ভাৰতৰ ইতিহাসৰ ই এক স্বীকৃত সত্য যে বহু অনাৰ্য দেৱ-দেৱী, জাতি-উপজাতি, আখ্যান, জনশ্ৰুতি, আচাৰ-নীতি আৰু উপাসনাস্থলী পৰৱৰ্তী সময়ত আৰ্যীকৃত হৈছে। হিন্দুধৰ্মৰ এগৰাকী মূল দেৱতা শিৱ আদিতে এক অনাৰ্য দেৱতা আছিল বুলি বহু পণ্ডিতে মতপোষণ কৰে। ভাৰতত বৌদ্ধধৰ্মৰ প্ৰসাৰে হিন্দুধৰ্মক প্ৰত্যাহ্বান জনোৱাত ব্ৰাহ্মণসকলে ভিন ভিন সময়ত অনাৰ্যৰ আৰ্যীকৰণৰ কাৰ্যসূচী হাতত লৈ সেই প্ৰত্যাহ্বান প্ৰতিহত কৰি আৰ্যধৰ্মৰ বিস্তৃতিত গুৰুত্বপূ্ৰ্ণ ভূমিকা গ্ৰহণ কৰে।
এই পৰিপ্ৰেক্ষিততে কেতবোৰ তাৎপৰ্যপূৰ্ণ সূচকৰ উপস্থিতিয়ে আমাৰ মনত এই প্ৰশ্নৰ অৱতাৰণা কৰিছে : অসমৰ নলবাৰী জিলাৰ বেলশৰ গাঁৱত অৱস্থিত বিল্বেশ্বৰ দেৱালয়ো দৰাচলতে এক আৰ্যীকৃত অনাৰ্য-পীঠ নেকি?
দুখৰ বিষয়– আখ্যান আৰু আন্দাজৰ ডাঠ কুঁৱলী ভেদি সঠিক ঐতিহাসিক গৱেষণাৰ যোগেদি আজিকোপতি কোনেও এই দেৱালয় সম্পৰ্কীয় সম্পূৰ্ণ সত্য উন্মোচন কৰা নাই। আমি ইতিহাসৰ ছাত্ৰ, শিক্ষক বা গৱেষক নহওঁ যে তেনে প্ৰণালীবদ্ধ গৱেষণাৰ দায়িত্ব ল’ব পাৰিম। কিন্তু, কিছু চমৎকাৰ তথ্যৰ সহায়ত ভৱিষ্যতৰ আগ্ৰহী গৱেষকৰ বাবে আমি কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰিম।
ড0 মহেশ্বৰ নেওগে, “পৱিত্ৰ অসম” নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে এই দেৱালয় কেতিয়া স্থাপিত হৈছিল সেয়া জনা নাযায়। ষোল-সোতৰ শতিকাৰ গ্ৰন্থ যোগিনীতন্ত্ৰত ‘বিল্বশ্ৰী’ নামৰ এক পৰ্বতৰ উল্লেখ আছে। বিল্বেশ্বৰ দেৱালয় থিয় দি থকা ঠাইতো বা তাৰ সন্নিকট ঠাইতো ‘ৰঙা মাটিৰ এটি টিলা’ আছিল বুলি জনশ্ৰুতিত পোৱা যায়। কিন্তু, যোগিনীতন্ত্ৰৰ ‘বিল্বশ্ৰী’য়ে বিল্বেশ্বৰৰ টিলাকে সূচাইছে বুলি দাবী কৰিব নোৱাৰি। কামৰূপৰ বুৰঞ্জীৰ উল্লেখেৰে ড০ নেওগে কৈছে যে ইংৰাজী ১৫২৯ চনত নাগাক্ষ নামে এক ৰজাই এই দেৱালয়ৰ মঠ বান্ধি দিয়ে। পৰৱৰ্তী সময়ত আহোম স্বৰ্গদেউ লক্ষ্মীসিংহই তাৰ জৰাজীৰ্ণ মঠ নকৈ বান্ধি দিছিল বুলি তাত থকা শিলৰ ফলিত উল্লেখ আছে। স্বৰ্গদেউ শিৱসিংহয়ো তালৈ ভূ-সম্পত্তি দান কৰিছিল।
