• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিকালী মহাবিদ্যালয়ত সাহিত্য অকাডেমিৰ বঁটা প্ৰাপকক ‘মুক্তি’ৰ বিশেষ সম্বৰ্দ্ধনা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 1, 2018 1:45 pm
MUKties Photo ìÂÿ±Í
270
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী উজান বজাৰস্থিত আৰ্থ-সামাজিক উন্নয়ন সংস্থা ’মুক্তি’ৰ উদ্যোগত শুকুৰবাৰে গোৱালপাৰা জিলাৰ বিকালী মহাবিদ্যালয় প্ৰেক্ষাগৃহত সদ্যঘোষিত সাহিত্য অকাদেমিৰ বঁটাপ্ৰাপকসকলৰ এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক সংবাদ বিজ্ঞপ্তিত ’মুক্তি’ৰ সম্পাদক জয়ন্ত কুমাৰ ডেকাই জানিবলৈ দিয়া মতে গোৱালপাৰাৰ বিকালী মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত উক্ত অনুষ্ঠানত ২০১৮ বৰ্ষৰ সাহিত্য অকাদেমিৰ যুৱ সাহিত্য বঁটাপ্ৰাপক বিপাশা বৰা, সাহিত্য অকাদেমিৰ শিশু সাহিত্যৰ অসমীয়া আৰু বড়ো ভাষাৰ বঁটা লাভ কৰা সাহিত্যিক ক্ৰমে যুগললোচন দাস আৰু সীতাৰাম বসুমতাৰীক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

মহাবিদ্যালয়ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ড০ আল্পনা সৰকাৰ ডেকাই। ইয়াৰ পিছত এই উপলক্ষে ‘মুক্তি’ৰ নৱনিৰ্বাচিত কাৰ্যকৰী সভাপতি নৰেন্দ্ৰনাথ ডেকাৰ পৌৰোহিত্যত  মুকলি সভা অনুষ্ঠিত হয়।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট লেখক-কবি-ঔপন্যাসিক পংকজগোবিন্দ মেধিয়ে কয় যে সমাজৰ প্ৰতি দায়ৱদ্ধতা স্বীকাৰ কৰিয়েই আমি সকলোৱে জীৱন সমাপ্তিৰ অন্তত কিবা এটা দি থৈ যাব পৰাৰ মানসিকতা সৃষ্টি কৰিব লাগিব। সেয়ে মানৱ সমাজৰ মংগলৰ কাৰণেই আমি সকলোৱেই প্ৰথমতে নিজকে নিজে ভাল পাবলৈ শিকিব লাগিব। তেতিয়া নিজে নিজেই আমি সকলো সকলোৰে প্ৰতি দায়ৱদ্ধ হৈ পৰিম।

উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক দেৱজিৎ বৰা, গোৱালপাৰা জিলা সাহিত্য সভাৰ সভাপতি ড০ ইব্বাত আলী, সম্পাদক বাণীকান্ত ৰাভা, শালবাৰী জিলা বড়ো সাহিত্য সভাৰ সম্পাদক ৰাজেন্দ্ৰ বসুমতাৰীকে ধৰি বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

বিকালী মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ মলিনা দেৱী ৰাভাই আদৰণি ভাষণ দিয়া উক্ত অনুষ্ঠানত সাহিত্য অকাদেমিৰ বঁটাপ্ৰাপকসকলৰ সৈতে স্থানীয় ছাত্ৰ-ছাত্ৰীসকলৰ মত বিনিময় অনুষ্ঠানো অনুষ্ঠিত হয়। অনুষ্ঠানত নিকিতা খাকলাৰীয়ে ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰে।

উল্লেখ্য যে  উক্ত অনুষ্ঠানতে সাহিত্য অকাদেমিৰ বঁটাপ্ৰাপকসকলক শালবাৰী জিলা বড়ো সাহিত্য সভা আৰু বিকালী মহাবিদ্যালয়ৰ তৰফৰ পৰাও সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd