বিগত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ লেখীয়াকৈ সমাগত পঞ্চায়ত নিৰ্বাচনতো বিজয় সাব্যস্ত কৰাৰ উদ্দেশ্যে বিজেপিয়ে ব্যাপক তৎপৰতা চলোৱা পৰিলক্ষিত হৈছে।
এই উদ্দেশ্যে শাসকীয় দলটোয়ে ৰাজ্যৰ ৩০৩ টা মণ্ডলৰ বাবে ৬০৬ গৰাকী পৰ্যবেক্ষকক দায়িত্ব অৰ্পণ কৰা হৈছে যাৰ ফলত প্ৰতিটো সাংগঠনিক মণ্ডলৰ বিপৰীতে দুগৰাকীকৈ পৰ্যবেক্ষক থাকিব।
বিজেপিৰ এটা সূত্ৰৰ পৰা জানিব পৰা মতে পৰ্যবেক্ষক সকলে নিজ দায়িত্বাধিন মণ্ডলত প্ৰচাৰ অভিযানৰ তদাৰক কৰাৰ লগতে বিজেপিৰ নীতি-আদৰ্শ আৰু কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে ৰূপায়ন কৰা জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰিব।
পৰ্যবেক্ষকৰ দায়িত্বত ৰাজ্যিক সমিতিৰ বিষয়ববীয়া, কাৰ্যনিৰ্বাহক সদস্য তথা বিভিন্ন মৰ্চাৰ বিষয়ববীয়াক নিয়োগ কৰা হৈছে বুলি সূত্ৰটোৱে সদৰি কৰে।
১৫ মাৰ্চৰ পৰা ১৫ এপ্ৰিললৈ চলিব লগীয়া প্ৰচাৰ অভিযানত ৩০৩ টা সাংগঠনিক মণ্ডলত দলটোৱে বুথ কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত কৰিব। উক্ত সন্মিলনত সংশ্লিষ্ট বিধায়ক, সাংসদ আৰু মন্ত্ৰীসকলে সহযোগিতা আগবঢ়াব।
উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিয়ে এতিয়ালৈকে ২১,০০০ বুথ কমিটি গঠন কৰিছে।