নাগাক্ষ কোন সেই সম্পৰ্কে বুৰঞ্জীত বিশেষ তথ্য পোৱা নাযায়। তেওঁ যদি ষোল শতিকাৰ ৰজা হয় তেন্তে তেওঁ এক ক্ষুদ্ৰ ৰাজ্যৰ ৰজা হ’ব লাগিব। কাৰণ সেই সময়ত অসমৰ পূবে-পশ্চিমে আহোম আৰু কোচসকলে ৰাজত্ব কৰি আছিল। এনে ক্ষুদ্ৰ ৰাজ্যৰ ৰজাই মঠ-মন্দিৰ সজাব পৰাকৈ উদ্বৃত্ত আহৰণ কৰিব পাৰিছিল বুলি ধাৰণা কৰা টান। কথিত আছে যে নাগাক্ষৰ আন এক নাম নাগশংকৰ। তেন্তে কি এওঁ চতুৰ্থ শতিকাৰ সেইজন নাগশংকৰ বা নৰশংকৰ বা নাগাক্ষ যিয়ে চতিয়াৰ প্ৰসিদ্ধ নাগশংকৰ মন্দিৰ নিৰ্মাণ কৰাইছিল?
তেনেক্ষেত্ৰত বিল্বেশ্বৰ দেৱালয়ৰ বয়স পাঁচ শ বছৰ নহৈ সোতৰ শ বছৰ হ’বগৈ। পিছে ইয়াৰ স্থাপত্য আহোম স্থাপত্যৰ লগত মিলে। এনেও হ’ব পাৰে যে নাগাক্ষ-নিৰ্মিত মঠটো এতিয়া নাই আৰু যিটো আছে সেইটো লক্ষীসিংহই নৱ-নিৰ্মাণ কৰাই থৈ যোৱা মঠহে। দেৱালয়ত প্ৰাপ্ত শিলৰ ফলিতো এনে এটা কথা উল্লেখ আছে : “বিল্লেশ্বৰ-জীৰ্ণ-মঠোদ্ধাৰ…শ্ৰীশ্ৰীলক্ষ্মীসিংহেন উদ্ধাৰিত… জীৰ্ণমঠঃ”।
এতিয়া আমি আৰ্যীকৰণৰ প্ৰসংগলৈ আহোঁ। ইতিমধ্যেই কোৱা হৈছে যে বহু ইতিহাসবিদৰ মতে অনাৰ্য দেৱতা শিৱক আৰ্যীকৃত কৰা হৈছে। ব্ৰহ্মা-বিষ্ণুৰ তুলনামূলকভাৱে অৰ্বাচীন পোচাক-পৰিচ্ছদৰ বিপৰীতে শিৱই পৰিধান কৰে বাঘৰ ছাল আৰু সৰ্প। লেংটা বা আধালেংটা দেৱতা বুলিও তেওঁ জনাজাত। সেৱন কৰি ভাল পায় ভাং। এইবোৰে তেওঁৰ অনাৰ্য-মূলৰ ইংগিত কৰে। কিন্তু, বিল্বেশ্বৰ দেৱালয়, ঘাইকৈ শিৱালয় বুলিয়ে সি আদিতে অনাৰ্য-পীঠ আছিল বুলি ঠাৱৰ কৰিব নোৱাৰি। কাৰণ, এই দেৱালয়ৰ স্থাপনৰ বহু আগতেই নিশ্চয় শিৱৰ আৰ্যীকৰণ হৈ গৈছে। অন্যান্য ইংগিতৰ ভিত্তিতহে আমি ই আদিতে অনাৰ্য-পীঠ আছিল বুলি অনুমান কৰিছোঁ।
কিন্তু, অসমৰ বহু জনগোষ্ঠীৰ মাজত লিংগ-পূজা, যোনি-পূজাৰ সমান্তৰালকৈ বুঢ়াদেৱতা আৰু বুঢ়ীগোসাঁনীৰ দৰে দুই পুৰুষ-স্ত্ৰী দেৱ-দেৱীৰ উপাসনা চলিছিল। উদাহৰণ- দেউৰী জনগোষ্ঠী। আদিতে হয়তো বিল্বেশ্বৰ কেন্দ্ৰিক অঞ্চলটোৰ মানুহৰ মাজতো এনে দুই দেৱ-দেৱীৰ পূজা চলিছিল। কালক্ৰমত হয়তো আৰ্যীকৰণৰ ফলস্বৰূপে তেওঁলোক শিৱ-পাৰ্বতীলৈ ৰূপান্তৰিত হ’ল। আৰ্যীকৃত শিৱ-পাৰ্বতীৰ নগ্ন-মূৰ্তি সাধাৰণতে দেখা নাযায়। কিন্তু, বিল্বেশ্বৰ দেৱালয়ৰ মঠৰ গাত খোদিত শিৱ-পাৰ্বতী(?)ৰ মূৰ্তি সম্পূৰ্ণ নগ্ন। তাত ব্ৰহ্মা-বিষ্ণুৰ লগতে অন্যান্য মূৰ্তিও আছে; আনকি শিৱৰে বেলেগ বেলেগ মূৰ্তি আছে যিবোৰ নগ্ন নহয়। কোনো কোনো মূৰ্তিত ৰূদ্ৰাক্ষ খোদিত কৰি নগ্নতা ঢকা হৈছে। কিন্তু, পূবফালৰ বেৰৰ নিম্নভাগত খোদিত মূল মূৰ্তি দুটা নগ্ন। এয়া চাগৈ আৰ্য-অনাৰ্য সংস্কৃতিৰ সংমিশ্ৰণৰেই এক সুন্দৰ চানেকি। হয়তো নতুনকৈ আৰ্যীকৃত হোৱা মানুহখিনিয়ে পূৰ্বৰ আৰাধ্য দেৱ-দেৱীৰ বৈশিষ্ট্যক নেওচা দিব পৰা নাছিল।
আৰ্য শিৱ এক নিৰামিষাহাৰী দেৱতা। কিন্তু, চমকপ্ৰদ কথা এই যে আলোচ্য শিৱালয়ত মহাদেউ শিৱক খাহী ছাগলীৰ মাংসৰে ভোগ দিয়া হয়। আদিতে ই যদি অনাৰ্য-পীঠ নাছিল তেন্তে এই অদ্ভুত পৰম্পৰাৰ উদ্ভৱ কেনেকৈ হ’ল? ই দেখ-দেখকৈ এক অনাৰ্য আচাৰ ইংগিত নকৰেনে? অন্য কোনো শিৱালয়ত শিৱক খাহীৰ মাংসৰ ভোগ দিয়া হয়নে?
দুৰ্গাপূজাত ইয়াত ম’হ বলি দিয়া হয়। কিন্তু, স্থানীয় ৰাইজে সেই ম’হৰ মাংস নাখায়। পৰম্পৰা মতেই ওচৰ-পাজৰৰ বড়ো মানুহ আহি বলি দিয়া ম’হৰ মাংস কাটি-বাছি ভগাই লৈ যায়। এনে হ’ব পাৰে নেকি যে আদিতে বেলশৰ গাওঁখনো অনাৰ্য বড়ো মানুহৰ বসতি স্থল আছিল? শ শ বছৰ আগতে তেওঁলোকে তেওঁলোকৰ পীঠত ম’হ বলি দিছিল আৰু তাৰ মাংসও খাইছিল? পৰৱৰ্তী সময়ত আৰ্যীকৰণৰ প্ৰভাৱত তেওঁলোকৰ একাংশই কি কলিতালৈ ৰূপান্তৰিত হ’ল? এনে হ’ব পাৰে নেকি যে আৰ্যীকৃত আৰু উচ্চবৰ্ণলৈ ৰূপান্তৰিত লোকসকলে আগৰদৰেই ম’হ বলি দি থাকিলেও তাৰ মাংস খাবলৈ এৰিলে, কিন্তু উচ্চবৰ্ণলৈ ৰূপান্তৰিত নোহোৱা বড়োসকলে সেই মাংস ভক্ষণ কৰিবলৈ নেৰিলে?
‘বেলশৰ’ নামটো ‘বিল্বেশ্বৰ’ শব্দৰ পৰা অহা বুলি নানাজনে কয়। বহু অনাৰ্য শব্দকে পৰৱৰ্তী কালত আৰ্যীকৃত কৰি সিবোৰক সংস্কৃত-উদ্ভুত বুলি দেখুওৱা হৈছিল। ‘ব্ৰহ্মপুত্ৰ’ শব্দটো বড়োমূলীয় ‘ভুল্লুংবুথুৰ’ শব্দৰ পৰা অহা বুলি বিষ্ণুৰাভাই দেখুৱাই থৈ গৈছে। ‘বেলশৰ’ শব্দটোৱো বড়োমূলীয় নেকি বাৰু? বেলশৰৰ গাতে লাগি থকা এখন গাঁৱৰ নাম ‘বিহামপুৰ’। দেখ-দেখকৈ ই বড়ো আৰু সংস্কৃত ভাষাৰ দুই শব্দৰ মিশ্ৰণ। বড়ো ভাষাত ‘বিহম’ মানে বোৱাৰী আৰু সংস্কৃতত ‘পুৰ’ মানে নগৰ। বিহামপুৰৰ খাৰশিঠা নামৰ চুবুৰীৰ একাংশ লোকে এখন নিৰ্দিষ্ট পথাৰক ‘দাবো’ বুলি কয়। ইফালে বড়ো ভাষাত ‘দাব’ মানে পথাৰ! এইখিনি মানুহৰ ভাষাত অনুস্বাৰৰ মাত্ৰা বেছি, যিটো বড়োৰ দৰে মংগোলীয় ভাষাৰ লক্ষণ। যেনে- খাং (খাওঁ), যাং (যাওঁ) আদি। এই বৈশিষ্ট্যটো বেলশৰৰ মানুহৰ কথ্য ভাষাতো আছে।
অৰ্থাৎ বিল্বেশ্বৰ মন্দিৰৰ আশ-পাশৰ অঞ্চলত অনাৰ্য, বিশেষকৈ বড়ো, ভাষা-সংস্কৃতিৰ নানা উপাদান আজিও সিঁচৰতি হৈ পৰি আছে। এইবোৰৰ সঠিক ঐতিহাসিক গৱেষণাই হয়তো চিচেম ফাক কৰি দিব পাৰে ইতিহাসৰ বহু হেৰাই যোৱা অথচ ৰোমাঞ্চকৰ সত্যৰ। আখ্যানৰ বহু তৰপীয়া ধূলি আঁতৰাই কোনোবাই এদিন বিল্বেশ্বৰ দেৱালয়ৰ অনুদ্ধৃত আচল ইতিহাস পোহৰলৈ উলিয়াই আনিব পাৰিবনে– পাকৈত ডুবাৰুৱে সাগৰতলিৰ শংখ উঠাই অনাৰ নিচিনাকৈ?
(লেখাটো প্ৰস্তুত কৰাত সহযোগৰ বাবে বেলশৰীয়া বন্ধু জিতু হালৈৰ শলাগ লৈছোঁ – লেখক)
শিৱজিত দত্ত, লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক