• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিজৰ দাবীত চুতীয়া ছাত্ৰ সন্থাই অধিক তীব্ৰতৰ কৰিব আন্দোলন

এন ই নাও নিউজ by এন ই নাও নিউজ
April 18, 2018 1:19 pm
SutiyaSatraSantha
174
VIEWS
Share on FacebookShare on Twitter

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মাণ চতুৰ্থখন দলং ‘সতী সাধনী সেঁতু’ নামকৰণ আৰু বীৰাংগনা সতী সাধনী দিৱসৰ দিনটোত চৰকাৰী বন্ধ ঘোষণাৰ দাবীত অনশন আন্দোলন কৰি থকা সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই জনাইছে যে চৰকাৰে দাবী মানি নোলোৱা পৰ্য্যন্ত তেওঁলোকে এই আন্দোলন অধিক জোৰদাৰ কৰি নিব।

কালি অনশনস্থলীত উপস্থিত হোৱা কৃষি মন্ত্ৰী অতুল বৰা, বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, সাংসদ কামাখ্যা প্ৰসাদ তাছা তথা দেৰগাঁৱৰ বিধায়ক ভৱেন ভৰালী উপস্থিত হৈ সংগঠনটোৰ বিষয়ববীয়াক মুখ্য মন্ত্ৰীৰ সৈতে আলোচনা কৰাই দিয়াৰ আশ্বাস দিলেও এই আশ্বাসত পতিয়ন গৈ অনশন প্ৰত্যাহাৰ কৰা নাই সংগঠনটোৱে। তেওঁলোকে জনায় যে বিষয়কেইটা নিষ্পত্তি নোহোৱা পৰ্যন্ত সন্থাই আমৰণ অনশন অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

১৮ এপ্ৰিলত যোৰহাটৰ অনশনস্থলীত চুতীয়া জাতি সন্মিলনৰ সভাপতি অমিয় বৰা, চুতীয়া জাতি সন্মিলনৰ সভাপতি বিতোপন শইকীয়া, মহিলা সন্মিলনীৰ উপ সভানেত্ৰী জয়া বৰুৱা, চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা জ্যোতিপ্ৰসাদ চুতীয়া তথা উপদেষ্টাদ্বয় মধুমাধৱ শইকীয়া আৰু বিপুল চুতীয়া উপস্থিত থাকে। অনশনস্থলীতে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভাও অনুষ্ঠিত হয়।

কাৰ্য্যনিৰ্বাহক সভাই চুতীয়া জাতি ছাত্ৰ সন্থাই চৰকাৰৰ কোনোধৰণৰ কাৰ্যসূচীত অংশ গ্ৰহণ নকৰাৰ লগতে প্ৰতি জিলা সদৰত ১৯ এপ্ৰিলৰ পৰা অনশনৰ কাৰ্যসূচী, গুৱাহাটী, ডিব্ৰুগড় আৰু ধেমাজিত চলিত মাহত একোখনকৈ নাগৰিক সভা অনুষ্ঠিত কৰা, গোলাঘাট, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি আৰু লখিমপুৰত আগন্তুক মে’ মাহত গণ সমাৱেশ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত  গ্ৰহণ কৰে।

উল্লেখযোগ্য যে মঙলবাৰে পঞ্চম দিনত ভৰি দিয়া অনশন আন্দোলনত ভাগলোৱা অনশনকাৰীসকলৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে বুলি জানিবলৈ দিয়ে সূত্ৰটোৱে। সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰাকে ধৰি ৰাজ বাঢ়ৈ বৰা, পুলিন শইকীয়া, হেমন্ত শইকীয়া, জয়ন্ত বৰা, গৌৰৱজ্যোতি নেওগ ৰণ্টু নেওগ আৰু পদ্মেশ্বৰ শইকীয়াৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটে। ইয়াৰে হেমন্ত শইকীয়াক কালি যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Recent News

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd