তিনিচুকীয়া জিলাৰ অধীনৰ ডিগবৈৰ বগাপানী অঞ্চলত আজি ৰেইল বিভাগৰ মাটিত থকা অবৈধ বসতি উচ্ছেদৰ বাবে যোৱা ৰেইল আৰক্ষী প্ৰবল প্ৰতিবাদৰ সন্মুখীন হ’ব লগীয়া হয়, যাৰ ফলত উচ্ছেদ নকৰাকৈ ঘূৰি আহিব লগীয়া হয় বাহিনীটো।
জানিব পৰামতে অঞ্চলটোৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় পথ-৩৮ ৰ দাঁতিত দীৰ্ঘদিন বাস কৰি অহা থলুৱা লোকসকলক আজি হঠাতে ৰেইলৱেই কৰ্তৃপক্ষই উচ্ছেদ কৰিবলৈ বাহিনী প্ৰেৰণ কৰিছিল। কিন্তু ইমান দিনৰ পৰা বহি থকা মানুহখিনিৰ অৱস্থাৰ প্ৰতি নিস্পৃহতা প্ৰদৰ্শন কৰি এই কাৰ্য্য কৰিবলৈ যোৱাত মুঠ ২১টা সংগঠন তেওঁলোকৰ পক্ষত থিয় দিয়ে।
এই সংগঠনকেইটাৰ সমৰ্থনত স্থানীয় লোকসকলে ৰেইলকৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে সোণোৱাল চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি আৰু কেইবা ঘণ্টা পথ অৱৰোধ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে ৰেইলৱেই তেওঁলোকক কোনো আগতীয়া জাননী নিদিয়াকৈ উচ্ছেদ কৰিবলৈ আহিছে।
প্ৰতিবাদকাৰীসকলক সমৰ্থন দিয়া সংগঠনকেইটাৰ প্ৰতিনিধিসকলে কয় যে ৰেইল বিভাগে তিনিচুকীয়া জিলা প্ৰশাসনে এই সময়খিনিত উচ্ছেদ নচলাবৰ বাবে লিখি তিনিচুকীয়া ৰেইল সংমণ্ডললৈ প্ৰেৰণ কৰা পত্ৰক অৱমাননা কৰিছে।
উল্লেখযোগ্য যে যোৱা ৯ মাৰ্চত তিনিচুকীয়া জিলা দণ্ডাধীশে তিনিচুকীয়া ৰেইল সংমণ্ডললৈ এই সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰিছিল, য’ত এই উচ্ছেদ চলোৱা প্ৰয়োজনীয় যদিও আইন-শৃংখলাজনিত পৰিস্থিতিৰ বাবে আৰু এন আৰ চিৰ কাম চলি থকা বাবে এই সময়ত উচ্ছেদ চলাব নালাগে বুলি উল্লেখ আছিল।
আনহাতে প্ৰতিবাদকাৰীসকলে জনোৱামতে, তেওঁলোকে উত্তৰ-পূব ৰেইলৱেইৰ মালিগাওঁস্থিত মুখ্য কাৰ্য্যালায়ৰ সৈতে যোগাযোগ কৰাত ডিগবৈ অঞ্চলত চৰকাৰীভাৱে কোনো উচ্ছেদ অভিযান চলোৱা হোৱা নাই বুলি অৱগত হয়।
প্ৰতিবাদত অংশগ্ৰহণ কৰা সংগঠনকেইটাৰ প্ৰতিনিধিবৰ্গই এই বিষয়টোত কেন্দ্ৰীয় ৰেইল দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইক হস্তক্ষেপ কৰি সমাধান কৰিবলৈ আহ্বান জনাইছে। অন্যথা তেওঁলোকে ন্যায় বিচাৰি দিচপুৰলৈ যাত্ৰা কৰিব বুলি কয়।
মন কৰিব লগীয়া যে আজিৰ ৰাইজ আৰু ২১টাকৈ সংগঠনৰ এই তীব্ৰ প্ৰতিবাদ দেখি তথা জিলা প্ৰশাসনৰ পত্ৰখনে তেওঁলোকক সমৰ্থন দিয়াৰ কথা জানি ৰেইলৱে’ৰ বিষয়াকে ধৰি উচ্ছেদৰ বাবে যোৱা বাহিনীটো উভতি আহে।
তাৎপৰ্য্যপূৰ্ণভাৱে এজন ৰেইল বিভাগৰ বিষয়াই কয় যে বগাপানী অঞ্চলত ৰেইলবিভাগৰ ভালেমান মাটি বেদখলৰ কৱলত আছে। যিকোনো সময়তে ইয়াক মুক্ত কৰা হ’ব।