• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপি আৰু কংগ্ৰেছক তীব্ৰ সমালোচনা এন চি পিৰ নেতা প্ৰফুল পেটেলৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 17, 2018 11:51 am
91
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলৰ নেতা তথা দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰফুল পেটেলে কালি মেঘালয়ত দলটোৰ ৰাজ্যিক কাৰ্য্যালয় মুকলি কৰাৰ পিছতে কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলকে কঠোৰ সমালোচনা কৰে। বিশেষকৈ বিজেপিৰ প্ৰতি নেতাজনক অধিক কঠোৰ হোৱা দেখা গ’ল। বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰখনে ৰাজ্যখনৰ পৰা গৈ ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰভাৱশালী নেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা প্ৰয়াত পূৰ্ণ এ চাংমাৰ প্ৰতি সামান্যও সন্মান প্ৰদৰ্শন নকৰা বুলি অভিযোগ কৰে।

তাৎপৰ্য্যপূৰ্ণভাৱে পেটেলে মেঘালয়ত বিভাজনৰ ৰাজনীতিয়েও গা কৰি উঠিছে বুলি অভিযোগ কৰে। ‘মেঘালয় এখন শান্তিপ্ৰিয় আৰু ভাতৃত্ববোধসম্পন্ন ৰাজ্য। ইয়াত এতিয়া বিভেদৰ ৰাজনীতি দেখা গৈছে। খাদ্যাভ্যাসৰ পৰা ধৰ্ম বিশ্বাস তথা সাংস্কৃতিক ক্ষেত্ৰলৈকে বিভেদমূলক উপাদান দেখা গৈছে। কিন্তু মেঘালয়ৰ ৰাইজে এইবোৰক প্ৰতিহত কৰিব।’ ৰাজ্যসভাৰ সদস্যজনে কয়।

আনহাতে আগন্তুক নিৰ্বাচনত দলৰ স্থিতি সম্পৰ্কত মন্তব্য দি কয় যে দলটোৱে গাৰো পাহাৰৰ ২৪ টা সমষ্টিৰ ২২টাত আৰু খাচি-জয়ন্তীয়া পাহাৰৰ ৩৬ সমষ্টিৰ ২০টাত প্ৰতিদ্বন্দ্বিতা কৰিব। দলটোৱে অকলেই নিৰ্বাচন খেলিব বুলি স্পষ্ট কৰি দি কয় যে এন চি পি দলে কোনো ৰাষ্ট্ৰীয় দলৰ সৈতে মিত্ৰতা নকৰে। অৱশ্যে আঞ্চলিক দলৰ সৈতে কিছু বুজাবুজি থাকিব বুলি কয়। লগতে তেওঁ ভৱিষ্যতে ধৰ্ম নিৰপেক্ষ দৃষ্টিভংগিৰ ক্ষেত্ৰত সমভাবাপন্ন দলৰ সৈতে কাম কৰাৰ ইংগিত দিয়ে।

উল্লেখযোগ্য যে প্ৰাক্তন লোকসভাৰ অধ্যক্ষ তথা ৰাজ্যখনৰ এজন প্ৰভাৱশালী নেতা পূৰ্ণ এ চাংমাও এন চি পি নামৰ ৰাষ্ট্ৰীয় দলটোৰ এজন প্ৰতিষ্ঠাপক নেতা আছিল যদিও দলটোৱে ৰাজ্যখনত বৰ বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে। যোৱা বিধান সভা নিৰ্বাচনত দলটোৱে মাত্ৰ দুখন আসনহে পাইছিল। আনহাতে দলটোৱে শাসনাধিষ্ঠিত কংগ্ৰেছ দলৰ সৈতে ৰাজ্যখনত চৰকাৰৰ অংশীদাৰ হৈ আছে যদিও প্ৰফুল পেটেলে অভিযোগ কৰে যে অংশীদাৰ দল হিচাপে তেওঁলোকক প্ৰাপ্য সন্মান দিয়া হোৱা নাই। আনহাতে কংগ্ৰেছ চৰকাৰখনে চূড়ান্ত অনিয়ম আৰু দুৰ্নীতিত লিপ্ত হোৱা বুলি অভিযোগ কৰিছে নেতাজনে।

Recent News

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd