• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

বিজেপিৰ ‘হাইজেক’ নীতিত বিধ্বস্ত হ’ব নেকি অসমীয়া জাতীয়তাবাদ?

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
May 24, 2018 3:26 pm
অগপ-বিজেপি-বিপিএফ

অগপ-বিজেপি-বিপিএফ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত অসমৰ বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা দলে (বিজেপি)অসমীয়া জাতীয়তাবাদৰ আৱেগক সম্পূৰ্ণ ব্যৱহাৰ কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাত সক্ষম হৈছিল। নিৰ্বাচনটোত আঞ্চলিকতাবাদী দল অসম গণ পৰিষদৰ সৈতে নিৰ্বাচনী মিত্ৰতাত আৱদ্ধ হৈ বিজেপিয়ে অসমীয়া জনসাধাৰণৰ ব্যাপক সঁহাৰি লাভ কৰিলে। নিৰ্বাচনী ফলাফলে এটা কথা স্পষ্ট কৰিছিল যে অগপ-বিজেপিৰ মিত্ৰতা অবিহনে বিজেপি ক্ষমতাসীন হোৱাটো সম্ভৱ নহ’লহেঁতেন।

অৱশ্যে, জনসাধাৰণৰ পৰা প্ৰায় দৃষ্টিৰ আঁতৰ হৈ পৰা অসম গণ পৰিষদ দলেও মিত্ৰতাৰ পৰা লাভান্বিত নোহোৱাকৈ থকা নাই। দুই দলৰ মাজত মিত্ৰতা নোহোৱা হ’লে অসমত কংগ্ৰেছেই অধিক লাভৱান হ’লহেঁতেন আৰু বিজেপি নেতৃত্বাধীন এই চৰকাৰখন ক্ষমতালৈ অহাৰ পথ সুগম নহ’লহেঁতেন। যোৱাটো নিৰ্বাচনত আন বহু কাৰকে বিজেপি মিত্ৰজোঁট চৰকাৰখন গঠনত সহায় কৰিছে যদিও অগপ-বিজেপিৰ মিত্ৰতা অবিহনে অংকটো বহু জটিল হৈ পৰিলেহেঁতেন।

যি কি নহওঁক অসমত বিজেপিৰ নেতৃত্বত মিত্ৰজোঁট চৰকাৰখনে দুবছৰ অতিক্ৰম কৰিলে। এই প্ৰায় দুবছৰীয়া কাৰ্যকালত অসমৰ জনসাধাৰণে চৰকাৰখনৰ পৰা আশা কৰা ধৰণে কোনো সুফল লাভ কৰা নাই। দুৰ্নীতিকে ধৰি কেইটামান বিষয়ত চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপক ৰাইজে আদৰণি জনাইছে যদিও ইয়াৰ সুফলসমূহ ধৰা নিদিয়ালৈকে ৰাইজ আশ্বস্ত নহয়। জনসাধাৰণে উন্নয়নৰ ক্ষেত্ৰত বিগত দুবছৰে পৰিৱৰ্তনৰ নামত আপোচ কৰি ল’লে। কিন্তু সময় বাগৰাৰ লগে লগে ৰাইজৰ ধৈৰ্যচ্যুতি ঘটিব, পৰিৱৰ্তনৰ হিচাপ-নিকাচ আৰম্ভ কৰিব আৰু অৱধাৰিতভাৱেই চৰকাৰক ইয়াৰ প্ৰতিশ্ৰুতি পালনৰ ব্যৰ্থতাৰ বাবে জবাবদিহি কৰিব। আপাতত: সেই দিনবোৰ চমু চাপি আহিছে।

অইন কথাবোৰ বাদ দিলে কংগ্ৰেছৰ দৰে বিজেপিয়েও উত্তৰ-পূৰ্বাঞ্চলত নিজৰ আধিপত্য বিস্তাৰৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে। ৰাষ্ট্ৰীয় দলবোৰৰ অসমকে ধৰি অষ্টলক্ষ্মীৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰতি দৰদ উঠলি উঠে। কিন্তু ইয়াৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ প্ৰতি তেওঁবিলাকৰ দৃষ্টি বৰ ক্ষীণ। সেয়েহে ইয়াৰ জলন্ত সমস্যাসমূহ সমাধান কৰাৰ পৰিৱৰ্তে তেওঁবিলাকে জীয়াই ৰখাৰ প্ৰতিহে অধিক আগ্ৰহী। কংগ্ৰেছে যেনেকৈ বিগত সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক কনা হাঁহক পতান দিয়াৰ দৰে কেৱল অস্থায়ী ‘বিকাশ’ৰ নীতিৰে উধাব দিয়া নাছিল বিজেপিয়েও ইয়াৰ জনসাধাৰণৰ মাজত বিভাজনৰ নীতি মেলি শাসনৰ পথ প্ৰশস্ত কৰিব বিচাৰিছে।

অসমৰ ক্ষেত্ৰত বিজেপিৰ নীতি অতি অস্পষ্ট আৰু এই মুহূৰ্তত মাথোঁ ক্ষমতাৰ সমীকৰণত ব্যস্ত দলটো। কিন্তু দলটোৱে এটা কথাত নিশ্চিত হ’ব পৰা নাই আৰু সেয়া হ’ল ধৰ্মীয় মেৰুবিভাজন অসমৰ ক্ষেত্ৰত কিমান সফল হ’ব পাৰে। ইয়াৰ বাবে তেওঁলোকে সম্পৰীক্ষা চলাইছে যদিও অসমীয়া জাতীয়তাবাদী শিৱিৰক সৈমান কৰাত বিফল হৈছে। অসমীয়া জাতীয়তাবাদৰ প্ৰতিনিধিত্ব কৰা অগপৰ প্ৰতিনিধিসকলে বিজেপিৰ নীতিত জীণ যাব পৰা নাই। ইয়াৰ কাৰণ স্পষ্ট। বিজেপিৰ ধৰ্মীয় মেৰুবিভাজনৰ নীতিক সমৰ্থন কৰা মানেই অগপৰ আঞ্চলিকতাবাদী ৰাজনীতিত আঁচোৰ পৰাৰ সম্ভাৱনা প্ৰৱল। সেয়েহে চৰকাৰৰ অংশীদাৰ দল হৈও অগপই দূৰত্ব বজাই ৰখাটো জৰুৰী হৈ পৰিছে। শেহতীয়াভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬’ৰ সম্পৰ্কত অগপৰ স্থিতি বিজেপিৰ বিপৰীতে যোৱাটো তেনেই স্বাভাৱিক আছিল। তথাপি বিজেপিয়ে অগপৰ স্থিতিক লৈ এতিয়াও স্পষ্ট মতামত আগবঢ়াব পৰা নাই। কিয়নো এই ইচ্ছ্যুত অসমৰ গৰিষ্ঠ সংখ্যক জনসাধাৰণৰ সমৰ্থন অগপই লাভ কৰাৰ সম্ভাৱনাই অধিক।

অসমৰ জাতীয়তাবাদী শিৱিৰৰ প্ৰধান শক্তি সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱেও বিজেপিৰ বৰ্তমান স্থিতিৰ বিপৰীত মেৰুত অৱস্থান কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে যোৱাটো বিধানসভাৰ নিৰ্বাচনত আছুৱে পৰিৱৰ্তনৰ সপক্ষে মত আগবঢ়াইছিল আৰু ইয়ে বিজেপিক ৰাজ্যখনত শাসনলৈ অহাত বিশেষভাৱে সহায় কৰিছিল। এই সকলোবোৰ প্ৰকৃততে সম্ভৱ হৈ উঠিছিল বিজেপিৰ নেতৃত্ব দিয়াৰ বাবে দলে এগৰাকী জাতীয়বাদী শিৱিৰৰ নেতা সৰ্বানন্দ সোণোৱালক প্ৰক্ষেপ কৰাৰ বাবে। কেৱল সেয়াই নহয় ইতিমধ্যে বিজেপিয়ে জাতীয়তাবাদী নেতাৰ আমদানিৰে অসমত সংখ্যাগৰিষ্ঠ অসমীয়াৰ সমর্থন লাভ কৰি চৰকাৰ গঠন কৰাৰ সুবিধা লাভ কৰিলে। কিন্তু এই জাতীয়তাবাদী শিৱিৰ এতিয়াও বিজেপিৰ পক্ষত আছেনে?

অসমৰ শেহতীয়া পৰিস্থিতিটোৱে সেই কথা অস্বীকাৰ কৰিছে। আছু, অগপ, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি অসমৰ জাতীয়তাবাদী সংগঠনসমূহে বিজেপিৰ স্থিতিক প্ৰত্যাহ্বান জনাইছে। ৰাজপথলৈ ওলাই অহা মানুহবোৰৰ শক্তিক উলাই কৰিব নোৱাৰি। এই মানুহবোৰৰ স্থিতি জাতীয়তাবাদৰ ভাৱাৱেগেৰে পৰিপূৰ্ণ। বিজেপিক শাসনত অনাৰ আঁৰতো এই লোকসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। বিজেপিয়ে কোনো কাৰণতে অসমীয়া জাতীয়তাবাদক আওকান কৰিব নোৱাৰে। অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ আৱেগ অনুভূতিক সন্মান জনাবই লাগিব। অন্যথা জাতীয়তাবাদী শিৱিৰৰ সমৰ্থন হেৰুৱাটো খাটাং। অসমৰ বিজেপি নেতৃত্বৰ মাজত থকা জাতীয়তাবাদী নেতাসকলৰ প্ৰতি থকা শেষ কণ আস্থাৰ বাবে এতিয়াও বিজেপিক ৰাজ্যখনৰ জনসাধাৰণে সমূলি প্ৰত্যাখ্যান কৰা নাই।

অসমৰ গৰিষ্ঠ সংখ্যক জাতীয়তাবাদী শিৱিৰৰ লোকেই এটা সংকটত ভূগি থাকিবলগীয়া হৈছে যে বিজেপিক প্ৰত্যাখ্যান কৰা মানেই আকৌ কংগ্ৰেছক ৰঙা দলিচা পাৰি দিয়াৰ দৰে হয়। অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ প্ৰতি লক্ষ্য ৰাখি জাতীয়তাবাদী শিৱিৰক লগত লৈ বিজেপিয়ে যদি তেওঁলোকৰ নীতি প্ৰস্তুত নকৰে তেতিয়াহ’লে বিজেপিৰ চাউল বেছি দিন যে নাই সেয়া প্ৰায় নিশ্চিত। যোৱা নিৰ্বাচনত অগপৰ দুৰ্বল স্থিতি আৰু লগতে বিজেপিয়ে অসমীয়া জাতীয়তাবাদক এক প্ৰকাৰ ‘হাইজেক’ কৰি অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল।এতিয়া অসমৰ মূল সমস্যা বিদেশী বহিস্কৰণৰ সমস্যাটোক লৈ কংগ্ৰেছৰ দৰে সুবিধাবাদী ৰাজনীতি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিলে অচিৰেই বিকল্প শক্তিয়ে মূৰ দাঙি উঠাটো প্ৰায় নিশ্চিত বুলি ক’ব পাৰি।

বিজেপিৰ একাংশ স্বাৰ্থলোভী নেতা আৰু কংগ্ৰেছী সংস্কৃতিৰে পৰিপুষ্ট নেতাই অসমীয়া জাতীয়তাবাদৰ ভাৱাৱেগক তুচ্ছ-তাচ্ছিল্য কৰি মাজে সময়ে মন্তৱ্য কৰি আহিছে। এওঁলোক প্ৰকৃততে বিজেপিত কোনো নীতি আদৰ্শৰ বাবে নহয়, মাত্ৰ তুষ্টিকৰণৰ ৰাজনীতিৰে ক্ষমতা কুক্ষিগত কৰি ৰখাৰ কামত ব্যস্ত। এওঁবিলাকৰ মাজৰে এচামে অসম চুক্তিক অৱজ্ঞা কৰাৰ লগতে আনকি উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বিষয়টোকো গুৰুত্বহীন বুলি মন্তৱ্য কৰি আহিছে। এই নেতাসকলৰ মাজৰে এগৰাকীয়ে বহুদিন ধৰি দিল্লীত সাংসদ হিচাপে থাকি এইবাৰ মন্ত্ৰীপদ লাভ কৰিলে যদিও তেওঁৰ কাম কাজত কোনো চমৎকাৰিতা নাই, আছে মাথোঁ বিতৰ্ক মন্তৱ্য দাঙি ধৰি সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ প্ৰয়াস। অসমৰ ৰাইজে এই সকলোবোৰ কথা লক্ষ্য কৰি আছে।

বৰ্তমান সময়ত কোনোৱে কাকো ভুল তথ্য বা ভুল ব্যাখ্যাৰে বেছিদিনলৈ পৰিচালিত কৰি ৰাখিব নোৱাৰে। তথ্য-প্ৰযুক্তিৰ উত্তৰণৰ আজিৰ দিনত সকলোৱে কম সময়ৰ ভিতৰতে প্ৰকৃত সত্য উদ্ঘাটন কৰিব পাৰে। সেয়েহে স্পষ্ট নীতিৰ আধাৰত দল আগবাঢ়িব লাগিব। ৰাইজক অন্ধকাৰত ৰাখি ক্ষমতাৰ বাঘজৰী হাতলৈ অনাটো প্ৰায় অসম্ভৱ হৈ পৰিছে।

অসমীয়া জাতীয়তাবাদক ‘হাইজেক’ কৰি বিজেপিয়ে ক্ষমতা দখল কৰিলেও সেয়া স্থায়িত্ব পোৱাৰ সম্ভাৱনা কম। কিয়নো অসমীয়া জাতীয়তাবাদ ইমান শক্তিশালী যে নিজৰ স্বাভিমান ৰক্ষাৰ বাবে ই সমস্ত বিষয়ভোগ ত্যাগ কৰিবলৈ সদা প্ৰস্তুত থাকে।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

August 26, 2025 6:30 am
ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

August 25, 2025 8:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

August 26, 2025 6:30 am
ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd