প্ৰায় ৪৫ বছৰৰ অন্তত এইবাৰ বানে পুনৰ ধুই নিছিল কলিয়াবৰৰ একাংশ অঞ্চল। বানে বহু সংখ্যক ৰাইজৰ অৱস্থা জুৰুলা কৰিছিল। বানত নিজৰ ঘৰ-দুৱাৰ হেৰুৱাই দিক-বিদিক হেৰুৱাইছিল কলিয়াবৰবাসীয়ে। বানপানী শেষ হ’ল, কিন্তু তাৰ পিছতো কিছুসংখ্যকে এসাঁজ খাই আন এসাঁজলৈ চিন্তা কৰিবলগীয়া হৈছে। বানে উটুৱাই লৈ যোৱা সপোনৰ ঘৰখন হেৰুৱাই সৰ্বস্বান্ত হোৱা দেৱসত্ৰ, হাতীমূৰা, পুৰাভেটি ঢেকীয়াল গাৱঁকে ধৰি কলিয়াবৰৰ বহুতো গাঁৱৰ ৰাইজে এতিয়াও অতি কষ্টেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে। দেৱসত্ৰ গাৱঁৰ কেইটামান পৰিয়ালে চৰকাৰৰ ফালৰ পৰা কোনো সাহায্য নাপাই পথৰ দাঁতিতে জুপুৰি সাজি আৰু তিৰ্পাল তৰি জীৱন অতিবাহিত কৰিব লগীয়া হৈছে। আনহাতে ৰাজ্য চৰকাৰে তৎকালীনভাৱে গাইপতি ৩৫০০ টকাৰ অনুদান প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছিল যদিও বৰ্তমানলৈকে কোনো ধৰণৰ সাহায্য পোৱা নাই আৰ্থিকভাৱে ভাঙি পৰা পৰিয়ালে। বানপানীৰ সময়ত কলিয়াবৰৰ বিধায়ক তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, এম জি কে ভানু, ৰাজ্য চৰকাৰৰ বহুকেইজন মন্ত্ৰী আৰু উচ্চ পৰ্যায়ৰ বিষয়া আহি বান বিধস্ত গাওঁসমূহ পৰিদৰ্শন কৰাৰ লগতে পানকাৰ্ড, ৰেচন কাৰ্ড, খাজনা দিয়া ৰচিদ ইত্যাদি বোৰ বিভাগীয় বিষয়া সমূহক জমা দিয়াৰ বাবে আহ্বান জনায়। কিন্তু কালক্ৰমত যেন সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল। জলসম্পদ মন্ত্ৰীয়ে যেন নিজ সমষ্টিৰ ৰাইজৰ দুখ পাহৰি পেলালে।