• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুদিনীয়াকৈ আয়োজিত গাহৰি পালন প্ৰশিক্ষণ শিবিৰত অৰুণাচলৰ ৩৫ জন কৃষকৰ অংশগ্ৰহণ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 18, 2018 12:59 pm
480
VIEWS
Share on FacebookShare on Twitter

নৰ্থ-ইষ্ট ইনিচিয়েটিভ ডেভেলপমেণ্ট এজেন্সি(NEIDA) আৰু লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ে জানুৱাৰি ১৭ আৰু ১৮ তাৰিখে আয়োজন কৰা গাহৰি পালন কৰ্মশালাৰ বুধবাৰে সমাপ্তি ঘটে। দুদিনীয়াকৈ আয়োজন কৰা কৰ্মশালাখন উত্তৰ লক্ষীমপুৰৰ জয়হিঙস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধিনিষ্ঠ লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত অনুষ্ঠিত হয়।

অৰুণাচল প্ৰদেশৰ য়াজিল, দৈমুখ আৰু কিমিমৰ মুঠ ৩৫ গৰাকী কৃষকে উক্ত কৰ্মশালাখনত অংশগ্ৰহণ কৰা বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে। লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী ডিন ড০ ইউ আৰ তামুলীয়ে প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভণি কৰিছিল।

উদ্বোধনী অনুষ্ঠানত ড০ তামুলীয়ে প্ৰশিক্ষণাৰ্থী সকলক উদ্দেশ্যি কয় যে গাহৰি পালনৰ লগতে নিজকে স্বাবলম্বী কৰি তুলিবলৈ অন্য পশুও উন্নত মানৰ বৈজ্ঞানিক পদ্ধতিৰে পালন কৰিবলৈ  আহ্বান জনায়। তদুপৰি গাঁৱৰ লোকসকলক অৰ্থনৈতিকভাবে আত্মনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যেৰে NEIDA ই গ্ৰহণ কৰা বিভিন্ন পদক্ষেপকো ভূয়সী প্ৰশংসা কৰে ড০ তামুলীয়ে।

অৰুণাচল প্ৰদেশৰ কৃষক সকলৰ বাবে আয়োজন কৰা প্ৰশিক্ষণ শিবিৰৰ বাবে উদযাপন সমিতিৰ সম্পাদক ড০ সঞ্জীৱ খাৰঘৰীয়াই অনুষ্ঠানৰ স্বাগতম ভাষণত NEIDA ক ধন্যবাদ জনায়।

আনহাতে NEIDAৰ বিষয়ববীয়া ড০ প্ৰভাত বৰুৱাই বৈজ্ঞানিক পদ্ধতিৰে কিদৰে গাহৰিৰ প্ৰজনন বৃদ্ধি কৰিব পাৰি সেই সম্পৰ্কে কৃষক সকলৰ বাবে প্ৰশিক্ষণ শিবিৰ তথা কৰ্মশালাখনৰ ব্যৱস্থা কৰা হোৱা বুলি জনায়।

ইয়াৰ উপৰি কৰ্মশালাখনত লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিভিন্ন প্ৰশিক্ষণ প্ৰাপ্ত লোকে গাহৰি উৎপাদন, পশুৰ স্বাস্থ্য সম্বন্ধীয় তথা অন্যান্য বিষয়ত কৃষক সকলৰ লগত মত বিনিময় কৰে।

সফল পৰিসমাপ্তি ঘটা প্ৰশিক্ষণ শিবিৰৰ অন্তিম দিনা তিনিজন কৃষকক নিজৰ নিজৰ দক্ষতাৰ পৰিচয় দিয়াৰ বাবে আয়োজক সমিতিয়ে পুৰস্কৃত কৰে।

Recent News

স্থায়ী বন্দোবস্তিৰ বাবে চক্ৰ বিষয়াক ৫ নং আৰু ৬ নং ৰায়তী প্ৰপত্ৰ প্ৰদান বৰদুৱাৰ বাগানৰ বাসিন্দাৰ

স্থায়ী বন্দোবস্তিৰ বাবে চক্ৰ বিষয়াক ৫ নং আৰু ৬ নং ৰায়তী প্ৰপত্ৰ প্ৰদান বৰদুৱাৰ বাগানৰ বাসিন্দাৰ

ভাৰত ধৰমশালা নহয়! শ্ৰীলংকান নাগৰিকৰ আশ্ৰয় বিচাৰি কৰা আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে

ভাৰত ধৰমশালা নহয়! শ্ৰীলংকান নাগৰিকৰ আশ্ৰয় বিচাৰি কৰা আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে

“পাকিস্তানক আক্ৰমণৰ আগতীয়া খবৰ দি দেশৰ কিমান ক্ষতি হ’ল?” : বৈদেশিক মন্ত্ৰীক প্ৰশ্ন ৰাহুল গান্ধীৰ

“পাকিস্তানক আক্ৰমণৰ আগতীয়া খবৰ দি দেশৰ কিমান ক্ষতি হ’ল?” : বৈদেশিক মন্ত্ৰীক প্ৰশ্ন ৰাহুল গান্ধীৰ

অপাৰেচন সিন্দূৰৰ বিষয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ বাবে গ্ৰেপ্তাৰ অধ্যাপকৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

অপাৰেচন সিন্দূৰৰ বিষয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ বাবে গ্ৰেপ্তাৰ অধ্যাপকৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd