• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ড০ জনক ঝংকাৰ নাৰ্জাৰী, গুণেশ্বৰ ভূঞালৈ ৰাজ্য চৰকাৰৰ বিষ্ণু ৰাভা বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 19, 2018 11:43 am
ATTACHMENT
762
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ প্রসিদ্ধ ভাস্কর্য শিল্পী ড০ জনক ঝংকাৰ নাৰ্জাৰী আৰু বিশিষ্ট নৃত্যশিল্পী গুণেশ্বৰ ভূঞালৈ আগবঢ়োৱা হৈছে ২০১৮ বর্ষৰ বিষ্ণু ৰাভা বঁটা৷ অসম চৰকাৰে প্রতি বছৰে কলাগুৰু বিষ্ণু প্রসাদ ৰাভাৰ স্মৃতিত ৰাভা দিৱসৰ দিনা দুজনকৈ শিল্পকলাৰ সৈতে জড়িত লোকক এই বঁটা প্রদান কৰি আহিছে৷ সেই অনুসৰি কালি চলিত বর্ষৰ বঁটা প্রাপকৰ নাম ঘোষণা কৰে ৰাজ্যৰ সাংস্কৃতিক সঞ্চালকালয়ে৷

উল্লেখযোগ্য যে অহা ২০ জুনত ৰাজ্যৰ সাংস্কৃতিক সঞ্চালকালয়ে কামৰূপ মহানগৰ জিলা প্রশাসনৰ সহযোগত সোণাপুৰ মিনি ষ্টেডিয়ামত কেন্দ্রীয়ভাৱে আয়োজন কৰা ৰাভা দিৱসৰ অনুষ্ঠানত দুয়োজন বিশিষ্ট শিল্পীক আনুষ্ঠানিকভাৱে বঁটা প্রদান কৰা হ’ব৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে প্রদান কৰিবলগীয়া এই বঁটাৰ সৈতে আছে নগদ ২ লাখ টকাৰ লগতে এখন প্রশস্তি পত্র, স্মাৰক আৰু অংগ বস্ত্র৷

অনুষ্ঠানত সাংস্কৃতিক মন্ত্রী নৱ কুমাৰ দলেও উপস্থিত থাকিব বুলি আজি এক বিবৃতিযোগে জানিবলৈ দিয়ে সাংস্কৃতিক সঞ্চালকালয়ে৷

স্মৰ্তব্য যে ১৯৪৮ চনৰ ২৮ ফেব্রুৱাৰীত কোকৰাঝাৰৰ হাতীমথাত জন্মগ্রহণ কৰা ড০ জনক ঝংকাৰ নাৰ্জাৰীয়ে কলকাতাৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ অধীনস্থ শান্তি নিকেতনত ‘হিষ্টৰী অৱ আর্ট’ বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে সেৱা আগবঢ়াইছিল৷ তেওঁ ২০১৩ চনত কলা ভৱনৰ অধ্যক্ষ হিচাপে চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰে৷ কলকাতা, মুম্বাই, নতুন দিল্লী, বাৰানসী আদি দেশৰ বিভিন্ন স্থানৰ লগতে দক্ষিণ কোৰিয়া, মেক্সিকো, থাইলেণ্ড, তুর্কী, ইটালী, জার্মানী, ভিয়েটনাম, বাংলাদেশ, টাইৱান আদি বিশ্বৰ বিভিন্ন স্থানত ভাস্কর্য শিল্পী ড০ নাৰ্জাৰীয়ে প্রদর্শনী, ভাস্কর্য সন্মিলনী আৰু শিল্প সংক্রান্তীয় আলোচনা-চক্রত অংশ গ্রহণ কৰি বিশ্বৰ শিল্প ৰসিকৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷

আনহাতে ১৯৪৬ চনত জন্মগ্রহণ কৰা গুণেশ্বৰ ভূঞাই জীৱনৰ দীর্ঘ সময় ৰাজ্যৰ বহুকেইটা ভ্রাম্যমাণ নাট্যগোষ্ঠীৰ সৈতে অভিনেতা আৰু নৃত্য পৰিচালক হিচাপে জড়িত হৈ আছে৷ তেওঁ পূর্বজ্যোতি থিয়েটাৰ, ৰূপকোঁৱৰ থিয়েটাৰ, কহিনুৰ থিয়েটাৰ, হেঙুল থিয়েটাৰ, ভাগ্যদেৱী থিয়েটাৰ, অসম ষ্টাৰ থিয়েটাৰ আদি নাট্যগোষ্ঠীৰ সৈতে নৃত্য শিল্পী বা অভিনেতা হিচাপে জড়িত থকাই নহয়, নৃত্য পৰিচালক হিচাপেও দীর্ঘদিন ধৰি জড়িত হৈ আছিল৷

কেৱল কহিনুৰ থিয়েটাৰতে তেওঁ সুদীর্ঘ ২৬ বছৰকাল জড়িত আছিল৷ ৰাজ্যৰ অগ্রণী ভ্রাম্যমাণ থিয়েটাৰ গোষ্ঠীটোত তেওঁ বহুকেইখন নৃত্য নাটিকাত নৃত্য প্রদর্শন আৰু পৰিচালনা কৰাৰ লগতে হেমলেট, ক্লিওপেট্রা, ইলিয়াড, ওডিচি, ৰামায়ণ, টাইটানিক, নাগিনীৰ অমৃত দংশন, এমুঠি চাউল, শোণিত কুঁৱৰী, ৰাম বিজয়, চিৰাজ, মল্লিকা, কলংকিনী নায়িকা, দেৱযানী, কাৰবালা, শ্রীবৎসৰ চিন্তা আদি বহু নাটকত অভিনয়ো কৰিছিল৷

 

Recent News

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাধাৰণ বিজ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

চৰকাৰী চাকৰিৰ নিযুক্তি পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

কাটা তাঁৰ পাৰ হৈ অহা বাংলাদেশীক খেদি পঠিওৱাৰ বাবে ক্ষোভ বাংলাদেশ চৰকাৰৰ

কাটা তাঁৰ পাৰ হৈ অহা বাংলাদেশীক খেদি পঠিওৱাৰ বাবে ক্ষোভ বাংলাদেশ চৰকাৰৰ

‘যদি ন্যায়াধীশসকলে প্ৰট’কল ভংগ কৰিলেহেঁতেন’; মহাৰাষ্ট্ৰ ভ্ৰমণ কালত কি ক’লে মুখ্য ন্যায়াধীশগৰাকীয়ে?

‘যদি ন্যায়াধীশসকলে প্ৰট’কল ভংগ কৰিলেহেঁতেন’; মহাৰাষ্ট্ৰ ভ্ৰমণ কালত কি ক’লে মুখ্য ন্যায়াধীশগৰাকীয়ে?

পাকিস্তানত নিহত ভাৰতত একাধিক আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰৰ সন্ত্ৰাসবাদী ছইফুল্লাহ খালিদ

পাকিস্তানত নিহত ভাৰতত একাধিক আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰৰ সন্ত্ৰাসবাদী ছইফুল্লাহ খালিদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd