• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দৌৰ ৰাণী হিমাৰ সফলতাই ৰাজ্যৰ ৩.৩০ কোটি লোকৰ মৰ্যাদা বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিলে : মুখ্য মন্ত্ৰী সোণোৱাল

মিণ্টু দাস by মিণ্টু দাস
July 17, 2018 5:14 pm
148
VIEWS
Share on FacebookShare on Twitter

‘স্বৰ্ণজয়ী খেলুৱৈ গৰাকীয়ে আন্তৰ্জাতিক ক্ৰীড়া প্ৰতিযোগিতাত তেওঁৰ সফলতাৰ জৰিয়তে ৰাজ্যৰ ৩.৩০ কোটি লোকৰ মৰ্যাদা বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিলে।’ অসম গৌৰৱ তথা দৌৰ ৰাণী হিমা দাসৰ নগাঁৱৰ ধিংস্থিত বাসগৃহত উপস্থিত হৈ এই মন্তব্য কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

উল্লেখযোগ্য যে অসম গৌৰৱ হিমা দাসৰ ঘৰত উপস্থিত হৈ মুখ্য মন্ত্ৰী সোণোৱালে পিতৃ ৰঞ্জিত দাস, মাতৃ জোনালী দাস আৰু পৰিয়ালৰ অন্যান্য লোকক সাক্ষাৎ কৰে। ইয়াৰ পিছতে মুখ্য মন্ত্ৰী গৰাকীয়ে হিমাৰ পিতৃ-মাতৃক অভিনন্দন জ্ঞাপন কৰাৰ লগতে গামোচা, শৰাই আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন কৰাৰ পিছতে মুখ্য মন্ত্ৰী গৰাকীয়ে হিমাৰ পৰিয়ালৰ লোকৰ সৈতে বাৰ্তালাপ কৰে। বার্তালাপৰ সময়ত হিমা দাসৰ পিতৃয়ে কান্দুলীমাৰী গাঁৱৰ পুথিভঁৰাল, নামঘৰ আৰু খেলপথাৰৰ উন্নয়ন সাধন কৰাৰ বাবে মুখ্য মন্ত্ৰীক অনুৰোধ জনায়। হিমা দাসৰ পিতৃৰ অনুৰোধ অনুসৰি গাঁওখনৰ পুথিভঁৰাল, নামঘৰ আৰু খেলপথাৰৰ উন্নয়ন সাধনৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়োজনীয় পুঁজি যোগান ধৰাৰ বাবে আশ্বাস প্ৰদান কৰে। আৰু এই ক্ষেত্ৰত মুখ্য মন্ত্ৰী গৰাকীয়ে জিলা উপায়ুক্তক ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে।

তাৰোপৰি হিমা দাসৰ পিতৃয়ে শ’লগুৰিত পূৰ্বতে থকা আৰক্ষী চকীটো পুনৰ সক্ৰিয় কৰিবলৈও মুখ্য মন্ত্ৰী গৰাকীক অনুৰোধ জনায়। আৰু মুখ্য মন্ত্ৰী গৰাকীয়ে জিলা আৰক্ষী অধীক্ষক গৰাকীক এই ক্ষেত্ৰত যথোচিত পদক্ষেপ গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰী সোণোৱালে হিমা দাসৰ পিতৃ-মাতৃক ক্ৰীড়াবিদগৰাকী ৰাজ্যলৈ উভতি অহাৰ পিছতে ৰাজ্যিক পৰ্যায়ত তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে হিমাক ৰাজ্যৰ ক্ৰীড়াৰ ব্ৰেণ্ড এম্বেচাদৰ আৰু ৫০ লাখ টকা প্ৰদান কৰা হ’ব বুলিও কয়।

লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে হিমা দাসে অনুশীলন কৰা গাঁৱৰ খেলপথাৰখন উন্নয়ন, হিমাই আজৰি সময়ত অধ্যয়ন কৰা পুথিভঁৰালৰ লগতে হিমাই পুৱা-গধূলি সেৱা কৰা নামঘৰটো অতি শীঘ্ৰে উন্নয়ন কৰাৰ বাবে নগাঁও জিলা উপায়ুক্ত গৰাকীক নিৰ্দেশ দিয়ে।

আজি মুখ্য মন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd