• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপি দলৰ মন্ত্রী বিধায়কে সাধাৰণ শিষ্টাচাৰৰ পাঠ লওক : প্ৰদেশ কংগ্ৰেছ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 1, 2018 3:35 pm
95
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে অসম বিধানসভাৰ মজিয়াত অসম মহিলা বিশ্ববিদ্যালয় প্ৰসংগত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাজত তৰ্ক যুদ্ধৰ বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰদেশ কংগ্ৰেছে।

প্ৰদেশ কংগ্ৰেছে এক বিবৃতিযোগে শিক্ষামন্ত্ৰী আৰু তেওঁৰ কেইজনমান সতীৰ্থৰ আচৰণক নিন্দা কৰি তৰ্ক যুদ্ধৰ নামত কৰা আচৰণক গণতান্ত্ৰিক পৰম্পৰা প্ৰমূল্যবোধৰ প্ৰতি অতি লজ্জাজনক আৰু দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে।

অসম প্ৰদেশ কংগ্ৰছ দলৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে প্ৰেৰণ কৰা বিবৃতিত কয়, ‘’ অসম বিধানসভাৰ পবিত্ৰ সদনত অসম মহিলা বিশ্ববিদ্যালয়ৰ ভৱিষ্যতক লৈ শাসক বিৰোধীৰ মাজত চলা তীব্র বাদানুবাদ আৰু যুক্তি-তৰ্কত নিজৰ বিফলতা, অদক্ষতা, মিথ্যাচাৰ আৰু হঠকাৰীতা ঢাকিবলৈ গৈ শিক্ষামন্ত্রী আৰু কেইজনমান সতীর্থ বিধায়কে তৰ্ক যুদ্ধৰ নামত যি চূড়ান্ত অশালীন আৰু অশিষ্টাচাৰ আচৰণ প্ৰদৰ্শন কৰিলে ই আমাৰ গণতান্ত্রিক পৰম্পৰা প্ৰমূল্যবোধৰ প্ৰতি অতি লজ্জাজনক আৰু দুৰ্ভাগ্যজনক।‘’

প্ৰকৃততে অসম মহিলা বিশ্ববিদ্যালয় সন্দৰ্ভত বিজেপি চৰকাৰৰ হঠকাৰী তথা আক্ৰোশমূলক সিদ্ধান্তৰ বিৰুদ্ধে সমগ্র ৰাজ্যজুৰি এক চৰকাৰ বিৰোধী উত্তাল পৰিবেশ সৃষ্টি হোৱাত বিশেষকৈ বিভিন্ন দল সংগঠনৰ লগতে ছাত্র ছাত্রীৰ অভূতপূৰ্ব প্ৰতিবাদৰ ওচৰত এক প্ৰকাৰৰ সেও মানিয়েই চৰকাৰখনে মহিলা বিশ্ববিদ্যালয় সন্দৰ্ভত নিজৰ স্থিতি সলনি কৰিবলৈ বাধ্য হ’ল বুলিও বিবৃতিটোত উল্লেখ কৰে।

বিধানসভাৰ অধ্যক্ষই মহিলা বিশ্ববিদ্যালয় সন্দৰ্ভত এক ইতিবাচক বাৰ্তা দিছে আৰু প্ৰদেশ কংগ্রেছে ইয়াক আদৰণি জনাইছে বুলি উল্লেখ কৰি বিবৃতিটোত শিক্ষামন্ত্ৰীৰ আচৰণক তীব্ৰ নিন্দা কৰা হয়।

‘’এই গুৰুত্বপূর্ণ বিষয়টো সন্দৰ্ভত যোৱাকালি হোৱা বিতর্কত নিজৰ মিথ্যাচাৰ, অদক্ষতা আৰু আক্ৰোশমূলক হঠকাৰী সিদ্ধান্তসমূহ ফাদিল হোৱাৰ উপক্ৰম হোৱাত উপযুক্ত তথ্য আৰু যুক্তিৰে বিৰোধীক উত্তৰ দিয়াৰ পৰিৱর্তে শিক্ষামন্ত্রী গৰাকীয়ে কিছুমান বাল্যসূলভ অভিব্যক্তিৰে আত্মম্ভৰিতাৰ বলি হৈ কিছুমান বক্তব্য দাঙি ধৰিছে।‘’ প্ৰদেশ কংগ্ৰেছৰ বিবৃতিটোত শিক্ষামন্ত্ৰীগৰাকীক এইদৰে সমালোচনা কৰা হৈছে।

প্ৰদেশ কংগ্ৰেছে লগতে শিক্ষামন্ত্ৰী আৰু তেওঁৰ সতীৰ্থ কনিষ্ঠ বিধায়কক উদ্দেশ্যি মন্তৱ্য কৰে যে ‘’ শালীনতা আৰু অশিষ্টাচাৰৰ চৰম সীমা চেৰাই সদনত জেষ্ঠ্যজনে কনিষ্ঠ জনক কেনেকৈ সম্বোধন কৰিব সেই সন্দৰ্ভতো অস্তিন কোচাই নিৰ্দেশ দিবলৈ কুণ্ঠাবোধ নকৰা কনিষ্ঠ বিধায়কক অতি শীঘ্রেই শিষ্টাচাৰ আৰু অশালীনতাবোধৰ আদি পাঠ দিয়াটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে।‘’

‘’বিজেপি দলৰ মন্ত্রী বিধায়ক সকলক আহবান জনাইছো যে খুজি সন্মানীয় সম্বোধন লোৱাতকৈ ৰাইজৰ সেৱা কৰি আৰু প্ৰকৃতাৰ্থত ইতিবাচক পৰিৱৰ্তন আনি আনৰপৰা সন্মানীয় সম্বোধন ল’বলৈ চেষ্টা কৰক,’’ বুলিও অসম প্ৰদেশ কংগ্ৰছৰ বিবৃতিটোত কোৱা হৈছে।

Recent News

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd