দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত ‘প্ৰাগ চিনে এৱাৰ্ড’ মহোৎসৱৰ কালি সফল সামৰণি পৰে। এইবাৰৰ ‘প্ৰাগ চিনে এৱাৰ্ড’ত ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’এ ২০১৭ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰে। অশীতিপৰ শিল্পী কুলদা কুমাৰ ভট্টাচাৰ্যলৈ আগবঢ়োৱা হয় জীৱনজোৰা সাধনা বঁটা।
বলীউডৰ লগতে হলীউডতো খোপনি পোতা অসম সন্তান আদিল হুছেইনে শুভাৰম্ভ কৰা এই চলচ্চিত্ৰ মহোৎসৱৰ বৰ্ণিল অনুষ্ঠানটোৰ মূল আকৰ্ষণ আছিল বলীউডৰ ছুপাৰষ্টাৰ গোবিন্দাৰ অংশগ্ৰহণ। মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু নিশিতা গোস্বামীৰ সৈতে গোবিন্দাৰ নৃত্যৰ দৃশ্যই উপস্থিত দৰ্শকক আপ্লুত কৰি তোলে।
জুবিন গাৰ্গ আৰু পাপন মহন্তৰ লগতে অসমৰ প্ৰায় সকলো জনপ্ৰিয় শিল্পী, অভিনেতা-অভিনেত্ৰীৰ লগতে অনুষ্ঠানটিৰ দুয়োটা দিনৰ সাংস্কৃতিক কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ইহানা ধীলেন, ছনী চেৰিষ্ঠা, জনপ্ৰিয় মডেল তথা অভিনেত্ৰী অৰ্জুমান মোগলৰ লগতে বলীউডৰ কেইবাগৰাকীও তাৰকাই।
অসম চৰকাৰৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, প্ৰাগ নিউজৰ মুখ্য সম্পাদক অজিৎ কুমাৰ ভূঞা, প্ৰবীণ চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা, অভিনেতা যতীন বৰা, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটাৰ লগতে বহুকেইজন বিশিষ্ট লোকে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে।
দেশৰ সংগীতক্ষেত্ৰৰ শেহতীয়া চাঞ্চল্য হেমন্ত ব্ৰীজৱাসীৰ সংগীতানুষ্ঠানে দেওবাৰে নিশা জি এম চি এইছ’ৰ প্ৰেক্ষাগৃহত উপস্থিত থকা সংগীতপ্ৰেমীক মোহাছন্ন কৰি তোলে। এই অনুষ্ঠানতে প্ৰাগ চিনে এৱাৰ্ডৰ আয়োজক সমিতিৰ মুখ্য পৃষ্ঠপোষক সঞ্জীৱ নাৰায়ণে পৰৱৰ্তী প্ৰাগ চিনে এৱাৰ্ড কাৰ্বি আংলঙত অনুস্থিত হ’ব বুলি ঘোষণা কৰে।
আনহাতে, প্ৰত্যেক বছৰৰ দৰে এইবাৰো প্ৰদান কৰা হয় গ্লৱেল আইকন বঁটা। এই বৰ্ষৰ এই বঁটা লাভ কৰিছে বলীউড প্ৰতিষ্ঠা লাভ কৰা প্ৰখ্যাত শব্দযন্ত্ৰী দেৱজিত চাংমায়ে।
দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত উক্ত অনুষ্ঠানটোৰ আঁত ধৰে শশাংক সমীৰ, প্ৰজ্ঞা পাৰমীতা, বৰ্ষাৰাণী বিষয়া, নিশিতা গোস্বামী আৰু অংগৰাগ মহন্তই।
উল্লেখযোগ্য যে উত্তৰ-পূবৰ প্ৰথমটো টেলিভিছন চেনেল ‘প্ৰাগ নিউজ’ৰ উদ্যোগত অনুষ্ঠিত ‘প্ৰাগ চিনে এৱাৰ্ড’ত ২০১৭ বৰ্ষত চেন্সৰ হোৱা চলচ্চিত্ৰৰ মাজৰ পৰা জুৰী সমিতিৰ নিৰ্বাচনৰ ভিত্তিত সৰ্বমুঠ ২৯টা শিতানত অসমৰ লগতে উত্তৰ-পূবৰ বহুকেইগৰাকী শিল্পী তথা কলা-কুশলীক শ্ৰেষ্ঠতা বঁটা প্ৰদান কৰা হয়।