• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত পৰীক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 24, 2018 3:13 pm
পঞ্চায়ত পৰীক্ষাৰ্থীৰ প্ৰতিবাদ
120
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াভাৱে অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰীক্ষাত হোৱা ব্যাপক খেলিমেলিৰ পাছত আজি গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন সঞ্চালকালয়ৰ সন্মুখত এই পৰীক্ষাত অৱতীৰ্ণ হোৱা শতাধিক পৰীক্ষাৰ্থীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

আজি বৰষুণকো নেওচি পৰীক্ষাৰ্থীসকলে প্ৰতিবাদ অব্যাহত ৰাখে আৰু পুনৰ পৰীক্ষা পতাৰ দাবী উত্থাপন কৰে। দীৰ্ঘ সময় ধৰি প্ৰতিবাদ অব্যাহত থকাৰ পিছতো সঞ্চালকালয়ৰ কোনো বিষয়াই  তেওঁলোকৰ সন্মুখীন হোৱা দেখা নগ’ল।

প্ৰতিবাদকাৰীসকলে সমবেত হৈ পঞ্চায়ত তথা গ্ৰামোন্নয়ন বিভাগৰ লগতে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে। তেওঁলোকে চৰকাৰে নমামি উৎসৱ পতাৰ দৰে পৰীক্ষা উৎসৱ পাতক বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

প্ৰতিবাদকাৰীসকলে কয় যে অম্বিকাগিৰি-জ্যোতিপ্ৰসাদৰ কবিতা গাই ক্ষমতালৈ আহিছিল চৰকাৰখনে। তেনেকৈয়ে অসমীয়াৰ মন জয় কৰিলে। কিন্তু বাস্তৱত তেওঁলোকে বিষয়বোৰত গুৰুত্ব দিয়া নাই।

চৰকাৰে ঘোষণা কৰা তদন্তত বিশ্বাসযোগ্যতা নাই বুলি অভিযোগ কৰি তেওঁলোকে বিভাগীয় লোকক তদন্ত কৰিবলৈ দিয়াত আপত্তি দৰ্শায়। যিসকলৰ ছত্ৰ ছায়াত পৰীক্ষাত ব্যাপক খেলিমেলি সংঘটিত হ’ল তেওঁলোককে তদন্তৰ ভাৰ দিয়াত প্ৰতিবাদীকাৰীসকলে ক্ষোভ প্ৰকাশ কৰে। তেওঁলোকে মন্তব্য কৰে যে ‘ভজা মাছ খোৱাৰ তদন্ত মেকুৰীক কৰিবলৈ দিছে।‘

প্ৰস্ন কাকতৰ খেলি মেলি সম্পৰ্কতো প্ৰতিবাদীকাৰীসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে কিছুমান প্ৰশ্নৰ তাৰ সম্ভাৱ্য উত্তৰৰ সৈতে কোনো সংগতি নাই।

প্ৰতিবাদীকাৰীসকলে জাতীয় নায়ক, মন্ত্ৰী নৱ দলেক ‘অসম দিৱস কেতিয়া?’ বুলি প্ৰশ্ন কৰে। উল্লেখযোগ্য যে সেই প্ৰশ্নটো প্ৰশ্নকাকতত ভুলকৈ আহিছিল। উত্তৰৰ বাবে ৰখা চাৰিটা বিকল্পত শুদ্ধ উত্তৰটো দিয়া হোৱা নাছিল।

উল্লেখযোগ্য যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কিছুমান পদৰ বাবে যোৱা ২০ মে’ত সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত পৰীক্ষাৰ সময়ছোৱাত ৰাজ্যৰ বহুকেইটা পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীয়ে মোবাইল ফোন ব্যৱহাৰ কৰা, ছ’চিয়েল মিডিয়াত প্ৰশ্নকাকত বিয়পি পৰা আৰু সময়ত অ’ এম আৰ ছীট পৰীক্ষাকেন্দ্ৰলৈ নহাকে ধৰি অনেক অনিয়ম হোৱাৰ অভিযোগ উঠিছিল।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd