ডিব্ৰুগড়ৰ সৃষ্টি হস্পিটালত হৃদৰোগৰ চিকিৎসাৰ বাবে এটা ২০ বিছনাযুক্ত প্লেক্সাছ হৃদৰোগ কেন্দ্ৰ উন্মোচন কৰা হৈছে। মঙলবাৰে সৃষ্টি হস্পিটালত এগৰাকী হৃদৰোগীৰ হৃদযন্ত্ৰৰ এনজিওগ্ৰাম সংম্পন্ন কৰা হয়।প্লেক্সাছ কাৰ্ডিয়াক চেণ্টাৰ (প্লেক্সাছ হস্পিটাল প্ৰাইভেট লিমিটেডৰ এটা গোট) আৰু সৃষ্টি হস্পিটালছ আৰু ৰিছাৰ্চ চেণ্টাৰৰ সহযোগিতাত গঢ়ি উঠা এই কেন্দ্ৰটো সমগ্ৰ উজনি অসমৰ ভিতৰতে এনেধৰণৰ একমাত্ৰ কেন্দ্ৰ বুলি জানিব পৰা গৈছে।
উজনি অসমৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত সম্পন্ন কৰা প্ৰথমটো হিচাপে অভিহিত এনজিঅগ্ৰাম প্ৰক্ৰিয়াটো সম্পন্ন কৰিছিল ডা০ ৰবীন্দ্ৰ ভট্টাচাৰ্য (ডিএনবি (মেডিচিন), ডিএম, ডিএনবি কাৰ্ডঅ’ছ) আৰু তেওঁৰ দলটোৱে। তেখেত কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিভাগৰ অবসৰপ্ৰাপ্ত অধ্যাপক।
প্লেক্সাছ হস্পিটালৰ অধ্যক্ষ সন্দীপ শ্বেখাৱটে এখন সংবাদমেলত ঘোষণা কৰে যে এটা কেথেটেৰিজেশ্যন লেব আৰু ২০খন বিছনাযুক্ত সকলো সৰ্বাধুনিক আহিলাযুক্ত চিকিৎসালয়খনত দক্ষ চিকিৎসাকৰ্মী বিশেষজ্ঞ চিকিৎসক দলে হৃদজনিত ৰোগৰ জৰুৰীকালীন চিকিৎসা সেৱা আগবঢ়াব।
ৰবীন্দ্ৰ ভট্টাচাযই কয় যে অসমত বহুতে হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত হয় আৰু এই চিকিৎসালয়খনে সমগ্ৰ অসমতে সেৱা আগবঢ়াব। হৃদৰোগৰ চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাথাকিব বুলিও তেওঁ মন্তব্য কৰে। চিকিৎসালয়খনত বাইপাছ ছাৰ্জাৰী আৰু অন্যন্য অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ’ব বুলি তেওঁ কয়।
এন এইচ্ছ হস্পিটালৰ কাৰ্ডিঅ’থোৰাচিক ছাৰ্জন ডা০ ৰোহিত কুমাৰে কয় যে অধিকাংশ অ’পেন হাৰ্ট ছাৰ্জাৰীয়েই অসমৰ বাহিৰত সম্পন্ন কৰা হয় যদিও এনেধৰণৰ জৰুৰীকালীন হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰো তেওঁলোকে কৰিবলৈ সক্ষম হ’ব।