• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে বৃহস্পতিবাৰে শপত ল’ব ৰিঅ’ই : এনপিপিৰ সমৰ্থন প্ৰত্যাহাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2018 9:03 pm
Neiphiu-Rio-files-nomination-570x320
197
VIEWS
Share on FacebookShare on Twitter

নেইফিউ ৰিঅ’ নেতৃত্বাধীন পীপলছ ডেম’ক্ৰেটিক এলায়েন্স চৰকাৰখনে বৃহস্পতিবাৰে কোহিমাৰ স্থানীয় খেল পথাৰত অনুষ্ঠিত এক অনুষ্ঠানত শপত গ্ৰহণ কৰিব। তেওঁ নাগা পীপলছ ফ্ৰন্ট (এনপিএফ) নেতৃত্বাধীন ডেম’ক্ৰেটিক এলায়েন্স অফ নাগালেণ্ড (ডি এ এন))ৰ মুখ্যমন্ত্ৰী হিচাপে ২০০৩ চনৰ পৰা একেৰাহে তিনিটা কাৰ্যকালত মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ চলাইছিল।

তেওঁ ২০১৪ চনত মুখ্যমন্ত্ৰী পদ খালি কৰি লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। সদ্য সমাপ্ত নাগালেণ্ড বিধানসভা নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ পিছত সাংসদ পদৰ পৰা পদত্যাগ কৰে।

জেডিইউৰ একমাত্ৰ সদস্যগৰাকীৰ আৰু এগৰাকী নিৰ্দলীয় বিধায়কৰ সমৰ্থনেৰে ৬০ জনীয়া বিধানসভাত মিত্ৰজোঁটটোৰ সদস্য সংখ্যা হৈছে ৩২ গৰাকী। বিজেপিৰ ১২ গৰাকী আৰু ইয়াৰ সহযোগী এনডিপিপিৰ ১৮ গৰাকী সদস্য আছে। ৩ মাৰ্চত ফলাফল ঘোষণা হোৱাৰ পিছত এনডিপিপি আৰু বিজেপিয়ে পিডিএ গঠন কৰে।

অৱশ্যে, নতুন চৰকাৰে শপত গ্ৰহণ কৰিবলৈ ওলেৱাৰ এই মুহূৰ্ততে পিডিএৰ বাবে এটা ডাঙৰ আঘাত হ’ল নেশ্যনেল পীপলছ পাৰ্টি (এনপিপি)য়ে মঙলবাৰে এনডিপিপি-বিজেপি মিত্ৰজোঁটক সমৰ্থন জনাই পত্ৰ দিয়াৰ পিছত বুধবাৰে এই সমৰ্থন প্ৰত্যাহাৰ কৰিছে। সদ্য সমাপ্ত নাগালেণ্ডৰ নিৰ্বাচনত এনপিপিয়ে দুখন আসন লাভ কৰিছিল।

বুধবাৰে সচিবালয়ৰ শীৰ্ষ বিষয়াসকলৰ এখন সভাত ভাষণ দি নাগালেণ্ডৰ ভাৰপ্ৰাপ্ত মুখ্য সচিব টেমজেন টয়ে কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং, আন কেন্দ্ৰীয় মন্ত্ৰী আৰু চুবুৰীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল ৰাজহুৱা শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব।

তেওঁ লগতে জনায় যে সকলো বিভাগৰে মুৰব্বী আৰু অতিৰিক্ত মুৰব্বী বিষয়াসকল শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব।

টি আৰ জেলিয়াঙে মঙলবাৰে আবেলি তেওঁৰ মন্ত্ৰীসভাৰ সৈতে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে।

‘’বিজেপিয়ে এনপিএফৰ লগত মিত্ৰতা ত্যাগ কৰাৰ কথা জানিব পাৰি মই মোৰ দ্বাৰা গঠিত মন্ত্ৰীসভাৰ পদত্যাগ পত্ৰ দাখিল কৰিলো আৰু তাৎক্ষণিকভাৱে ইয়াক গ্ৰহণ কৰিবলৈ অনুৰোধ জনালো,’’- নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্যক দাখিল কৰা পদত্যাগ পত্ৰত জেলিয়াঙে কয়।

যোৱা ৫ মাৰ্চত কোহিমাত অনুষ্ঠিত এখন বৈঠকত এনডিপিপিয়ে ঐক্যমতেৰে ৰিঅ’ক এনডিপিপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰিছিল।

 

 

Recent News

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd