• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

নৰ্থ-ইষ্ট নাও এক্লুছিভ: অস্তিত্বৰ সংকটত বিপদাপন্ন প্ৰজাতিৰ গোৰাল

আছিফ ইব্ৰাহীম by আছিফ ইব্ৰাহীম
April 25, 2018 8:11 pm
Sorang-Jahan-2-570x320

ড০ জাহান আহমেদৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচলৰ টাৱাং জিলাৰ মুক্তো অঞ্চলত বিচৰণ কৰা গোৰাল (Naemorhedus goral) নামৰ ছাগলী পৰিয়ালৰ প্ৰাণীবিধ শেহতীয়াকৈ  তীব্ৰ অস্তিত্বৰ সংকটত পৰিছে। এক অচিন ৰোগত আক্ৰান্ত হৈ এই আপুৰুগীয়া প্ৰাণীবিধৰ মৃত্যুৱে পশু চিকিৎসক আৰু পৰিৱেশবিদসকলক ভবাই তুলিছে।

পৰিৱেশবিদসকলে শংকা প্ৰকাশ কৰিছে যে যদিহে বেমাৰ আৰু মৃত্যুৰ বিষয়ক প্ৰাথমিক পৰীক্ষাৰ প্ৰতিৱেদনসমূহ নিশ্চিত হয়, তেন্তে ছাগলী আৰু হৰিণাৰ পৰিয়ালৰ মাজৰ লুপ্ত-শৃংখল এই বিৰল, সুন্দৰ প্ৰাণীবিধ পৃথিৱীৰ পৰা নিঃচিহ্ন হৈ যোৱাটো নিশ্চিত।

উল্লেখ্য যে ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা আইনৰ ধাৰা ৩ ৰ অধীনত এই প্ৰাণীবিধক সুৰক্ষা প্ৰদান কৰা হৈছে।

প্ৰকৃতি সংৰক্ষণৰ আন্তঃজাতিক সংস্থাৰ (International Union for Conservation of Nature) বিপনাপন্ন প্ৰজাতিসমূহৰ (২০০৮) ৰেড লিষ্টত এই প্ৰাণীবিধক নিকট বিপদাপন্ন প্ৰাণীৰ শ্ৰেণীভুক্ত কৰা হৈছে।

এই প্ৰাণীবিৰ সংখ্যা দ্ৰুত হাৰত কমি আহিছে। ভূটান, উত্তৰ ভাৰত, নেপাল আৰু পাকিস্তান আদি হিমালয় পৰ্বত শ্ৰেণীয়ে স্পৰ্শ কৰা এলেকাসমূহত পোৱা যায়। এই প্ৰাণীবিধে পাহাৰ পৰ্বতৰ  ওখ শিলাময় এলেকাত বাস কৰে।

এই বিষয়টো প্ৰথমে টাৱাঙৰ জিলা বন বিষয়া (DFO) ড০ এ কায়ুমে ইটানগৰ চিৰিয়াখানাৰ পশু চিকিৎসক ড০ ছোৰাং টাডাপৰ দৃষ্টিগোচৰ কৰিছিল যে ২০ এপ্ৰিলত টাৱাং জিলাৰ মুক্তো এলেকাত গোৰালৰ মৃত্যু হৈছে।

Sorang-Jahan-Lungs-300x180

প্ৰথমতে এয়া জলাতংকৰ বিষাণুৰ দ্বাৰা হোৱা বুলি সন্দেহ কৰা হৈছিল। গোৰালৰ মৃতদেহত ছালৰ সংক্ৰমণ আৰু নাকৰ পৰা বিজলুৱা পদাৰ্থ বাহিৰ হৈ থকা দেখা গৈছিল।

প্ৰতিৱেদন অনুসৰি, টাৱাঙৰ বন ডিভিজনৰ কৰ্মচাৰীসকলে দুটা মৃত গোৰালৰ শৱদেহ সংগ্ৰহ কৰিছিল।তাৰে এটা হৈছে অৰ্ধ প্ৰাপ্তবয়স্ক মাইকী আৰু আনটো অৰ্ধ গলিত মতা গোৰাল।

যেতিয়াই খানাপাৰাৰ কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ শৰীৰতত্ব আৰু কলাতত্ব (Anatomy and Histology) বিভাগৰ  ড০ জাহান আহমেদৰ নেতৃত্বত ড০ ছোৰাং টাডাপ, ড০ থুপটেন তাছি বিশেষজ্ঞ পশু চিকিৎসকৰ এটা দল আৰু জিলা বন বিষয়া ড০ এ কায়ুম আহি এই গোৰালৰ মৃত্যু হোৱা স্থানত উপস্থিত হয় আৰু তেওঁলোকে দেখা পায় যে সমগ্ৰ গাঁওত মাত্ৰ এটা গোড়ালৰ হে ছালৰ সংক্ৰমণ হোৱা দেখা গৈছিল।

পৰ্যৱেক্ষণৰ কালত পশু চিকিৎসকৰ দলটোৱে মৃতদেহকেইটাৰ ছাল ফটা-চিঙা নোহোৱাকৈ আছিল যদিও মাজে মাজে মৃত কোষ, ফাটি যোৱা আৰু বসন্তৰ নিচিনা চক্ৰাকাৰে নষ্ট হৈ যোৱা কলা দেখা পাইছিল। এইবোৰ ওপৰৰ আৰু তলৰ ওঠৰ ফালে অধিক আছিল। দুই ওঠৰ মাজভাগ, আৰু দুয়ো চকুৰ ওপৰৰ পতাৰ ছাল উঠি যোৱা দেখা গৈছিল।

বসন্তৰ দৰে নষ্ট হোৱা কলা পায়ুৰ পৰা জননেন্দ্ৰিয়ৰ পৰা নেজৰ তল পৰ্যন্ত বিয়পি যোৱাটো দেখা গৈছিল।

নষ্ট হোৱা কলাৰ পৰিধি ১ ছেণ্টিমিটাৰৰ কমৰ পৰা ২ ছেণ্টিমিটাৰ পৰ্যন্ত হোৱা দেখা পোৱা গৈছিল আৰু সেইবোৰ ছাঁই বৰণৰ আছিল।

আভ্যন্তৰিণ অংগসমূহৰ বিতং পৰীক্ষাৰ পৰা হাওফাওৰ পেৰেনকাইমা কলাৰ সৰ্বত্ৰ গভীৰ আঘাত বিয়পি যোৱাটো দেখা গৈছিল।

মখা বান্ধি থকা মৃতকোষবোৰ বিয়পি হৈ যোৱা দেখা গৈছিল আৰু বৰ্ধিত হাওফাওৰ অংশসমূহত ৰঙচুৱা মুগা ৰং দেখা গৈছিল।

শ্বাসনলীৰ সৰ্বত্ৰতে ফেনিল পনীয়া পদাৰ্থ দেখা গৈছিল আৰু বক্ষ গহ্বৰত খেৰ বৰণৰ পনীয়া পদাৰ্থ দেখা গৈছিল।

লসিকা-গ্ৰন্থি ফুলি যোৱা দেখা গৈছিল।

যদিওবা কোনো আভ্যন্তৰিণ পৰজীৱীৰ সন্ধান পোৱা হোৱা নাই  গোৰালৰ মৃতদেহৰ আভ্যন্তৰিণ অংগসমূহত হোৱা ঘাঁ বিলাকে ছাগ বসন্তৰ সংক্ৰমণ হোৱাটো নিৰ্দেশ কৰে।

himalayan_goral_naemorhedus_goral-850x500-300x176
উৎস: ইণ্টাৰনেট

গোৰালসমূহৰ মৃত্যু এই ছাগ বসন্তৰ পৰা হোৱা বুলি সন্দেহ কৰা হৈছে আৰু এই মাৰাত্মক ভাইৰাছটোৱে  এই স্থানৰ সুকীয়া প্ৰজাতি গোৰালৰ প্ৰজাতিটো পৃথিৱীৰ পৰাই নিঃচিহ্ন কৰাৰ শংকা দেখা হৈছে।

উত্তৰ-পূৰ্বাঞ্চলৰ গোৰালৰ ওপৰত ছাগ বসন্তৰ সংক্ৰমণৰ বিষয়ে এই প্ৰথম সন্দেহ কৰা হৈছে।

যদিহে এয়া হবলৈ হয় তেন্তে অচিৰেই এই বিপদাপন্ন প্ৰাণীবিধ পৃথিৱীৰ বুকুৰ পৰা একেবাৰে নিঃচিহ্ন হৈ যাব।

অৱশে ছাগ বসন্ত হিচাপে নিশ্চিত হ’বলৈ আৰু ভিত্তিশীল সিদ্ধান্তত উপনীত হোৱাৰ বাবে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা নমুনাৰ প্ৰতিৱেদনলৈকে অপেক্ষা কৰি থকা হৈছে।

ইতিমধ্যে, মৰণোত্তৰ পীক্ষা সম্পন্ন কৰাৰ অন্তত মৃতদেহকেইটা জ্বলাই ভূ গৰ্ভৰ বহু তলত পুতি থোৱা হৈছে।

আছিফ ইব্ৰাহীম

আছিফ ইব্ৰাহীম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

August 18, 2025 8:50 pm
সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

August 18, 2025 8:17 pm
কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

August 18, 2025 7:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

August 18, 2025 8:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd