি আৰক্ষী নিশ্চিত হৈছে। এই কথাই প্ৰমাণ কৰে যে মানুহে উদ্দেশ্য প্ৰণোদিতভাৱেই ঘৃণা-বাৰ্তা বা সোপাধৰাৰ অপপ্ৰচাৰ চলাই আছে।

Recent News

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd