সদ্য-সমাপ্ত ত্ৰিপুৰা, নাগালেণ্ডত আৰু মেঘালয়ৰ নিৰ্বাচনৰ আজি প্ৰকাশ পোৱা ফলাফলে আন আন ঠাইৰ লগতে ডিমা হাচাও জিলাটো বিজেপিৰ নেতাকৰ্মী সকলক উৎফুল্লিত কৰি তোলে।
উল্লেখযোগ্য যে ত্ৰিপুৰাত দীৰ্ঘ পঁচিশ বছৰীয়া বাম শাসনৰ অৱসান ঘটাই গেৰুৱা দল বিজেপিয়ে একক সংখ্যা গৰিষ্ঠতা লাভ কৰিবলৈ সফল হয়।
আনহাতে মেঘালয়তো কংগ্ৰেছ শাসনৰ অৱসান কৰি নেডায় (এন ই ডি এ) চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আছে। একেদৰে নাগালেণ্ডতো বিজেপি- এন ডি পি পিৰ জোঁটে চৰকাৰ গঠন কৰাটো নিশ্চিত হৈ পৰিছে।
গেৰুৱা দলৰ এই উত্থানত জিলাখনৰ দলীয় নেতাকৰ্মী সকলৰ মাজত প্ৰবল উৎসাহ পৰিলক্ষিত হৈছে।
হাফলঙত জিলা বিজেপি কাৰ্যালয়ত ডিমা হাচাও জিলা বিজেপিৰ নেতাকৰ্মী সকলে আজি ফটাকা ফুটাই আনন্দ উল্লাস কৰে।
ডিমা হাচাও জিলা বিজেপি সভাপতি নিপ’লাল হোজাইয়ে কয় যে ত্ৰিপুৰাত বিজেপি নিৰংকুশ সংখ্যা গৰিষ্ঠতা পাইছে। আনহাতে নাগালেণ্ড, মেঘালয়ত বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব।
তেওঁ লগতে কয় যে বৰ্তমানেও উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদ বিজেপি দলৰ দখলত আছে আৰু অহা নিৰ্বাচনত বিজেপিয়েই শাসনত আহিব।
হোজাইয়ে আৰু কয়, ‘অহা কাইলৈ নিৰ্বাচন অনুষ্ঠিত হ’লেও আপত্তি নাই। বিজেপি দল সাজু হৈ আছে।’
বিজয় উৎসৱটোত বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষা ৰাণু লাঙঠাচাৰ লগতে পৰিষদৰ উপাধ্যক্ষ হিমবাহাদুৰ ছেত্ৰী, ই এম কুলেন্দ্ৰ দাউলাগুপু প্ৰমুখ্যে দলটোৰ নেতাকৰ্মী সকলে অংশগ্ৰহণ কৰে।