• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধৰ্ষণকাৰীক কঠোৰতকৈও কঠোৰ শাস্তি প্ৰদানৰ দাবী অসম ৰাজ্যিক শিশু সুৰক্ষা অধিকাৰ আয়োগৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 26, 2018 3:06 pm
c3f70bdc-391d-4afa-902e-ff6d14e76af9
124
VIEWS
Share on FacebookShare on Twitter

বটদ্ৰবাত যোৱা শুকুৰবাৰে সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ মূল খলনায়ক জাকিৰ হুছেইনক কঠোৰতকৈও কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে অসম ৰাজ্যিক শিশু সুৰক্ষা অধিকাৰ আয়োগে।

গুৱাহাটীৰ আয়োগৰ কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলত আয়োগৰ সদস্য ইন্দ্ৰানী তাহবিলদাৰে কয়, ‘’কালি আমি ধৰ্ষণৰ বলি হৈ মৃত্যুক সাবটি লোৱা শিশুটিৰ ঘৰলৈ গৈ তেওঁলোকৰ পৰিয়ালক লগ ধৰিছিলো। লগতে আমি গাঁৱৰ জ্যেষ্ঠ লোকসকলৰ লগতো কথা পাতিছিলো। তেতিয়া আমি গম পালো যে ধৰ্ষণৰ মূল খলনায়কটোৱে পূৰ্বেও বহুকেইটা অপৰাধ সংঘটিত কৰিছিল। আমি জানিব পৰা মতে সি ১৪ বছৰ বয়সৰ পৰা এনেধৰণৰ অপৰাধৰ সৈতে জড়িত হৈ আছিল।‘’

‘’আমি আৰক্ষীক ধৰ্ষণকাৰীৰ বিৰুদ্ধে অভিযোগনামাখন শক্তিশালীকৈ প্ৰস্তুত কৰিবলৈ কৈছো যাতে আইনৰ সুৰুঙাৰে ওলাই আহিব নোৱাৰে। ধৰ্ষণকাৰীজন যিহেতু পূৰ্বেও বহুকেইটা দুষ্কাৰ্যৰ সৈতে জড়িত গতিকে তেওঁৰ মানসিকতাটোৱে তেনেদৰে গঢ় লৈ উঠিছে। কাৰাগাৰৰ পৰা ওলাই আহি আকৌ সেই অপৰাধমূলক কামত জড়িত হৈ পৰিব,’’- তহবিলদাৰে কয়।

লক্ষ্যণীয় কথা যে সেই অঞ্চলৰ লোকসকলে পূৰ্বে সংঘটিত হোৱা অপৰাধমূলক কাৰ্য্যসমূহ গাপ দি ৰাখে বুলিও তেওঁ আজিৰ সংবাদমেলত সদৰী কৰে।

তেওঁ লগতে কয়, ‘‘ আমি তেওঁলোকক বুজাইছিলো যে যদি এই অপৰাধমূলক ঘটনাসমূহ আপোনালাকে গাপ দি ৰাখে তেন্তে এনেধৰণৰ অপৰাধসমূহ দিনক দিনে বাঢ়ি যাব। তেতিয়া তেওঁলোকে আমাক ক’লে যে ধৰ্ষণৰ মূল অভিযুক্ত ডিমাপুৰ নাইবা লাওগাঁৱত থাকিব পাৰে। এই কথাটো আমাৰ বাবে উপযোগী বুলি ভাবি আমি আৰক্ষী থানাত কথাটো অৱগত কৰিলো। তেতিয়াই আৰক্ষীয়ে তদন্ত কৰি মূল অভিযুক্তক আটক কৰিবলৈ সক্ষম হয়।‘’

আনহাতে, উক্ত সংবাদমেলতে উপস্থিত থকা আয়োগৰ সদস্যা ড০ পিলু হাজৰিকাই মন্তব্য প্ৰকাশ কৰে যে পূৰ্বেও এনেধৰণৰ অপৰাধ সংঘটিত হৈ থাকে। কিন্তু এইবাৰ ধৰ্ষিতা ছোৱালীগৰাকীৰ মৃত্যু হোৱাৰ বাবেহে তেওঁলোক সজাগ হৈ পৰিল। সেই অঞ্চলসমূহত বাল্যবিবাহ, যৌনতামূলক কাৰ্য্যসমূহ একেবাৰে সাধাৰণ কথা।

লগতে তেওঁ এনেধৰণৰ অপৰাধমূলক কাম-কাজৰ কাৰণ সন্দৰ্ভত সন্দৰ্ভত কয়, ‘’ইন্টাৰনেটত বৰ্তমান সময়ত নীলা ছবিসমূহ সহজলভ্য হৈ পৰিছে। সেয়েহে এনেকুৱাধৰণৰ অপৰাধমূলক কামসমূহ বেছিকৈ সমাজত শিপাই গৈছে।‘

তেওঁ ধৰ্ষণকাৰীৰ বিৰুদ্ধে প্ৰণয়ণ কৰা আইনখন সঠিক নহয় বুলি মন্তব্য কৰি কয়, ‘’ধৰ্ষণকাৰী ৭ বছৰ কাৰাগাৰত থকাৰ পিছত পুনৰ ওলাই আহে। গতিকে এই সময়সীমাটো আৰু অধিক দীঘলীয়া হোৱাটো বিচাৰো। কোনো কোনো ৰাজ্যত ধৰ্ষণকাৰীৰ বিৰুদ্ধে চৰম শাস্তিৰো ব্যৱস্থা আছে।সেই ৰাজ্যসমূহত ১২ বছৰ অনুৰ্ধৰ ছোৱালীক ধৰ্ষণ কৰিলে এই চৰম শাস্তি প্ৰদান কৰে। আমাৰ ৰাজ্যতো তেনে এটা ব্যৱস্থা হাতত লোৱাটো আমি বিচাৰো।‘’

সংবাদমেলৰ শেষত নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা সাক্ষাৎকাৰত ইন্দ্ৰানী তহবীলদাৰে উল্লেখ কৰে যে বটদ্ৰৱাত সংঘটিত হোৱা হত্যাকাণ্ডৰ সৈতে মুল অভিযুক্তই দুজন শিশুক ব্যৱহাৰ কৰিছিল। তেওঁলোক খুব কম বয়সৰ আৰু চতুৰ্থ-পঞ্চম শ্ৰেণীত অধ্যয়নৰত।আনহাতে, নিহত কণমানিগৰাকীৰ পিতৃয়ে আমাক কয় যে এই শিশুদুগৰাকীক ধৰ্ষণকাৰীয়ে ডেগাৰ দেখুৱাই হত্যাৰ ভাবুকি দিছিল।

আনহাতে, তহবিলদাৰে এই শিশুকেইটিক জুভেনাইল আইনৰ অধীনত শিশু অপৰাধ গৃহত ৰাখিবৰ বাবে আহ্বান জনায়। লগতে তেওঁ কয়, ‘’এই শিশু দুটিক যাতে ভবিষ্যতে সু-নাগৰিক হিচাপে গঢ় দিব পাৰি তাৰ বাবে প্ৰশিক্ষণৰো ব্যৱস্থা কৰিবলৈ চৰকাৰক আমি আহ্বান জনাইছো।‘’

 

 

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd