• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিভিন্ন দাবী লৈ অসম ৰাজ্যিক আশাকৰ্মী ইউনিয়ন আৰু অংগনবাড়ী কৰ্মচাৰী সন্মিলনৰ প্ৰতিবাদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 4, 2018 9:28 pm
anganbari
153
VIEWS
Share on FacebookShare on Twitter

বিধান সভাৰ বাজেট অধিবেশন চলি থকা মাজতে আজি দিছপুৰ লাষ্টগেটত অসম ৰাজ্যিক আশাকৰ্মী ইউনিয়ন আৰু অংগনবাড়ী কৰ্মচাৰী সন্মিলনে যৌথভাবে ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদকাৰী আশা কৰ্মী সকলে কৰা অভিযোগ অনুসৰি তেওঁলোকে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ অধীনত কাম কৰি আছে যদিও তেওঁলোকক চৰকাৰী কৰ্মচাৰী হিচাপে গণ্য কৰা নহয় তথা নিয়মীয়াকৈ মজুৰিও প্ৰদান কৰা নহয়। তদুপৰি, ২০১৫ চনৰ পৰা তেওঁলোকক ১০০০ টকা মাহিলী হিচাপত মজুৰি প্ৰদান কৰিছে যদিও সেয়া নিয়মীয়াভাবে প্ৰদান কৰা নাই আৰু তেওঁলোকৰ বাবে সেয়া পৰ্য্যাপ্ত নহয়।

আনহাতে, তেওঁলোকে জানিবলৈ দিয়া মতে অংগনবাড়ী কৰ্মী তথা মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত কৰ্মৰত ৰান্ধনীসকলৰ সমপৰ্য্যায়ৰ পৰিশ্ৰম আশাকৰ্মীসকলে কৰে যদিও মজুৰি কিন্তু সমপৰ্য্যায়ৰ নহয়।

অসম ৰাজ্যিক আশা কৰ্মী ইউনিয়নৰ ৰাজ্যিক সভানেত্ৰী মায়া দাসে নৰ্থ ইষ্ট নাওক কয়, ‘‘২০১৫ চনৰ পৰা মাহিলী ১০০০ টকাকৈ প্ৰদান কৰাৰ কথা আছিল যদিও সেই ধন নিয়মীয়াভাৱে পোৱাৰ পৰা আমি বঞ্চিত হৈ আছো। ৰাজ্য চৰকাৰৰ ফালৰ পৰা ১০০০ টকাৰ মাননি প্ৰদান কৰাৰ কথা স্বাস্থ্য মন্ত্ৰীয়ে ঘোষণা কৰিছিল যদিও সেই ধন আশাকৰ্মীসকলে লাভ কৰা নাই।‘

তাৎপৰ্য্যপূৰ্ণভাবে আশাকৰ্মীসকলৰ বাবে স্বাস্থ্য বিভাগটো উন্নত হোৱা বুলি স্বাস্থ্য মন্ত্ৰীয়ে মন্তব্য কৰা বুলি সদৰী কৰি সভানেত্ৰী মায়া দাসে প্ৰশ্ন কৰে যে যদি তেওঁলোকৰ বাবেই স্বাস্থ্যবিভাগটো উন্নত হৈছে তেন্তে কিহৰ বাবে চৰকাৰে তেওঁলোকক গুৰুত্ব প্ৰদান নকৰে?

আনহাতে, আশাকৰ্মী সন্থাৰ সভানেত্ৰী মালা দাসে আক্ষেপ প্ৰকাশ কৰি কয়, ‘‘১০০০ টকাৰে এটা পৰিয়াল কেতিয়াও চলিব নোৱাৰে। চৰকাৰে আমাক কামত যেনেদৰে খটুৱাইছে কিন্তু তাৰ বিনিময়ত প্ৰাপ্ত মজুৰিৰ পৰা বঞ্চিত কৰিছে। আশাকৰ্মীসকলক মাহিলী নুন্যতম ১৮,০০০ টকাৰ মজুৰি প্ৰদান কৰিবলৈ চৰকাৰক আমি কাতৰভাবে অনুৰোধ জনাইছো।‘’

আশাকৰ্মী ইউনিয়নৰ মূল দাবীসমূহ হৈছে ‘কেন্দ্ৰীয় চৰকাৰে দিয়া ১,০০০  টকা মাননি আৰু ৰাজ্য চৰকাৰে ঘোষণা কৰা ১০০০ টকা মিলাই মুঠ ২০০০ টকাৰ মাহিলী বানচ শীঘ্ৰে আদায় দিয়া, ‘হোম ভিজিট নিউ ব’ৰ্ণ বেবী’ আঁচনি অনুযায়ী আশাকৰ্মীসকলে পাবলগীয়া ২৫০ টকা আদায় দিয়া, আশা কৰ্মীৰ বকেয়া ধন আদায় দিয়া, চিকিৎসালয়সমূহত আশাকৰ্মীসকলৰ নিৰাপত্তাৰ ব্যৱস্থা কৰাৰ লগতে সুকীয়া জিৰণি কোঠাৰ ব্যৱস্থা কৰা, আশা কৰ্মীসকলৰ গুৰুতৰ ৰোগৰ চিকিৎসাৰ বাবদ ২৫,০০০ টকা চিকিৎসা সাহায্য ঘোষণা কৰা আৰু আশা কৰ্মীৰ মৃত্যু হ’লে ১ লাখ টকা সাহায্য দিয়াৰ কথা ঘোষণা কৰা, পলিষ্টাৰ কাপোৰৰ সলনি কপাহী কাপোৰৰ ইউনিফৰ্ম যোগান ধৰা ইত্যাদি।

আনহাতে সেই একেটা প্ৰতিবাদী কাৰ্য্যসূচীতে যোগদান কৰা অংগনবাড়ী কৰ্মচাৰী সন্মিলনে অভিযোগ কৰে যে বিগত বহুবছৰ ধৰি তেওঁলোকক চৰকাৰী চাকৰিয়াল হিচাপে গণ্য কৰিবলৈ, নিম্নতম ১৮,০০০ টকা দৰ্মহা প্ৰদান কৰা, ২৩ জনতকৈ অধিক শিশু থকা অংগনবাড়ী মিনি কেন্দ্ৰসমূহক পূৰ্ণাংগ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা ইত্যাদি দাবীসমূহ লৈ আন্দোলন-প্ৰতিবাদ কৰি আহিছে।

এই সন্দৰ্ভত সন্মিলনৰ সভানেত্ৰী ৰানীমা দাসে কয় যে আত্মসহায়ক গোট বিলাকক যিদৰে ২৫,০০০ টকাকৈ অনুদান দিছে, কিন্তু আমাক কিহৰ বাবে তেওঁলোকে মাহী আইৰ দৃষ্টিৰে চাইছে? কৰ্মীসকলক যি নুন্যতম ৩০০০ টকা প্ৰদান কৰা হয়, তাৰে পৰিয়াল পোহপাল দিয়াটো দূৰৰে কথা স্কুটীত তেল ভৰাবলৈও নুজুৰে। গতিকে তেওঁলোকে আমাৰ প্ৰতি এনে মাহী আই দৃষ্টিৰে নাচাই মাহিলী হিচাপত ১৮০০০ টকালৈ দৰ্মহা বৃদ্ধি কৰিবৰ বাবে আহ্বান জনাইছো।‘

অংগনবাড়ী কৰ্মচাৰী সন্মিলনৰ মূল দাবীসমূহ হৈছে মিনি অংগনবাড়ী কেন্দ্ৰ কৰ্মীক পুৰ্নাংগ কৰ্মীৰ সমহাৰত দৰমহা প্ৰদান কৰা, অংগনবাড়ী বিভাগত চলি থকা সকলো ধৰণৰ দুৰ্নীতিৰ তদন্ত কৰি দোষীসকলক শাস্তি প্ৰদান কৰাৰ লগতে পৰিচালনা কমিটিত সহায়িকা আৰু মিনি অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীকো অন্তৰ্ভূক্ত কৰা, কেন্দ্ৰসমূহত বিজুলীবাতি, বিশুদ্ধ খোৱা পানী আৰু গেছ চিলিণ্ডাৰ সহ সকলো আচবাব যোগান ধৰা ইত্যাদি।

দুয়োটা সংগঠনে প্ৰতিবাদৰ অন্তত উল্লেখিত দাবীসমূহ সম্বলিত স্মাৰক পত্ৰ মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰে।

 

Recent News

১০ লাখ গাজাবাসীক নিগাজিকৈ লিবিয়ালৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ!

১০ লাখ গাজাবাসীক নিগাজিকৈ লিবিয়ালৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ!

ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ লেখক ছলমান ৰুছদীক আক্ৰমণ কৰা ব্যক্তিক ২৫ বছৰৰ কাৰাদণ্ড

ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ লেখক ছলমান ৰুছদীক আক্ৰমণ কৰা ব্যক্তিক ২৫ বছৰৰ কাৰাদণ্ড

অভিলেখ গঢ়িও দোহা ডাইমণ্ড লীগত দ্বিতীয় স্থানতে থমকি ৰ’ল নীৰজ চোপ্ৰা

অভিলেখ গঢ়িও দোহা ডাইমণ্ড লীগত দ্বিতীয় স্থানতে থমকি ৰ’ল নীৰজ চোপ্ৰা

উত্তৰ প্ৰদেশতো অবৈধ বাংলাদেশীৰ সমস্যা! মথুৰাত আটক ৯০ টা সন্দেহযুক্ত বিদেশী

উত্তৰ প্ৰদেশতো অবৈধ বাংলাদেশীৰ সমস্যা! মথুৰাত আটক ৯০ টা সন্দেহযুক্ত বিদেশী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd