প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কখন অসমৰ বাবে জাতিধ্বংসী আৰু সেইবাবে এইখন অসমীয়াই মানি ল’ব নোৱাৰে। – গৃহ মন্ত্ৰী ৰাজনাথ সিঙক এইদৰে স্পষ্ট কৰি দিলে অগপই।
২২মে’ত সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি অসমৰ জনমতক সন্মান জনাই নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰি অসমৰ জনসাধাৰণৰ স্বাৰ্থত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে বিধেয়কখন প্ৰত্যাহাৰ কৰিবলৈ দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে।
দলটোৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি দুয়োগৰাকীয়ে তাৰ পিছতে নতুন দিল্লীত এখন সংবাদমেলো সম্বোধন কৰে।
নেতাদ্বয়ে কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰীজন যিহেতু ঐতিহাসিক অসম চুক্তি ৰূপায়ণৰ ন’ডেল বিভাগৰো দায়িত্বত আছে, গতিকে তেওঁক সাক্ষাৎ কৰি বিধেয়কখন বাতিলৰ দাবী পুনৰ উত্থাপন কৰা হৈছে, যাতে বিজেপিৰ সৈতে থকা অগপৰ মিত্ৰতা অক্ষুণ্ণ ৰখাত তেওঁ ইতিবাচক ভূমিকা লয়। অসম চুক্তিৰ সকলো দফাৰ ৰূপায়ণৰ ওপৰতে দুয়োটা দলৰ মিত্ৰতাৰ ভেটিটো থিয় হৈ আছে বুলি নেতা দুজনে সিঙক কয়।
তেওঁলোকে লগতে কয় যে অসমে চুক্তিখনৰ জৰিয়তে ইতিপূৰ্বে ১৯৭১ চনৰ ২৪ মাৰ্চলৈকে বিদেশীৰ বোজা ল’লে। এই বাবেই অসম চুক্তিখনৰ ৬ নং দফাত ৰাজ্যখনৰ বাবে সাংবিধানিক ৰক্ষাকৱচৰ ব্যৱস্থা কৰাৰ কথা কোৱা হৈছে। কিন্তু এই পৰ্য্যন্ত তাৰ বাবে একো কৰা হোৱা নাই। অসম নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা হ’ব পৰা অতিৰিক্ত বোজা বহন কৰিবলৈ অক্ষম। বিধেয়কখন গৃহীত হ’লে অসমৰ জনগাঁথনি ব্যাপক পৰিৱৰ্তন হ’ব আৰু অসমৰ ভাষা-সাহিত্য-সংস্কৃতি সম্পূৰ্ণৰূপে বিপদাপন্ন হৈ পৰিব। এই বিধেয়কখন অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্বৰ প্ৰতি ভাবুকিস্বৰূপ।
আনহাতে সাংবাদিকৰ আগত নেতা দুজনে কয় যে মেঘালয় আৰু বিহাৰৰ মুখ্য মন্ত্ৰীয়েও বিধেয়কখনৰ বিৰোধিতা কৰিছে।
উল্লেখযোগ্য যে মেঘালয়ৰ ৰাজ্য চৰকাৰে কেবিনেট বৈঠকৰ আলোচনা মৰ্মে এই বিধেয়কখনৰ স্পষ্ট বিৰোধিতা কৰিছিল। লগতে বিহাৰৰ মুখ্য মন্ত্ৰী নীতীশ কুমাৰেও আছুৰ প্ৰতিনিধিক অসমত হৈ থকা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতালৈ সমৰ্থন আগ বঢ়াইছিল। আনহাতে দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালেও বিধয়েকখনৰ বিৰোধিতা কৰিছিল।