• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিম্নতম সমৰ্থিত মূল্য বৃদ্ধিৰ ফলত কৃষকে ৫০ শতাংশ লাভ লৈ বিক্ৰী কৰিব পাৰিব উৎপাদিত সামগ্ৰী : কেন্দ্ৰীয় কৃষি মন্ত্ৰী ৰাধামোহন সিং

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 17, 2018 10:06 pm
RadhaMohanSingh
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২২ চনৰ ভিতৰত কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ লক্ষ্যৰ এক অংশ হিচাপে কৃষকসকলে যাতে উৎপাদন খৰচ বাদ দিও ৫০ শতাংশ লাভ লৈ উৎপাদিত কৃষিজাত সামগ্ৰী বিক্ৰী কৰিব পৰা ব্যৱস্থাটো ইতিমধ্যে কাৰ্য্যকৰী কৰা হৈছে বুলি আজি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী ৰাধামোহন সিঙে জানিবলৈ দিয়ে।

উল্লেখ্য যে এইখন চৰকাৰৰ দিনত দেশত ২৪ ঘণ্টাৰ ভিতৰত গড়ে ৩৫গৰাকী কৃষকে আত্মহত্যা কৰা বুলি অভিযোগ উঠাৰ সময়তে কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে মঙলবাৰে গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত এখন সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে।

মন্ত্ৰীজনে আজিৰ সংবাদমেলত লগতে কয় যে  ২০২২ চনৰ ভিতৰত কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ এক সৰ্বাত্মক অংগীকাৰৰ অংশ।

এই সন্দৰ্ভত তেওঁ সংবাদমেলত তথ্য দাঙি ধৰি মন্ত্ৰীজনে কয় যে কৃষকৰ দ্বাৰা উৎপাদিত মগু দাইলৰ সমৰ্থন মূল্য প্ৰতি কুইণ্টল ১৪০০ টকালৈ, ক’লা তিল ১৮২৭ টকালৈ প্ৰতি কুইণ্টল, বেলিফুল (ছানফ্লাৱাৰ) প্ৰতি কুইণ্টল ১২৪৪ টকালৈ আৰু প্ৰতি কুইণ্টল কপাহৰ মূল্য ১১৩০ টকালৈ বৃদ্ধি কৰা হৈছে।

আনহাতে, প্রধান খাদ্য শস্য ধানৰ ক্ষেত্ৰত প্ৰতি কুইণ্টলত বৃদ্ধি কৰা ২০০ টকা হ’ল সৰ্বাধিক বৃদ্ধিকৰণ।

বিভিন্ন খাদ্যসশ্যৰ নিম্নতম সমৰ্থন মূল্য বৃদ্ধিকৰণ এনেধৰণৰ– ধান প্ৰতি কুইণ্টলত ২০০টকাকৈ, বৰ্ণসংকৰ জোৱাৰ প্ৰতি কুইণ্টলত ৭৩০ টকাকৈ, ৰাগী প্ৰতি কুইণ্টলত ৯৯৭ টকাকৈ। এইক্ষেত্ৰত বিগত বৰ্ষতকৈ শতকৰা হাৰত ৰাগী শস্য ৫২.৪৭ শতাংশ আৰু বৰ্ণসংকৰ জোৱাৰ ৪২.৯৪ শতাংশ মূল্য বৃদ্ধি হৈছে।

তেওঁ লগতে জানিবলৈ দিয়া অনুসৰি ৰহৰ দাইলৰ নিম্নতম সমৰ্থন মূল্য প্ৰতি কুইণ্টলত ২২৫ টকা আৰু মাটি মাহৰ প্ৰতি কুইণ্টলৰ মূল্য ২০০ টকা বৃদ্ধি কৰাৰ ফলত ব্যয়ৰ বিপৰীতে ক্ৰমে ৬৫.৩৬ শতাংশ আৰু ৬২.৮৯ পোৱা গৈছে যাৰ ফলত বিভিন্ন শস্যৰ মূল্যক সমতুল কৰি ৰখা হৈছে।

আনহাতে, উক্ত সংবাদমেলতে কৃষকৰ উৎপাদন বৃদ্ধি, উৎপাদনৰ খৰচ হ্ৰাস আৰু শস্য চপোৱাৰ পিছত সম্পূৰ্ণ ব্যৱস্থাপনাকে ধৰি বজাৰ নিয়ন্ত্ৰণ কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীজনে সদৰী কৰে।

তেওঁ লগতে কয়, “কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ বাবে Model Agricultural Produce and Livestock Marketing Act, 2017 আৰু Model contract farming and services Act, 2018, এই আইন দুখন সন্নিৱিষ্ট কৰা হৈছে।”

উল্লেখ্য যে, ভাৰতবৰ্ষৰ বহুতো ৰাজ্যই ইতিমধ্যে বিধান সভাত আইন প্ৰণয়ন কৰি ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি তেওঁ কয়।

আনহাতে, মাহজাতীয় শস্যৰ খেতিৰ উত্তৰণ হ’লে ভাৰতবৰ্ষৰ পুষ্টিহীনতা দূৰীকৰণ, নাইট্ৰ’জেন সংযোজনেৰে ভূমিৰ অধিক সাৰুৱাকৰণ আৰু কৃষকৰ আয় স্বাভাৱিকেই বৃদ্ধি হ’ব বুলি তেওঁ সংবাদমেলত সদৰী কৰে।

ইয়াৰোপৰি ই দেশত শস্যজাতীয় সামগ্ৰীৰ আমদানিৰ পৰিমাণ হ্ৰাস কৰিব।  লগতে নিম্নতম সমৰ্থন মূল্য বৃদ্ধিৰ ফলত উৎপাদনো বৃদ্ধি হ’ব।

 

আনহাতে, মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কৃষকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্যৰ ক্ষেত্ৰত বজাৰ নিয়ন্ত্ৰণ ব্যৱস্থাৰ বাবে কাম কৰি থকা বুলি জানিবলৈ দি লগতে কয়, “ঘোষিত নীতিৰ আধাৰত ২২ হাজাৰখন গ্ৰামীণ খুচুৰা বজাৰৰ ব্যৱস্থা কৰা হৈছে, য’ত প্ৰতিযোগিতামূলক স্বচ্ছ সুলভ মূল্যৰ প্ৰাধান্য থাকিব।”

আনহাতে, বিগত কংগ্ৰেছ চৰকাৰে ২০১০-১৪ চনৰ ভিতৰত ৰাষ্ট্ৰীয় সমবায় বিকাশ লিমিটেডৰ অধীনত ৯০ লাখ টকাহে ঋণ হিচাপে মুকলি কৰি দিছিল যদিও ইয়াৰে ২০ লাখ টকাহে অসমে লাভ কৰিছিল বুলি তেওঁ জানিবলৈ দিয়ে।

ইয়াৰ বিপৰীতে বিজেপি চৰকাৰে  শাসনলৈ অহাৰ ৪ বছৰৰ ভিতৰত ৫৫.৪৬ কোটি টকা কৃষি ঋণ নিৰ্ধাৰণ কৰিছে যদিও বৰ্তমানলৈকে অসমে এই ধনৰাশিৰ পৰা ১১ কোটি টকা লাভ কৰিছে বুলিও তেওঁ কয়।

তাৎপৰ্য্যপূৰ্ণভাৱে চলিত বৰ্ষৰ ডিচেম্বৰ মাহত পশুপালন, মীনপালন আৰু খেতি-বাতি কৰাৰ বাবদ প্ৰায় ৬ হাজাৰ কোটি টকা অসমৰ কৃষকলৈ ঋণ হিচাপে মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰী গৰাকীয়ে। ইতিমধ্যে ইয়াৰ ডিপিআৰ প্ৰস্তুত হৈছে বুলিও তেওঁ সংবাদমেলত জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd